বিহুগীতেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি অসম আৰক্ষীৰ, চাওক ভিডিঅ’-
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ কেৰালা আৰক্ষীৰ সজাগতামূলক ভিডিঅ’ৰ পাছত শনিবাৰে অসম আৰক্ষীয়েও প্ৰচাৰ কৰিছে ক’ৰোনা ভাইৰাছৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰে এক ভিডিঅ’ ।
অসম আৰক্ষীৰ ফেচবুক পেজত শনিবাৰে শ্বেয়াৰ কৰা হয় সেই বিশেষ ভিডিঅ’টো ৷ ভিডিঅ’টোত এজন আৰক্ষী জোৱানে বিহুসুৰীয়া গীতেৰে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে । এই গানটোৰ জৰিয়তেই হাত ধোৱাৰ বার্তা দিছিল আৰক্ষীজনে৷ লগতে বাহিৰলৈ ওলালে মাস্ক পিন্ধিবলৈও আহ্বান কৰা হৈছে ভিডিঅ’টোত ।
চাওক সেই বিশেষ ভিডিঅ’টো-
সবল হৈ থাকক ! এয়া সংকটৰ সময় । কিন্তু ঐক্যবদ্ধভাৱে সাৱধানতা অৱলম্বন কৰি আমি ইয়াক প্ৰতিহত কৰিব পাৰিম।Stay strong! These are difficult times, but together, with precautions, we shall overcome. #IndiaFightsCorona
Posted by Assam Police on Saturday, March 21, 2020
উল্লেখ্য যে প্ৰতিদিনাই স্বাস্থ্য বিভাগৰ লগতে, অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে ভিডিঅ’ৰ যোগেদি ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ চেষ্টা কৰিছে ।