নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ৰামপুৰৰ নাথপাৰা প্রাথমিক বিদ্যালয়ত উৎসাহ সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত বিশিষ্ট লেখক কমল কলিতাৰ ওপজা দিন উপলক্ষে এখন কুইজ প্রতিযোগিতা অনুষ্ঠিত হয় ৷ প্রতিযোগিতাৰ ‘ক’ শাখাত প্রথম জুমন কুমাৰ আৰু ৰাকেশ দাস, দ্বিতীয় ভার্গৱ কলিতা আৰু জ্ঞানজ্যোতি ৷ ‘খ’ শাখাত প্রথম মামণি কৈৱৰ্ত আৰু বৰষা কৈৱর্ত, দ্বিতীয় কৌশিক নাথ আৰু আকাশ কলিতা ৷ এই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি মৃণালিনী দেৱীয়ে ছাত্র–ছাত্রীক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে ব্যৱহাৰিক শিক্ষাত গুৰুত্ব আৰোপ কৰে ৷ নাথপাৰা প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক অখিল কলিতাই উদ্বোধন কৰা প্রতিযোগিতাখনৰ অন্তত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰে খিদিৰপুখুৰী কৈৱর্তপাৰা প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক মৃগেন্দ্র কলিতা আৰু বালিকা বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী নৱনীতা ৰাজবংশীয়ে৷ অখিল কলিতাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মানৱেন্দ্র মেধিয়ে ৷
Prev Post
You might also like