নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

মূল্যবৃদ্ধি-অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰতিবাদ

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ৪৮ নং বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ তৎপৰতাত দিনৰ ১১ বজাত বকোস্থিত কেন্দ্ৰীয় ৰেচম গৱেষণা কেন্দ্ৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বকো বিধানসভা সমষ্টিৰ কেইবাসহস্ৰ দলীয় কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বকোত হোৱা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছ কমিটিৰ বিষয়া যতীন মালী, ছয়গাঁও সমষ্টিৰ বিধায়ক তথা দলৰ সম্পাদক ৰেকিবুদ্দিন আহমেদ, জ্যেষ্ঠ কংগ্ৰেছী নৃপেন ঠাকুৰীয়া, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, দলৰ মুখপাত্ৰ দিলীপ শৰ্মা, সম্পাদক ধৰ্ম জৈন, নুৰ মহম্মদ, বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা আৰু ধানেশ্বৰ বায়ন আদিৰ লগতে বহুকেইজন নেতা।

You might also like