নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষাৰ আৱেগ উজাৰি বস্ত্ৰনগৰীত জনসমুদ্ৰ

বৰ্ণল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত সভাপতিক বিপুল আদৰণি

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ অগিত জনতাৰ উষ্ম আদৰণিৰ মাজেৰে দেওবাৰে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে কুলধৰ শইকীয়াই। নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰিবলৈ দেওবাৰে পুৱাৰে পৰা উখল মাখল হৈ পৰিল শুৱালকুছি। এক ঐতিহাসিক মহূৰ্তৰ সাক্ষী হৈ ৰল পূব মানচেষ্টাৰ খ্যাত চহৰখন। ব্ৰহ্মপুত্ৰৰ দাঁতিত সাজি উলিওৱা জ্যোতিক্ষেত্রত বিৰাজ কৰিলে উদুলি–মুদুলি পৰিৱেশ৷ সাহিত্যৰ পৃথিৱীত এক কল্পনা কৰিব নোৱাৰা দৃশ্য৷ এটা সাহিত্য সংগঠনৰ এগৰাকী মুৰব্বীৰ প্রতি জনতাৰ কিমান আগ্রহ, কিমান সন্মান আৰু তেওঁৰ পৰা কিমান আশা কৰিলে এনেদৰে হিলদল ভাঙি জনতা ওলাই আহে, সেয়াই দৃশ্যমান হৈ পৰিল শুৱালকুছিত৷ চিৰ চেনেহী মোৰ ভাষা জননীৰ আৱেগ উজাৰি বস্ত্রনগৰী আজিৰ দিনটোত একপ্রকাৰ জনসমুদ্রত পৰিণত হ’ল৷ শুৱালকুছিত আয়োজিত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ আজি আছিল তৃতীয়টো দিন৷ পতাকা উত্তোলন আৰু শ্বহীদ তর্পণেৰে আৰম্ভ হয় দিনটোৰ কার্যসূচী৷ সভাৰ নতুন সভাপতিগৰাকীয়ে অধিৱেশনস্থলীত ভৰি দিব৷ তেওঁক আদৰিবলৈ পুৱাৰে পৰা আয়োজকসকল তৎপৰ হৈ পৰিল৷ আমিনগাঁৱৰ পৰিদর্শন বাংলোত থকা নৱনির্বাচিত সভাপতিগৰাকীক আদৰি আনিবলৈ সাজু কৰি ৰখা হৈছিল এখন বিশেষ সু–সজ্জিত ৰথ৷ বিগত দুসপ্তাহ ধৰি শুৱালকুছি বস্ত্র শিল্পৰ চানেকিৰে এই বাহনখন সাজু কৰি তুলিছে শিল্পী নুৰুদ্দিন আহমেদে৷ দিনৰ প্রায় ১১.৩০ বজাত ৰথত উঠিল অসম সাহিত্য সভাৰ নতুন সভাপতি কুলধৰ শইকীয়া৷ তেওঁক তাৰ পৰা আদৰি আনিলে আন কেইবাখনো ৰথে৷ প্রতিখন ৰথতে অসমীয়া বর্ণিল সংস্কৃতিৰ সাৱলীল প্রকাশ৷ আয়তী, নাগাৰা নাম, জিকিৰ–জাৰী, বিহু দলৰ শিল্পীৰ দল কঢ়িয়াই অনা কেইবাখনো বাহনে আদৰি আনিলে সভাপতিগৰাকীক৷ বাটে বাটে জনতাৰ সম্ভাষণ৷ পথৰ দাঁতিত গামোচা আঁৰি, কলপুলি পুতি ৰাইজে আদৰিছে নতুন ৰূপত অহা অসম আৰক্ষীৰ প্রাক্তন সঞ্চালকজনক৷ দীঘলীয়া এছোৱা পথ বিপুল আদৰণি গ্রহণ কৰি কুলধৰ শইকীয়া উপস্থিত হ’ল শুৱালকুছিত৷ শুৱালকুছি বস্ত্র উদ্যানৰ সমীপত তেওঁৰ বাবে ৰৈ আছিল কাহানিও কল্পনা কৰিব নোৱাৰা এক পৰিৱেশ৷ তিনি কিলোমিটাৰৰো অধিক দূৰলৈ বিস্তৃত এক বিশাল সাংস্কৃতিক সমদল৷ জাতীয়–জনগোষ্ঠীয় সাজপাৰ পৰিহিত হাজাৰ হাজাৰ মহিলা৷ ডিঙিত গামোচা, হাতত জাপি, কলহ৷ সভাপতিগৰাকীক আদৰিবলৈ ৰৈ আছিল অসমৰ বর্ণাঢ়্য সংস্কৃতিক প্রতিনিধিত্ব কৰা সাংস্কৃতিক দল৷ এইবাৰ আৰম্ভ হ’ল জ্যোতি–বিষ্ণু–ভূপেন্দ্র সোঁৱৰণী ‘মহাবাহু ব্রহ্মপুত্র’ শীর্ষক সাংস্কৃতিক সমদলৰ এক যাত্রা৷ সন্মুখত চাৰিটাকৈ হাতী৷ তাৰ পাছত দূৰলৈ মণিব নোৱাৰাকৈ কলহ, জাপিসহ মহিলাৰ শাৰী৷ ঢুলীয়া, গায়ন–বায়ন, বেণ্ড পার্টী, বিহু দল– এক উছাহভৰা পৰিৱেশ৷ লগে লগে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক দল৷ ভাওনা, হোলীগীত, ভোৰতাল নৃত্য, ঢ়োল–পেঁপা, মহহো, নাগাৰা নামৰ শিল্পীৰ দল, অসমৰ গাঁও–পথাৰ–নামঘৰ দৃশ্যায়ন– যেন অসমখনেই সাৰ পাই উঠিছে এই সাংস্কৃতিক শোভাযাত্রাত৷ ৰাজ্যৰ প্রায় প্রতিটো জাতি–জনগোষ্ঠীক প্রতিনিধিত্ব কৰা সাংস্কৃতিক দলৰ অংশগ্রহণে আকর্ষণীয় কৰি তোলে শোভাযাত্রা৷ বিহুনৃত্য, বড়োনৃত্য, ৰাভানৃত্য, জিকিৰ–জাৰী, ওজাপালি পৰিৱেশন কৰি আগবাঢ়ি যায় শোভাযাত্রা৷ খোল–তাল লৈ গায়নে–বায়নে, আয়তীসকলে নাম–কীর্তন কৰি, যুৱতী–মহিলাই পৰম্পৰাগত সাজত কঁকালত পিতলৰ কলহ লৈ আগবাঢ়ি যোৱা মনোৰম দৃশ্যই সকলোকে আপ্লুত কৰে৷ শুৱালকুছিৰ ৰাইজৰ স্বতঃস্ফূর্ত সহযোগত শিশুকে ধৰি ডেকা–গাভৰু–বৃদ্ধ–ব অংশগ্রহণ কৰা শোভাযাত্রাকাৰীসকলে হৰিনামৰ অমিয়া ধ্বনি, খোল–তালৰ শব্দ, আইনাম, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, সত্রীয়া সংস্কৃতি, জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিৰ প্রদর্শনৰ লগতে মহামানৱ মহাত্মা গান্ধীৰ জীৱন্ত প্রতিমূর্তি, বীৰ লাচিত আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন্ত মূর্তি প্রদর্শন কৰে৷ মুখৰিত হৈ পৰে শুৱালকুছি৷ এই বিশাল বর্ণিল শোভাযাত্রা সমগ্র শুৱালকুছি পৰিভ্রমণেৰে জ্যোতিক্ষেত্রৰ অতুল চন্দ্র বৰুৱা মূল মঞ্চৰ অস্থায়ী প্রেক্ষাগৃহত সামৰণি পৰে৷ উল্লেখ্য যে সাহিত্য সভাৰ নতুন সভাপতিজনক এবাৰ ওচৰৰ পৰা চাবলৈ ৰাস্তাৰ কাষত শাৰী পাতি ৰৈ আছিল হাজাৰ হাজাৰ জনতা৷ হাতযোৰ কৰি, হাত জোকাৰি তেওঁক জনালে সম্ভাষণ৷ বিনম্র এটি হাঁহিৰে সেই সম্ভাষণ স্বীকাৰ কৰি যায় কুলধৰ শইকীয়াই৷ ৰথত তেওঁক সংগ দিয়ে কামৰূপ গ্রাম্য জিলাৰ উপায়ুক্তই৷ অৱশেষত সকলো উৎসুকতাৰ অন্ত পেলাই প্রায় তিনি বজাত অধিৱেশনস্থলীত উপস্থিত হয় পাটৰ চুৰিয়া–কামিজ পৰিহিত নৱনির্বাচিত সভাপতিগৰাকী৷ হাজাৰ হাজাৰ জনতাই হর্ষোল্লাসেৰে পুনৰ এবাৰ জনালে উষ্ম সম্ভাষণ৷ শুৱালকুছিত ব্রহ্মপুত্রৰ পাৰত ১২০ বিঘা মাটিক সামৰি সাজি উলিওৱা জ্যোতিক্ষেত্রত কুলধৰ শইকীয়াই দেওবাৰে এনেদৰে এক অভূতপূর্ব পৰিৱেশৰ মাজত গ্রহণ কৰিলে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব৷
১৭৭খন পতাকা উত্তোলনেৰে বৰলুইতৰ পাৰত সাহিত্য সভাৰ জয়ধ্বনি
দেওবাৰে পুৱা ৮.৪৫ বজাত এক বর্ণিল পৰিৱেশৰ মাজত বৰ লুইতৰ পাৰ উদ্বেলিত কৰি শুৱালকুছিৰ জ্যোতিক্ষেত্রত মংগল ধ্বনিৰ মাজত একেলগে একে সময়তে ১৭৭খন পতাকা উৰুৱাই অসম মাতৃৰ জয়ধ্বনি বজালে সাহিত্য সভাৰ বিষয়ববীয়া আৰু কর্মকর্তাসকলে৷ সমগ্র অঞ্চল ৰজনজনাই গ’ল জাতীয় সংগীত ‘অ’ মোৰ আপোনৰ দেশ’ গীতেৰে৷ গাম্ভীর্যপূর্ণ পৰিৱেশত পতাকা উত্তোলনস্থলীত সমাৱেত হৈ ভাষা ৰক্ষাৰ সংকল্প লয় শ শ সাহিত্যপ্রমীয়ে৷ অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰি সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অসমৰ ভাষা–সাহিত্য, কৃষ্টি–সংস্কৃতি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে অসম সাহিত্য সভাই চেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰি কয় যে দেশৰ ৰাষ্ট্রীয় পতাকাৰ পাছতে অসম সাহিত্য সভাৰ জাতীয় পতাকা৷ তেওঁ কয়– ‘এই জাতীয় পতাকাৰ তলত আমি সকলোৱে থিয় হৈ বুকুত হাত দি অসম মাতৃক সকলো দিশতে সুৰক্ষিত কৰাৰ সংকল্প ল’ব লাগিব৷’ যোৱা ১০৩ বছৰে অসম সাহিত্য সভাই এইখন পতাকা উৰুৱাই জাতি ৰক্ষাৰ হকে আগবাঢ়ি যোৱাৰ কথা দোহাৰি তেওঁ কয় যে জাতিটোৰ যিকোনো সংকটৰ সময়ত অসম সাহিত্য সভা সদায় আগত থাকে৷ তেওঁ পুনৰ কয়– জাতিৰ উন্নতিৰ হকে অসম সাহিত্য সভাই সদায় মাত মাতি যাব৷ অসম সাহিত্য সভাই ক্রমাগতভাৱে আগবাঢ়ি গৈ আজি বিশ্বব্যাপ্ত হৈ পৰাত আমি আজি গৌৰৱান্বিত হৈছেছা৷ অসমীয়া ভাষাৰ উন্নতিৰ সংগ্রাম সদায় অব্যাহত থাকিব৷ আমি প্রত্যেকজনে অসমীয়াৰ হকে কাম কৰাৰ সংকল্প গ্রহণ কৰা উচিত৷ ৯ বজাত জাতীয় আন্দোলনৰ শ্বহীদলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে শ্রীশ্রীহাটীসত্রৰ সত্রাধিকাৰ ৰাজীৱলোচন সন্ত আৰু সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক প্রকাশ দাসে৷ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োগৰাকীয়ে জাতীয় শ্বহীদসকলৰ ত্যাগক শ্রদ্বাৰে স্মৰণ কৰে৷ ৯.৩০ বজাত স্মৃতি তর্পণ কৰে মুক্তিযুঁজাৰু ভাৰত চন্দ্র বৈশ্য আৰু প্রফুল্লপ্রাণ মহন্তই৷ ১০ বজাত জোনাকৰ ৰাতিৰ আৰতি কবি সন্মিলন সঞ্চালনা কৰি কিশোৰ কুমাৰ জৈনে কবিতাই মানুহৰ জীৱনৰ স্পন্দন বুলি উল্লেখ কৰি সুশীল শর্মা এগৰাকী প্রতিষ্ঠিত আগশাৰীৰ কবি আছিল বুলি দোহাৰে৷ কবি সন্মিলনত ৪০গৰাকী আমন্ত্রিত কবিয়ে কবিতা পাঠ কৰি সাহিত্যৰ এক সুবাস সৃষ্টি কৰে৷ অনুষ্ঠানত মণিকা দাস, নৱ ৰাজন, নয়ন কাশ্যপ আৰু বৈকুণ্ঠ ৰাজবংশী উপস্থিত থাকে৷ ইয়াৰ পূর্বে কালি অনুষ্ঠিত প্রতিনিধি সভাত আলফা–চৰকাৰৰ আলোচলা সন্দর্ভত অসম সাহিত্য সভাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ আৰু অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আদি সকলো দিশ সুৰক্ষিত কৰাৰ স্বার্থত আলফা সমস্যা সমাধানত সাহিত্য সভাই দিক নির্ণায়ক ভূমিকা ল’বলৈ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ উপৰি বডো়লেণ্ডত হোৱা নতুন চুক্তি মতে তাত বসবাস কৰা খিলঞ্জীয়াসকল যাতে দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে বসবাস কৰি থাকিবলগীয়া নহয়, তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সংবিধান সংশোধন কৰি সভাপতি নির্বাচনৰ নতুন ব্যৱস্থা গ্রহণ কৰাৰ পৰামর্শও সভাই গ্রহণ কৰে৷ লগতে সভাই উপদেষ্টা পদ সৃষ্টি নকৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷ সভাই পৰৱর্তী মধ্যকালীন অধিৱেশন মাজুলীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰে৷

You might also like