নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই ভাগৰা নাই, জীৱন হেৰুৱা নাই… ভাগৰি নপৰা জুবিন

জুবিনৰ আশু-আৰোগ্যৰ কামনাৰে ৰাজ্যজুৰি প্ৰাৰ্থনা

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ জুবিন, জাতীয় জীৱনৰ এটা সত্ত্বা। আজীৱন প্ৰতিজন অসমীয়াই বুকুত লৈ ফুৰা এটা আৱেগৰ নামেই হ’ল জুবিন গাৰ্গ। শুকুৰবাৰে এক মুহূৰ্ত্বৰ বাবে যেন স্তম্ভিত হৈ পৰিছিল সকলো। উবুৰি খাই পৰিল জুবিনৰ ওপৰত সকলোৰে এটাই প্ৰশ্ন জুবিনৰ কি হ’ল?

           গুৱাহাটীৰ টাউন ক্লাবৰ এটি অনুষ্ঠানত উপস্থিত আছিল জুবিন। সংগীতৰ ক্ষেত্ৰখনত জুবিন এটা অপ্ৰতিৰোধ্য গতি… ৰণৰ তেজী ঘোঁৰা..। জুবিন অবিহনে সংগীতৰ ক্ষেত্ৰখন যেন আধৰুৱা। এই অনুষ্ঠানতেই.. ভাগৰি পৰিছিল জুবিন…। মোৰ টোপনি আহিছে.. ঘৰলৈ যাওঁ.. শুৱ লাগে বুলি কৈয়েই ঢলি পৰিল জুবিন। এক মিনিটৰ বাবে সকলো নিমাত! কি হ’ল… হুৱা-দুৱা লাগিল..কাষত থকা পত্নী গৰিমাই কান্দি উঠিল জুবিন…জুবিন… বুলি…। লগে লগে ভৰ্তি কৰোৱা হ’ল নেমকেয়াৰ হাস্পতালত।

                অজস্ৰ গুণমুগ্ধই চিঞৰি উঠিল। নেমকেয়াৰ হাস্পতালৰ বাহিৰত শুনা গ’ল জুবিন জিন্দাবাদ ধ্বনি…কোনেও যেন মানি ল’ব নোৱাৰে জুবিনৰ অসুস্থতাৰ খৱৰটো। সেমেকি উঠা নয়নৰে সকলো আহিল জুবিনক এবাৰ চাবলৈ… হাতত এথোপা ফুল লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল গুণমুগ্ধ। সকলোৰে এটাই প্ৰাৰ্থনা জুবিন সুস্থ হৈ উঠক। 

            এজন মানুহক কিমান ভাল পালে চকুলো নিগৰিৱ পাৰে অজস্ৰজনৰ…হাহাকাৰ কৰি উঠিব পাৰে বুকুয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা জুবিনৰ ভিডিঅ’বোৰো চকু ভৰাই তুলিলে প্ৰতিজন জুবিনপ্ৰেমীৰ। বহুজনে চাবই নোৱাৰিলে জুবিনৰ সেই কষ্টকৰ মুহূৰ্তৰ ফটো। বুকুৰ কেঁচা কলিজা টুকুৰাই যেন কষ্ট পাইছে।

            অজস্ৰজনৰ কাতৰ প্ৰাৰ্থনাৰ অন্তত বৰ্তমান সুস্থ জুবিন। নেমকেয়াৰ হাস্পতালত ICU থকা জুবিনে খোজ কাঢ়িছে কেবিনৰ ভিতৰতে। সকলো ক্ষেত্ৰতে যোগাত্মক দিশত মাত মাতি অহা জুবিন সকলোৰে বাবে অদম্য শক্তি। আৰ্তজনৰ পৰা কেঞ্চাৰ ৰোগীজনলৈ, আন্দোলনৰ পৰা কাজিৰঙাৰ গঁড়কেইটালৈ…এখন সহায়ৰ হাত জুবিন। বৰ্তমান জুবিনক প্ৰয়োজন কিছু বিশ্ৰামৰ। 

                     

         নিৰবধি বাবে বৈ থকা এখন নৈ ৰুদ্ধ কেতিয়াও নহয়, ঠিক সেইদৰে জুবিনৰ এই যাত্ৰা যেন কোনেও ৰুধিব নোৱাৰে। বহু সময়ত বিতৰ্কৰ মাজত সোমাই পৰা জুবিনক ইতিবাচক বা নেতিবাচক দিশত বহুতেই সমালোচনা কৰে কিন্তু জুবিন এতিয়া সমাজৰ একোটা অংগ, এডাল বটবৃক্ষ, এই বৃক্ষৰ ছাঁতেই জিৰাইছে বহুজনে বিচাৰি পাইছে ভোকৰ এমুঠি ভাত, পিয়াহৰ এটুপি পানী।           

              অজস্ৰ গুণমুগ্ধই জুবিনৰ খবৰ ল’বলৈ ভিৰ কৰিছে হাস্পতাল। যিহেতু জুবিনক যথেষ্ঠ বিশ্ৰামৰ প্ৰয়োজন, নিজৰ বাবে অলপ সময় উলিয়াই স্বাস্থ্যৰ প্ৰতি যতন লওঁক জুবিনে সেয়া হয়তু সকলোৱে বিচাৰিছে। গতিকে অনাহকত জুবিনক ব্যতিব্যস্ত নকৰিবলৈ আহ্বান জনাইছে হাস্পতাল কৰ্তৃপক্ষই। দৈনন্দিন কোলাহলৰ পৰা আঁতৰি নীৰৱে শুইছে জুবিনে। 

 

        জনতাৰ জুবিনক নিজৰ বাবেও কিছু সময়ৰ প্ৰয়োজন। এতিয়া সকলোৰে এটাই কামনা সোনকালে সুস্থ হওঁক জুবিন…। সুস্থ শৰীৰে আকৌ গাওঁক জীৱন জিনাৰ গান…।

জুবিনৰ স্বাস্থ্যৰ খবৰ  হ’বলৈ হাস্পতালত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সোণোৱাল। জনতাৰ শিল্পীজনৰ সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে সকলোৱে।

        প্ৰতিদিনেই ৰাইজৰ কাষত থকা জুবিনৰ খাদ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকাই। সাংবাদিকৰ আগত তেখেতে কয় যে ইতিমধ্যে জুবিনক লৈ এখন খাদ্যৰ তালিকা প্ৰস্তুত কৰিছে। 

You might also like