নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ মহিলা ৰাজমিস্ত্রী অণিমা দত্তৰ কঠোৰ সংগ্রাম

প্রদীপ বৰা, যোৰহাট

এগৰাকী ৫৩ বছৰীয়া মহিলা৷ কঠোৰ জীৱন সংগ্রামত থমকি ৰোৱা নাই এওঁ৷ সততে মহিলাই নকৰা এক কঠোৰ বৃত্তি ২২ বছৰ আগতেই বাছি লৈছিল তেওঁ৷ নাম অণিমা দত্ত৷ যোৰহাটৰ ৰজাবাৰী অঞ্চলত তেওঁ এটা ভাৰাঘৰত থাকে৷ জীৱনলৈ নামি অহা আর্থিক দৈন্য আৰু সংঘাতৰ বাবে তেওঁ ২২ বছৰ পূর্বে পকা মিস্ত্রীৰ লগত ৪০ টকা হাজিৰাত যোগালি হিচাপে কাম কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ নিজেই হৈ পৰে এগৰাকী পাকৈত মিস্ত্রী৷ পকী ঘৰ, বিল্ডিং নির্মাণৰ কামত পাকৈত ৰাজমিস্ত্রী হৈ পৰে কঠোৰ পৰিশ্রম কৰিব পৰা মহিলাগৰাকীয়ে৷ ঘৰৰ জোখ–মাখ আৰম্ভৰ পৰা লোহা কটা, ওপৰত উঠি ইটা গঁঠা সকলো কাম অনায়াসে কৰে৷ দুই কন্যাক উচ্চ শিক্ষা দি বিবাহ দিছে৷ কনিষ্ঠা কন্যাই এম এ পাছ কৰাৰ উপৰি কম্পিউটাৰ শিক্ষাও গ্রহণ কৰিছে৷ নাতিৰ মুখ দেখাৰ পাছতো বয়সে বাধা দিব পৰা নাই এই কঠোৰ কর্মত৷ তেওঁ ক’লে– এই কাম কৰি তেওঁ সুখী৷ কাম নকৰি তেওঁ থাকিব নোৱাৰে৷ পুৱাতেই কামলৈ ওলাই আহি গধূলি ঘৰলৈ যায় তেওঁ৷ বর্তমান যোৰহাট নগৰৰ বঙাল পুখুৰীৰ এঘৰ লোকৰ পকী ঘৰ নির্মাণত ব্যস্ত আছে মহিলাগৰাকী৷ দুজন যুৱকে এওঁৰ লগত যোগালী হিচাপে কাম কৰিছে৷ এই কাম কৰি তেওঁ সুখী বুলি মন্তব্য কৰে৷ নিতান্তই এইগৰাকী মহিলা আনবহু মহিলাৰ বাবে আদর্শ৷
ফোনঃ ৯৪৩৫০৯০৬৪৭

You might also like