নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ এখন বিদ্যালয়ত উদযাপন হৈছে চুঙাপিঠা উৎসৱ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ সাম্প্ৰতিক সময়ত অসমৰ গ্ৰামীণ সমাজৰ পৰা হেৰাই গৈছে বহু পৰম্পৰা। হেৰাই গৈছে জুহাল আৰু পাকঘৰ। অসমীয়াৰ জুহালৰ লগত সংযুক্ত হৈ আছিল। জুহাল অসমীয়া সমাজৰ বহু পুৰণি সংস্কৃতি । এই জুহালৰ অভাৱত হেৰাই গল এসময়ৰ প্ৰতিটো অসমীয়া পৰিয়ালৰ এৰাব নোৱাৰা পৰম্পৰা চুঙাপিঠা । বৰ্তমান সময়ত এই চুঙা পিঠাক ধৰি ৰাখি নতুন প্ৰজন্মক এনে পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বাবে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনে লৈছে এক বিশেষ প্ৰদক্ষেপ। নিকেতন খনৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলে সমবেত হৈ বাঁহ কাটি চুঙা বনাইছে। পিঠাগুৰি খুন্দি চুঙাত ভৰোৱা , চুঙা পোৰা আৰু তাৰ সোৱাদ লোৱা কাৰ্যত অভিভাৱক ছাত্ৰ ছাত্ৰী সকলো জড়িত হৈ পৰিছে। আনহাতে নিকেতন খনৰ আচাৰ্য সকলে গাঁওৰ জ্যেষ্ঠ সকলক আমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰী সকলক চুঙা পিঠাৰ সম্পূৰ্ণ প্ৰস্তুত প্ৰণালী শিক্ষা দান দিয়ে । নিকেতন খনৰ এই কাৰ্যক উচ্চ প্ৰশংসা কৰিছে সচেতন লোকে।

You might also like