নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ; ৩ জোৱান শ্বহীদ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ আজি ভাৰত-ম্যানমাৰ সীমান্তত তালাচী অভিযানত মণিপুৰৰ সন্ত্ৰাসবাদী সংগঠন পিপলছ লিবাৰেচন আৰ্মীয়ে অসম ৰাইফলছৰ ওপৰত আক্ৰমণ কৰে । এই আক্ৰমণত ৩ জোৱান শ্বহীদ হোৱাৰ লগতে ৪ জন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

সংবাদ সংস্থা এ এন আইৰ মতে, ম্যানমাৰ সীমান্তত চন্দেল জিলাত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে । উল্লেখ্য যে সন্ত্ৰাসবাদী গোটটোৱে প্ৰথমে IED বিস্ফোৰণ ঘটায় আৰু পাছত ধাৰাষাৰ গুলীবৰ্ষণ কৰে । মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত সংঘটিত হোৱা এই আক্ৰমণস্থলীত বৰ্তমান অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে ।

You might also like