নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত নগৰ ‘লেন্সকার্ট’ৰ চাৰি কোটি আত্মসাৎ; অভিযুক্ত সৌৰভ দেৱক জে’ললৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  প্রতিষ্ঠিত চশমা ব্রেণ্ড ‘লেন্সকার্ট’ৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত ব্যৱসায়ীজন লাচিত নগৰৰ ‘লেন্সকার্ট’ৰ শ্ব’ ৰুমৰ স্বত্বাধিকাৰী সৌৰভ দেৱ বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ জালত পৰা ব্যৱসায়ীজনে বিগত তিনি বছৰে প্রতিষ্ঠানটোৰ প্রায় চাৰি কোটি টকা আত্মসাৎ কৰে৷ ঘটনা সন্দর্ভত লেন্সকার্ট কর্তৃপক্ষই পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে যদিও অভিযুক্ত সৌৰভক চর্তসাপেক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তর্ৱর্তীকালীন জামিন মঞ্জুৰ কৰে৷ ন্যায়ালয়ৰ চর্ত পূৰণত ব্যর্থ সৌৰভে দীর্ঘ দিন ধৰি আত্মগোপন কৰি আছিল যদিও পল্টনবজাৰ আৰক্ষীয়ে অলপতে তেওঁক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰে৷ কামৰূপ (ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰৰ শুনানি গ্রহণৰ পিছত অভিযুক্ত ব্যৱসায়ীজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা বুলি পল্টনবজাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে৷

You might also like