নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ টুইটঃ ‘চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ পৰিষদে দিছে নির্দেশনা’

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ  পোহৰৰ উৎসৱ দীপাৱলীক লৈ ৰাজ্যবাসীয়ে আৰম্ভ কৰা প্রস্তুতিত আউল লগাইছে অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ এক গুৰুত্বপূর্ণ নির্দেশনাই৷ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রদূষণ নিয়ন্ত্রণ পৰিষদে মাত্র দুঘণ্টাৰ বাবেহে দীপাৱলী পালনৰ বাবে জাৰি কৰা এই নির্দেশনাক লৈ এতিয়া ৰাজ্যত মিশ্রিত প্রতিক্রিয়া সৃষ্টি হৈছে৷ নিশা ৮ বজাৰ পৰা ১০ বজালৈ আতচবাজী কৰাৰ বাবে দিয়া নির্দেশনাৰ পাছত সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে বিষয়টো সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰে৷

টুইটযোগে মুখ্যমন্ত্রীয়ে এইবুলি উল্লেখ কৰিছে– অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ পৰামর্শ অবিহনে আতচবাজী বিক্রী আৰু ফটকা ফুটোৱা নিষিদ্ধ কৰি নির্দেশ জাৰি কৰিছে৷ এইটো আমি লক্ষ্য কৰিছোঁ৷ মানুহৰ আৱেগ–নুভূতিৰ কথা আগত ৰাখি সমগ্র বিষয়টো নতুনকৈ সামগ্রিকভাৱে পর্যালোচনা কৰা হৈছে৷

উল্লেখ্য যে কালি অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে এক নির্দেশনাযোগে নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটোৱাৰ সময় নির্ধাৰণ কৰি দিছে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশমর্মে প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ সদস্য সচিব ড০ শান্তনু কুমাৰ দত্তই এই সন্দর্ভত জাৰি কৰা নির্দেশ অনুযায়ী পৰিৱেশ প্রদূষণ আৰু ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আতচবাজীৰ সময়সীমা হ্রাস কৰা হৈছে৷

ইফালে  নির্বাচনী প্রচাৰ অভিযানৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– ধর্মীয় ৰীতি–নীতিতে সকলোৱে দীপাৱলী পালন কৰক৷ দেৱালী হুলস্থূল কৰি পতাৰ যুক্তি নাই৷ জাতীয় জীৱনৰ যি ঐতিহ্য সেই ধৰণে দীপাৱলী পালন হ’ব৷

You might also like