নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত ইলাচী ভৰ্তি কন্টেনা ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ৰাজ্যত বৰ্তমানো অব্যাহত আছে চোৰাং সামগ্ৰীৰ সৰবৰাহ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰে এখন ইলাচী ভৰ্তি কন্টেনাৰ ট্ৰাক।

জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি নাৰায়ণপুৰ আৰক্ষীয়ে AS 01 JC 8387 নম্বৰৰ ট্ৰাকখন নিয়মীয়া তালাচীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰত নাৰায়ণপুৰ আৰক্ষীৰ এটা দলে জব্দ কৰে ।আৰক্ষীয়ে ৰখাব বিছৰাতো নৰখাত আগছি ধৰাত ৰখাবলৈ বাধ্য হয়।

সুৰামত্ত অৱস্থাত থকা ট্ৰাক চালকজন আৰু ট্ৰাকখন আৰক্ষীয়ে থানালৈ লৈ আহি চালকজনৰ স্বাস্থ্য পৰীক্ষা কৰে। প্ৰয়োজনীয় নথি পত্ৰত কিছু সন্দেহ হোৱাত নাৰায়ণপুৰ আৰক্ষীয়ে আয়কৰ বিভাগক বিষয়টো অৱগত কৰে। বৰ্তমানো ট্ৰাক খন নাৰায়ণপুৰ থানাতে আবদ্ধ হৈ আছে।

উল্লেখ্য যে উক্ত ইলাচী কঢ়িওৱা ট্ৰাকখন আৰক্ষীৰ পৰা মুক্ত কৰিবলৈ একাংশ দল সংগঠন আৰু ৰাজনৈতিক লোকে হেচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। আয়কৰ বিভাগৰ লোক আহি পৰীক্ষা কৰাৰ পিছতহে পোহৰলৈ আহিব আচলতে কন্টেনাৰটোত কিমান পৰিমাণৰ ইলাচী আছে বা নথি পত্ৰ কিমান দূৰ বৈধ। আনহাতে কন্টেনাৰটো বৰ্তমান সময়তো যিহেতু টলা লাগি আছে গতিকে ভিতৰত অন্য যদি কিবা অবৈধ সামগ্ৰী আছে সেইয়াও ৰহস্যৰ আৱৰ্তত।

Input: চন্দন শইকীয়া, ভোগপুৰ

You might also like