নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষাৰ দুর্বল প্রদর্শনঃ ১০২খন চৰকাৰী বিদ্যালয়ক কাৰণ দর্শোৱাৰ জাননী

নিয়মীয়া বাৰ্তা, ১১ জুনঃ  সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ত দুর্বল প্রদর্শনক লৈ ৰাজ্যৰ ১০২খন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে শিক্ষা বিভাগে৷ গুণোৎসৱৰ জৰিয়তে শিক্ষার্থী তথা শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান বৃদ্ধিৰ বাবে বিভাগে গ্রহণ কৰা একাধিক পদক্ষেপৰ পাছতো মেট্রিকত এই বিদ্যালয়সমূৰ নিম্নগামী ফলাফলত একপ্রকাৰ ক্ষুব্ধ হৈ পৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়৷

বিগত বর্ষত ক’ভিড পৰিস্থিতিৰ বাবে সকলো পৰীক্ষার্থীৰ মূল্যায়নৰ ভিত্তিত উত্তীর্ণ কৰি দিয়াৰ ফলত উত্তীর্ণৰ হাৰ ৯৩.১০ শতাংশ হৈছিল৷ কিন্তু এইবাৰ উত্তীর্ণৰ হাৰ বিগত তিনি বছৰতকৈ হ্রাস পাই ৫৬.৪৯ শতাংশ হৈছে৷ উত্তীর্ণৰ হাৰ হ্রাস পোৱাৰ বিষয়টোক লৈ শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে পর্যালোচনা–নিৰীক্ষণ্৷ এনে নিৰীক্ষণৰ অংশস্বৰূপে ৰাজ্যৰ ১০২খন বিদ্যালয়ে মেট্রিকত দুর্বল প্রদর্শন কৰাটো চিহ্ণিত হৈছে৷ চিহ্ণিত হোৱা এই শতাধিক বিদ্যালয়ৰ ভিতৰত ২৫খন বিদ্যালয়ৰ মেট্রিকত উত্তীর্ণৰ হাৰ শূন্য৷

আনহাতে, আন ৭৭খন বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০ শতাংশৰ তলত৷ বিদ্যালয়সমূহৰ এনে পৰীক্ষাৰ ফলাফলক লৈ উদ্বিগ্ণ হৈ পৰা শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহলৈ কৈফিয়ৎ তলব কৰিছে৷ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এই সন্দর্ভত কয়– সদ্যঘোষিত মেট্রিকৰ ফলাফলত চিনাক্ত হোৱা শিক্ষানুষ্ঠানসমূহে কিয় দুর্বল প্রদর্শন কৰিলে, তাৰ বাবে আমি কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছোঁ৷ প্রতিখন বিদ্যালয়ৰ অধ্যক্ষ অথবা প্রধান শিক্ষকলৈ এই জাননী জাৰি কৰি ৭ দিনৰ ভিতৰত তেওঁলোকক উত্তৰ দিয়াৰো নির্দেশ দিয়া হৈছে৷

শিক্ষা বিভাগৰ এই কাৰণ দর্শোৱাৰ জাননীৰ পাছতে চৰকাৰী শিক্ষানুষ্ঠানসমূহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি এনে বহু বিদ্যালয়ত ছাত্র অনুপাতে শিক্ষক বেছিকৈ থকাৰ পাছতো উত্তীর্ণৰ হাৰ ১০ শতাংশৰ তলত অথবা শূন্য৷ চৰকাৰে প্রদান কৰি অহা বৃহৎ পৰিমাণৰ দৰমহা লৈও একাংশ শিক্ষকে ছাত্র–ছাত্রীৰ অধ্যয়নৰ প্রতি দেখুৱাই অহা অমনোযোগিতাৰ ফলতেই উত্তীর্ণৰ হাৰ এনেদৰে হ্রাস পোৱাক লৈ এইবাৰ অধিক কঠোৰ হোৱাৰ ইংগিত দিছিল শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ফলাফল ঘোষণাৰ দিনাই বিষয়টোক লৈ মন্ত্রী পেগুৱে উদ্বিগ্ণতা প্রকাশ কৰাৰ পাছতেই শিক্ষা বিভাগে ১০২খন চৰকাৰী শিক্ষানুষ্ঠানলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰা বিষয়টোৱে যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে এইবাৰ মেট্রিকৰ ফলাফলত অসমীয়া মাধ্যমৰ বিদ্যালয় তথা চৰকাৰী বিদ্যালয়ৰ প্রদর্শন অতি শোচনীয় হোৱাটো পৰিলক্ষিত হৈছে৷ তথ্য অনুসৰি ৭০ শতাংশ চৰকাৰী বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০ শতাংশৰ তলত৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তথ্য অনুসৰি সর্বাধিক কাছাৰ জিলাত ১৪খন শিক্ষানুষ্ঠানে মেট্রিকত অতি দুর্বল প্রদর্শন কৰিছে৷ কাছাৰৰ পাছতেই কার্বি আংলং জিলাত ১৩খন বিদ্যালয়ে, গোৱালপাৰা জিলাত ৯খন বিদ্যালয়ে, যোৰহাট জিলাত ৮খন বিদ্যালয়ে, কামৰূপ (মহানগৰ) আৰু ধুবুৰী জিলাত ৬খন বিদ্যালয়ে, পশ্চিম কার্বি আংলং জিলাত ৫খন বিদ্যালয়ে, কৰিমগঞ্জ জিলাত ৪ বিদ্যালয়ে, বৰপেটা, বঙাইগাঁও, চিৰাং, গোলাঘাট আৰু নগাঁও জিলাত তিনিখনকৈ বিদ্যালয়ে, চৰাইদেউ, ডিব্রুগড়, কামৰূপ, লখিমপুৰ, দক্ষিণ শালমাৰা, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ দুখনকৈ বিদ্যালয়ে অতি দুর্বল প্রদর্শন কৰিছে৷

You might also like