নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তেজপুৰত সম্প্রসাৰিত মন্ত্রীসভাৰ প্রথমখন কেবিনেট

নিয়মীয়া বাৰ্তা, ১১ জুনঃ তিনি দিনৰ বাবে তেজপুৰ হৈ পৰিছে দিছপুৰ৷ মন্ত্রী–আমোলা–বিষয়াৰ ভৰি পৰিছে তেজপুৰ চহৰ৷ উল্লেখ্য যে আজি তেজপুৰত সম্প্রসাৰিত মন্ত্রীসভাৰ প্রথমখন কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হ’ব উপায়ুক্তসকলৰ সন্মিলন৷  তেজপুৰত উপস্থিত হৈ বিত্তমন্ত্রী অজন্তা নেওগে কয় যে কেবিনেটৰ পাছত মুখ্যমন্ত্রীয়ে তেজপুৰবাসীক ভাল খবৰ দিব৷ তেজপুৰৰ নাতিনী বুলি কৈ অজন্তা নেওগে সময় পালে তেজপুৰৰ ঐতিহাসিক স্থান আৰু মন্দিৰ দর্শনৰ হেঁপাহ আছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷

ইফালে কেবিনেটত অংশগ্রহণ কৰিবলগা মন্ত্রীসকললৈ শোণিতপুৰ জিলা প্রশাসনে প্রখ্যাত কুটিৰ শিল্পী সপোন নেওগে নির্মাণ কৰা তেজপুৰৰ প্রতীকসম্বলিত স্মাৰক সাজু কৰি ৰখাৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সমগ্র দেশৰে বিখ্যাত হিচাপে পৰিচিত তেজপুৰৰ লিচুৰ মোনা সাজু কৰি ৰাখিছে বুলি জানিব পৰা গৈছে৷ আনহাতে, উপায়ুক্ত দেৱকুমাৰ মিশ্রই এই কেবিনেট বৈঠকৰ সমান্তৰালভাৱে দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা উপায়ুক্ত সন্মিলন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো প্রস্তুতি ইতিমধ্যে সম্পূর্ণ কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷

আপ্যায়নৰ পৰা যাতায়াত, থকাৰ সু–ব্যৱস্থালৈকে ক্ষিপ্র গতিৰে তেজপুৰ চহৰক সাজু কৰি তোলা হৈছে বুলি মন্তব্য কৰে উপায়ুক্তই৷ উল্লেখ্য যে প্রায় এবছৰীয়া অপেক্ষাৰ অন্তত শিলে কথা কোৱা পুৰাতন স্থাপত্য–ভাস্কর্যৰ থলী তেজপুৰত ৰাজ্যৰ ৩৫খন জিলাৰ উপায়ুক্তৰ সন্মিলনৰ লগতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকখন আজি আৰু ইয়াৰ পাছৰ দুদিন উপায়ুক্তৰ সন্মিলন অনুষ্ঠিত হ’ব তেজপুৰৰ বাটমাৰীত নতুনকৈ নির্মাণ কৰা অতি আকর্ষণীয় সন্মিলন কক্ষত৷

উল্লেখ্য যে এই কেবিনেট বৈঠক আৰু উপায়ুক্তৰ সন্মিলনৰ বাবে ইতিমধ্যে তেজপুৰৰ সকলো বিলাসী হোটেল, আৱর্ত ভৱন, পর্যটন নিৱাসৰ উপৰি সকলো উন্নত মানৰ আৱাসস্থল অধিগ্রহণ কৰিছে জিলা প্রশাসনে৷ ইয়াৰ সমান্তৰালভাৱে তেজপুৰ চহৰৰ পৰা বাটমাৰীলৈকে পথৰ দুয়োকাষ আকর্ষণীয় কৰি তোলাৰ লগতে আলোকসজ্জাৰে সমগ্র তেজপুৰক জিলিকাই তোলা হৈছে৷ আনহাতে, আৰক্ষী প্রশাসনে পানী নসৰকা নিৰাপত্তা ব্যৱস্থাও ইতিমধ্যে কটকটীয়া কৰি তুলিছে৷

You might also like