ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেগুনতুলিৰ ঠুচিপাৰা অঞ্চলত এজন শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ বৃহস্পতিবাৰে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয়। মৃত শিক্ষকজন হৰি দাস ৰায় বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বুধবাৰৰ পুৱতি নিশা প্ৰায় ৩ বজাত হৰি দাস ৰায় নিজ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে আত্মীয়-স্বজন আৰু সম্ভাব্য বিভিন্ন ঠাইত বিচাৰ-খোচাৰ চলাইছিল যদিও তেওঁৰ কোনো সন্ধান লাভ কৰা নাছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা হঠাতে ঘৰৰ সন্মুখত থকা পুখুৰীত পানীমেটেকাৰ তলৰ পৰা তেওঁৰ মৃতদেহ উপঙি উঠাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে।
লগে লগে ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় লোকে গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, হৰি দাস ৰায়ে এখন ভেঞ্চাৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰি ঘৰত টিউচন কৰি জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত সমগ্ৰ পৰিয়ালটো শোকত ভাগি পৰিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৬ জুলাই :