নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো মানুহ কুশলে থাকক

হোমেন বৰগোহাঞি

মোৰ ল’ৰাকালত মোৰ বয়সৰ ল’ৰা–ছোৱালীবোৰৰ কাৰণে ব’হাগ বিহুৰ প্রধান আকর্ষণ আছিল হুঁচৰি৷ গাঁৱৰ এফালৰ পৰা ঘৰে ঘৰে হুঁচৰি গাই গাই হুঁচৰিৰ দলটো আমাৰ ঘৰৰ চোতালত আহি পায় মানে প্রায় মাজৰাতি হৈছিল কিন্তু মাজৰাতিলৈকে আমাৰ চকুলৈ টোপনি অহা নাছিল৷ আমাৰ কাষৰ ঘৰৰ চোতালত হুঁচৰিৰ ঢ়োলৰ শব্দ শুনা মাত্রে আমি জাঁপ মাৰি বিছনাৰ পৰা উঠি বাহিৰলৈ দৌৰ মাৰিছিলোঁ৷ মন্ত্রমুগ্ধ হৈ হুঁচৰিৰ গীত–মাত শুনিছিলোঁ যদিও সেই সময়ত মনত অনুভৱ কৰা মধুৰ উত্তেজনাখিনিৰ বাহিৰে বাকী সকলো কথাই পাহৰি গৈছোঁ পাহৰিব পৰা নাই কেৱল হুঁচৰিৰ দলটোৱে গৃহস্থক দিয়া আশীর্বাদ ঃ ‘মূৰৰ চুলি ছিগি আশীর্বাদ কৰিছোঁ, গৃহস্থ কুশলে থাক৷’
অসমীয়া নতুন বছৰৰ প্রথম দিনটোত উদ্যাপন কৰা ব’হাগ বিহুৰ এটা প্রধান উদ্দেশ্য আছিল মানুহৰ কুশল কামনা কৰা কেৱল মানুহৰে নহয়, পৰিয়ালৰ সদস্যৰ সন্মান পোৱা গৰুবোৰৰো কুশল কামনা কৰা৷ গৰু বিহুৰ নিচিনা উৎসৱ পৃথিৱীৰ আন কোনো সমাজত থকাৰ কথা মই নাজানো৷ কিন্তু গৰু বিহুৱে মোৰ মনত গভীৰ আৱেগ জন্মাইছিল তাৰ হেন্দোলনি এতিয়াও মাৰ যোৱা নাই৷
মোৰ বাল্যকালৰ জগতখন কেতিয়াবাই হেৰাই গ’ল চিৰকাললৈ৷ লগতে হেৰাই গ’ল মই চিনি পোৱা বিহু উৎসৱৰ পৱিত্র আনন্দৰ উপকৰণবোৰ৷ পৰিৱর্তন অনিবার্য৷ আগৰ দিনত পৰিৱর্তন আহিছিল খুব মন্থৰ গতিৰে এতিয়া সি আহে ধুমুহাৰ গতিৰে৷ কিন্তু পৰিৱর্তন অনিবার্য যদিও মানুহৰ সভ্যতাত আৰু সংস্কৃতিত এনে কিছুমান অমূল্য সম্পদ থাকে– যিবোৰক ৰক্ষা কৰিব নোৱাৰিলে মানুহৰ সমস্ত সাধনাই অথলে যাব৷ প্রসিদ্ধ বিজ্ঞানী আৰু দার্শনিক এলফ্রেড নর্থ হোৱাইটহেডে এই কথাটোকে কৈছে অতি সুন্দৰ আৰু সংক্ষিপ্তভাৱে– Mere change without conservation is a passage from nothing to nothing. Mere conservation without change cannot conserved.’
অসমীয়াৰ কাৰণে ব’হাগ বিহু কেৱল বল্গাহাৰা আমোদ–প্রমোদৰ উৎসৱ নাছিল ই আছিল মানুহ আৰু লগতে ইতৰ পশুৰো মংগল কামনাৰ এটা পৱিত্র উপলক্ষ৷ পৰিৱর্তনৰ ধুমুহাই ব’হাগ বিহুৰ মহত্ত্ব আৰু মাধুর্যক দিগন্তৰ সিপাৰলৈ উৰুৱাই লৈ গ’ল৷ ৰাখি গ’ল কেৱল স্থূল আনন্দৰ উপকৰণবোৰ৷ ইয়াৰ মাজতো কিছুমান মানুহে সমাজক এই কথা মনত পেলাই দিয়াৰ দায়িত্ব কান্ধ পাতি ল’ব লাগিব যে জীৱনক সুন্দৰ কৰা উৎসৱতকৈ ডাঙৰ উৎসৱ আন একো নাই, আৰু সেই উৎসৱ আমি উদ্যাপন কৰিব লাগিব নিজৰ জীৱনত৷ এই কথা অস্বীকাৰ কৰাৰ কোনো উপায় নাই যে মানুহৰ জীৱন ক্রমান্বয়ে নিৰানন্দ হৈ আহিছে, মানুহক ক্রমান্বয়ে গ্রাস কৰিব ধৰিছে সর্বব্যাপী নিঃসংগতাই, আৰু তাৰ পৰা পৰিত্রাণ বিচাৰি মানুহে যিমানেই স্থূল আমোদ–প্রমোদৰ কোলাহলৰ মাজত আত্মহাৰা হ’বলৈ চেষ্টা কৰিছে, সিমানেই বাঢ়িছে মানুহৰ নিৰানন্দ আৰু নিঃসংগতা৷ কিন্তু মানুহ এনেকুৱা প্রতিভা লৈ পৃথিৱীলৈ আহিছে যে সাময়িকভাৱে আত্মবিস্মৃত হ’লেও সি বাৰম্বাৰ চেষ্টা কৰি থাকে মানুহৰ প্রকৃত মংগল আৰু আনন্দৰ উৎসৱ সন্ধান কৰিবলৈ৷ ব’হাগ বিহু হ’ল মিলনৰ উৎসৱ ঃ মানুহৰ লগত মানুহৰ আৰু প্রকৃতিৰ লগত মানুহৰ মিলনৰ উৎসৱ৷ কেৱল তেতিয়াহে এই মিলন সম্ভৱ হ’ব পাৰে– যেতিয়া আমি সকলোৰে– মানুহ সকলো জীৱিত প্রাণী আৰু লগতে সর্বজীৱৰ আশ্রয়–দাত্রী প্রকৃতিৰ কুশল কামনা কৰোঁ৷
(সময়–শব্দ চিৰশাশ্বতঃ কথাশিল্পীবিহীন প্রথমটো ব’হাগ৷ এই ব’হাগতে কথাশিল্পীগৰাকীৰ পুনৰ মুদ্রিত বহুপঠিত এই লেখাৰে তেওঁলৈ জনাইছোঁ শ্রদ্ধার্ঘ্য৷)

You might also like