নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত ৮৮৪ গৰাকী TET উত্তীর্ণ শিক্ষকক নিযুক্তি পত্র বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ শুকুৰবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত ৮৮৪ গৰাকী TET উত্তীর্ণ শিক্ষকক নিয়মীয়া আৰু ঠিকাভিত্তিক পদৰ নিযুক্তি পত্র বিতৰণ কৰে।

নিযুক্তিপত্র লাভ কৰা শিক্ষকসকলৰ ভিতৰত উচ্চ প্রাথমিক বিদ্যালয়ৰ ১০৮ গৰাকী সহকাৰী শিক্ষক আৰু ২৫ গৰাকী বিষয় শিক্ষক, প্রাথমিক বিদ্যালয়ৰ ১৯২ গৰাকী সহকাৰী শিক্ষক আৰু সৰ্বশিক্ষা অভিযানৰ অধীনৰ ৫৫৯ গৰাকী ঠিকাভিত্তিক সহকাৰী শিক্ষক আছে।

You might also like