নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লাৰ নাটনি: দেশজুৰি হ’ব বিদ্যুৎ কর্তন

  • গ্রীষ্মকালত দেশৰ সকলো ৰাজ্যত চলিব বিদ্যুৎ কর্তন
  • অন্ধ্রপ্রদেশ–কর্ণাটক-বিহাৰ–মধ্যপ্রদেশ-ঝাৰখণ্ড–পঞ্জাব–হাৰিয়ানা-ৰাজস্থান–উত্তৰ প্রদেশত আৰম্ভ হৈছে বিদ্যুৎ কর্তন

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ বিদ্যুতৰ চাহিদা বৃদ্ধিৰ বিপৰীতে পর্যাপ্ত উৎপাদন হোৱা নাই৷ কয়লাৰ নাটনিৰ বাবে দেশত বিদ্যুৎ উৎপাদনৰ পৰিমাণ নিম্নগামী হৈছে৷ এনে পৰিপ্রেক্ষিতত দেশজুৰি গ্রীষ্মকালত বিদ্যুৎ কর্তন চলিব৷ ইতিমধ্যে অন্ধ্রপ্রদেশ, কর্ণাটক, বিহাৰ, মধ্যপ্রদেশ, ঝাৰখণ্ড, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্রদেশত আৰম্ভ হৈছে বিদ্যুৎ কর্তন৷ কয়লাৰ নাটনি বিগত ৯ বছৰৰ ভিতৰত অধিক হোৱাৰ বিপৰীতে ৩৮ বছৰত দ্রুতগতিত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিদ্যুতৰ উৎপাদন বৃদ্ধি কৰাটো অতি প্রয়োজনীয় যদিও কয়লাৰ নাটনি হোৱাৰ পৰিপ্রেক্ষিতত বিদ্যুতৰ উৎপাদন নিম্নগামী হৈছে৷ কয়লাৰ নাটনিয়ে বিদ্যুৎ কর্তন কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাত ক’ভিড লকডাউনৰ পাছত পুনৰুজ্জীৱিত হৈ উঠা দেশৰ উদ্যোগ খণ্ডত নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত হৈছে৷

তথ্য মতে, বিগত কিছুদিন ধৰি বিদ্যুতৰ নাটনিৰ বাবেই অন্ধ্রপ্রদেশ, কর্ণাটক, বিহাৰ, মধ্যপ্রদেশ, ঝাৰখণ্ড, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্রদেশত বিদ্যুৎ কর্তন আৰম্ভ হৈছে৷ ইপিনে দেশৰ বাণিজ্যিক ৰাজধানী হিচাপে পৰিচিত ঔদ্যোগিক ৰাজ্য মহাৰাষ্ট্রত বিগত কিছুদিন ধৰি বিদ্যুতৰ নাটনি হোৱাত উদ্যোগসমূহ পৰিচালনাত ব্যাঘাত জন্মিছে৷ আনপিনে গুজৰাট আৰু তামিলনাডুত চৰকাৰে উচ্চ হাৰত বিদ্যুৎ ক্রয় কৰি চৰকাৰীভাৱে পৰিচালিত উদ্যোগসমূহ চলাই আহিছে৷ বিগত সপ্তাহত দেশত চাহিদা অনুপাতে ১.৪ শতাংশ বিদ্যুতৰ নাটনি হৈছে৷ বিগত বর্ষৰ অক্টোবৰ মাহত বিদ্যুতৰ নাটনি এক শতাংশতকৈ অধিক, এপ্রিল মাহত ১.৪ শতাংশ বিদ্যুতৰ নাটনিয়ে দেশৰ কেইবাখনো ৰাজ্যলৈ ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে৷ লক্ষণীয় যে মার্চ মাহত কয়লাৰ নাটনি ০.৫ শতাংশ হোৱাৰ বিপৰীতে সম্প্রতি এই নাটনি ১ শতাংশলৈ বর্ধিত হৈছে৷ কয়লাৰ নাটনিৰ বাবে দেশত সম্প্রতি ২,৫০০–৩,০০০ মেগাৱাট বিদ্যুতৰ নাটনি হৈছে৷ দেশৰ ভিতৰত সর্বাধিক বিদ্যুতৰ নাটনি হৈ আছে অন্ধ্রপ্রদেশত৷ ৰাজ্যখনত চাহিদা অনুপাতে বিদ্যুতৰ ঘাটি ৮.৭ শতাংশ৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত বিদ্যুৎ কর্তন সঘনাই কৰিবলগীয়া হৈছে৷

গ্রীষ্মকালত দেশত বিদ্যুতৰ চাহিদা অধিক বৃদ্ধি পোৱাটো নিশ্চিত৷ কিয়নো এই সময়ছোৱাত সমগ্র দেশতে তাপমাত্রা বৃদ্ধি পাব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে৷ এপ্রিলৰ প্রাৰম্ভতে দেশৰ উত্তৰ আৰু মধ্য প্রান্তত ইতিমধ্যে স্বাভাৱিকতকৈ অধিক হৈছে তাপমাত্রা৷ ঝাৰখণ্ড, বিহাৰ, হাৰিয়ানা আৰু উত্তৰাখণ্ডত ৩ শতাংশতকৈ অধিক বিদ্যুতৰ নাটনি হৈছে৷ এনেদৰে চলি থাকিলে সমগ্র দেশখনতে গ্রীষ্মকালত বিদ্যুতৰ নাটনি অধিক হ’ব আৰু সঘনাই বিদ্যুৎ কর্তন কৰিব লাগিব৷ লক্ষণীয় যে দেশত বিদ্যুতৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাই আছে৷ তথ্য মতে, ২০২৩ চনৰ মার্চলৈকে দেশত বিদ্যুতৰ চাহিদা ১৫.২ শতাংশ বৃদ্ধি পাব৷ এই চাহিদা পূৰণ কৰিবলৈ হ’লে বিদ্যুৎ উৎপাদনো বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিব৷ উনুকিয়াব পৰি যে জীৱাশ্ম ইন্ধন কয়লাৰ ব্যৱহাৰ হ্রাস কৰাৰ বাবে ৰাষ্ট্রসংঘৰ জলবায়ু চুক্তিত নীতি নির্ধাৰিত কৰা হৈছে যদিও দেশসমূহে এতিয়ালৈকে সঠিকভাৱে এই নীতি পালন কৰা নাই৷ ভাৰতো এইক্ষেত্রত ব্যতিক্রম নহয়৷ অৱশ্যে ভাৰতে সেউজ শক্তি আৰু পৰিচ্ছন্ন শক্তি ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আছে৷

You might also like