নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জানুৱাৰীত পাণ্ডুৰ জাহাজ মেৰামতি কাৰখানাৰ শিলান্যাস কৰিব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: গুৱাহাটীৰ পাণ্ডুত নির্মাণ হ’বলগীয়া জাহাজ মেৰামতি কাৰখানাৰ অহা ১৩ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ একেদিনাই প্রধানমন্ত্রী মোদীয়ে পাণ্ডু টার্মিনেলক ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ সংযোগ হোৱাকৈ প্রস্তাৱিত ৰাস্তাটোৰো আধাৰশিলা স্থাপন কৰাৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যুৱপ্রজন্মৰ সামুদ্রিক ক্ষেত্রত দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে গুৱাহাটীত এটা সামুদ্রিক দক্ষতা বিকাশ কেন্দ্র উদ্বোধন কৰিব৷– এই কথা সদৰী কৰে কেন্দ্রীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি গুৱাহাটীত ‘মীট দ্য প্রেছ’ শীর্ষক এক অন্তৰংগ মত বিনিময় অনুষ্ঠানত মিলিত হৈ কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে বিগত বর্ষত ভাৰতৰ এক যুগান্তকাৰী সফলতা হ’ল নিজেই নির্মাণ কৰি উলিওৱা দেশৰ প্রথমখন থলুৱা বিমানবাহক যুদ্ধ জাহাজ আইএনএছ বিক্রান্ত৷ এই যুদ্ধ জাহাজখন বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অন্তর্গত কোচিন শ্বিপয়ার্ড লিমিটেডে নির্মাণ কৰিছে৷ এই প্রতিষ্ঠানটোৰ অধীনতেই পাণ্ডুত এটা জাহাজ মেৰামতি কাৰখানা গঢ় লৈ উঠিব৷ ইয়াৰ ফলত অসমতে জাহাজৰ মেৰামতি সম্পন্ন কৰিব পৰা যাব৷ এতিয়া জাহাজ মেৰামতি কৰিবলৈ হ’লে ১৬০০ কিলোমিটাৰ অতিক্রমি কলকাতালৈ যাব লাগে৷ ইয়াৰ বাবে সময় লাগে ৪–৫ মাহ৷ কিন্তু পাণ্ডুত জাহাজ মেৰামতি কাৰখানাটো নির্মাণ হৈ উঠিলে কম সময়তে মেৰামতি কৰিব পৰা যাব৷ ইয়াৰ লগে লগে কম খৰচতে বিভিন্ন সামগ্রীৰ আমদানি–ৰপ্তানিও সম্ভৱ হৈ উঠিব৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে অহা ১৩ জানুৱাৰীত প্রধানমন্ত্রী মোদীয়ে বাৰাণসীত শুভাৰম্ভ কৰিবলগীয়া এমভি গংগা বিলাস নামৰ বিশ্বৰ দীর্ঘতম নদী ক্রুজ সেৱাৰ প্রসংগও উল্লেখ কৰে৷ এই প্রসংগত তেওঁ কয় যে এই দীর্ঘতম ক্রুজ সেৱাই গংগা নদীয়েদি ভাৰত–বাংলাদেশ প্রট’কল জলপথ হৈ ব্রহ্মপুত্রৰে ডিব্রুগড়লৈ ৩,২০০ কিলোমিটাৰ জলপথ সামৰি ল’ব৷ ইয়াৰ জৰিয়তে ভাৰতত সূচনা হ’ব নদী ক্রুজ পর্যটনৰ নতুন যুগৰ৷ এই বিলাসী ক্রুজখনে ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী প্রণালীৰ মাজেৰে আহি থাকোঁতে ৫০টা গুৰুত্বপূর্ণ পর্যটনস্থলীক সামৰি ল’ব৷ ক্রুজখনৰ ৫১দিনীয়া যাত্রাপথত পর্যটকসকলে বিশ্ব ঐতিহ্য ক্ষেত্র, ৰাষ্ট্রীয় উদ্যান, নদী–ঘাট, ডাঙৰ চহৰকে ধৰি বিভিন্ন আকর্ষণীয় স্থানসমূহ উপভোগ কৰিব পাৰিব৷ অহা ১৮ ফেব্রুৱাৰীত এমভি গংগা বিলাসে অসমৰ ধুবুৰীত প্রৱেশ কৰিব আৰু ১ মার্চত ডিব্রুগড়ত উপস্থিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ অসমত প্রৱেশৰ পিছত পর্যটকসকলে গুৱাহাটীৰ উপৰি মায়ং, কাজিৰঙা, মাজুলী, ডিব্রুগড় আদি পর্যটনস্থলী উপভোগ কৰাৰ সুবিধা পাব৷ এই যাত্রাৰ জৰিয়তে পর্যটকসকলে গংগা আৰু ব্রহ্মপুত্রৰ দুয়োপাৰৰ চহকী ঐতিহ্য, বৈচিত্র্য, সৌন্দর্য আৰু ইয়াক কেন্দ্র কৰি গঢ় লোৱা যুগ যুগৰ সভ্যতা–সংস্কৃতিৰূপে প্রত্যক্ষভাৱে বিশদকৈ জানিব পাৰিব৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে জানিবলৈ দিয়া মতে এম ভি গংগা বিলাসত থাকিব ছুইজাৰলেণ্ডৰ ৩২জন পর্যটক৷ বর্তমান কলকাতা আৰু বাৰাণসীৰ মাজত আঠখন নদী ক্রুজ চলি থকাৰ সমান্তৰালভাৱে ৰাষ্ট্রীয় জলপথ–২ ৰূপে চিহ্ণিত ব্রহ্মপুত্রৰ বুকুতো ক্রুজৰ চলাচল অব্যাহত আছে৷ অসমৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ হকে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ সদৰী কৰা অনুসৰি ২০২৪–২৫ চনত অসমৰ আভ্যন্তৰীণ জলপথৰ সর্বাংগীণ উন্নয়নৰ বাবে ১,০১৬ কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষ বিভিন্ন গুৰুত্বপূর্ণ পদক্ষেপৰ প্রস্তাৱ আগবঢ়োৱা হৈছে৷ তদুপৰি ৰাষ্ট্রীয় জলপথ–২ অর্থাৎ ব্রহ্মপুত্র আৰু ৰাষ্ট্রীয় জলপথ–১৬ অর্থাৎ বৰাক নৈৰ আন্তঃগাঁথনি উজ্জীৱিতকৰণৰ বাবে অন্তর্ভুক্ত কৰা হৈছে ৬২২ কোটি টকাৰ পেকেজ৷ লগতে বৰাক, ব্রহ্মপুত্র, ধনশিৰি আৰু কপিলীৰ খনন কার্যৰ জৰিয়তে সুচল যাতায়াতৰ বাবে ২২৩ কোটি টকাৰ পেকেজত অনুমোদন দিয়া হৈছে৷ দেশৰ জলপথৰ আন্তঃগাঁথনি ক্ষিপ্রতাৰে টনকিয়াল হোৱাৰ সময়তে জলপথ খণ্ডত বিনিয়োগৰ বাবে বিভিন্ন পক্ষৰ আগ্রহ বৃদ্ধি হোৱাটো অতি উৎসাহজনক বতৰা বুলি মন্তব্য কৰি তেওঁ কয় যে তিনিগুণ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে কাম চলি থকা নুমলীগড় শোধনাগাৰৰ বিভিন্ন সামগ্রী অনা–নিয়াৰ বাবে শীঘ্রে ৰাষ্ট্রীয় জলপথ–৩১ অর্থাৎ ধনশিৰি নদীত ড্রেজিং কর্প’ৰেচন অৱ ইণ্ডিয়াৰ অধীনত খনন কার্য চলাই এই নদীপথছোৱা সুচল যাতায়াতৰ বাবে উপযোগী কৰি তোলা হ’ব৷ তদুপৰি ডিব্রুগড়স্থিত ব্রহ্মপুত্র ক্রেকাৰ আৰু প’লিমাৰ লিমিটেডৰ সুবিধা হোৱাকৈও নদীপথৰ সুচল ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰি কেঁচাসামগ্রী অনাৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে৷ এই পদক্ষেপবোৰৰ জৰিয়তে থলুৱা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহ উপকৃত হ’ব৷ বৰাক উপত্যকাত বদৰপুৰ আৰু কৰিমগঞ্জত দুটা টার্মিনেলৰ উন্নয়ন সাধন কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ প্রধানমন্ত্রী মোদীয়ে এক ইষ্ট পলিচীৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ সর্বাংগীণ বিকাশত বিশেষ অগ্রাধিকাৰ দিয়াৰ ফলশ্রুতিতেই এতিয়া অসম তথা উত্তৰ–পূবে দেশৰ অন্যান্য ৰাজ্যসমূহৰ সৈতে সমান গতিত আগুৱাই যোৱাৰ সাহস আৰু শক্তি লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী গতিশক্তি–ৰাষ্ট্রীয় মাষ্টাৰ প্লেনৰ জৰিয়তে সমগ্র দেশৰ লগতে উত্তৰ–পূর্বাঞ্চলৰো যাতায়াত–যোগাযোগ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ পূর্বৰ চৰকাৰৰ দিনত অনাদৃত হৈ থকা দেশৰ জলপথছোৱাৰ সুযোগ–সম্ভাৱনা উজ্জীৱিত হ’ব ধৰিছে নতুনকৈ৷ জলপথ হৈছে দূৰত্ব আৰু ব্যয় হ্রাস কৰাৰ এক জনহিতকৰ মাধ্যম৷ সেয়েহে ইয়াৰ পুনৰুজ্জীৱিতকৰণত্ অগ্রাধিকাৰ দি দেশৰ অর্থনৈতিক উন্নয়ন টনকিয়াল কৰাত প্রাধান্য দিয়া হৈছে৷

You might also like