নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত প্রতিমাহে ৩০০ টকাকৈ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে মাচুল নির্ধাৰণক কেন্দ্র কৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ’লেও মাচুল আদায়ক লৈ শিক্ষামন্ত্রীগৰাকীয়ে একপ্রকাৰ কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত মাচুল আদায় দিব নোৱাৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘মাহিলি ৩০০ টকা মানে দিনত ১০ টকাকৈ আদায় দিব লাগিব৷ আপুনি ইংৰাজী মাধ্যমত পঢ়িবও বিচাৰিব আৰু দিনত ১০ টকা দিবও নিবিচাৰিব৷ এয়া হ’ব নোৱাৰে৷ সময়ত মাচুল আদায় নিদিলে ৫ টকা জৰিমনা ভৰিবই লাগিব৷ দিনে ১০ টকাকৈ কিয় দিব নোৱাৰে৷ যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ৷ তেওঁলোকে এফালে ইংৰাজী মাধ্যমৰ স্কুলো বিচাৰিব, ইংৰাজী মাধ্যমত পঢ়াবও বিচাৰিব আৰু দিনত ১০ টকা দিয়াটোত তেওঁলোকৰ আপত্তি আছে৷ এয়া কোনো গ্রহণযোগ্য কথা হ’ব নোৱাৰে৷’ আনহাতে, মাচুল নির্ধাৰণক কেন্দ্র কৰি সৃষ্টি হোৱা প্রতিবাদ সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে আন্দোলন অসমত বহুতে বহুত কাৰণত কৰে৷ ১০ টকাটো দিয়াত অভিভাৱকৰ আপত্তি আছে, কিন্তু অসম চৰকাৰে এইটো গ্রহণ কৰিব নোৱাৰে৷ মূলতঃ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত সম্পূর্ণ বিনামূলীয়াকৈ চৰকাৰে শিক্ষাদান কৰিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে পৰিচালনা কৰি আহিছে৷ অসমীয়া–বাংলা–বড়োকে ধৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ আছে৷ তাত সম্পূর্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰা হয়৷ একাধিক অভিভাৱকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ো অসম চৰকাৰে পৰিচালনা কৰিব লাগে বুলি দাবী জনাই আহিছে৷ সেয়েহে এতিয়া চি বি এছ ইৰ অধীনত ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয়সমূহ স্থাপন কৰা হৈছে৷ চি বি এছ ইৰ নিয়ম–নীতি অনুসৰি তাত আন কিছুমান সা–সুবিধা প্রদান কৰিব লাগে৷ সেয়েহে আন্তঃগাঁথনি, শিক্ষক–শিক্ষয়িত্রী চৰকাৰে প্রদান কৰিছে৷ অতিৰিক্তভাৱে শিক্ষার্থীসকলক যিসমূহ সা–সুবিধা প্রদান কৰিব লাগে, তাৰ বাবেহে ৩০০ টকাকৈ মাচুল ধার্য কৰা হৈছে৷ অৱশ্যে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষার্থীৰ বাবে ২০ শতাংশ আসন বিনামূলীয়া বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয়– ‘২০ শতাংশ আসন আমি দাৰিদ্র্য সীমাৰেখাৰ কাৰণে বিনামূলীয়াকৈ ৰাখিছোঁ৷ আন ৮০ শতাংশ শিক্ষার্থীয়ে মাচুল আদায় দিব লাগিব৷ আমি অসমীয়া, বড়ো আৰু বাংলা মাধ্যমৰ বিদ্যালয়সমূহকো সেই একেই মানৰ কৰিবলৈ চেষ্টা কৰি আছোঁ৷ আমাক কিছু সময়ৰ প্রয়োজন হ’ব৷ অভিভাৱকৰ দাবীতে ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছে আৰু এই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ৩০০ টকা মাচুল দিবই লাগিব৷’ উল্লেখ্য যে আজি সমগ্র শিক্ষা অসম আৰু সুমংগল ফাউণ্ডেচনৰ মাজত সম্পন্ন হোৱা এক বুজাবুজি চুক্তিৰ আনুষ্ঠানিক অনুষ্ঠানত উপস্থিত হৈ শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে৷ একেটা অনুষ্ঠানতে এগৰাকী শিক্ষয়িত্রীয়ে কৰা প্রশ্ণত কম্পিউটাৰ শিক্ষক সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘কম্পিউটাৰ শিক্ষক সুকীয়াকৈ নাথাকে৷ স্মার্ট ম’বাইল ফোন আপোনালোকে যিদৰে ব্যৱহাৰ কৰিবলৈ শিকিছে, সেইদৰে কম্পিউটাৰো শিকি ল’ব৷ মই বাৰে বাৰে কৈছোঁ যে সেই ধাৰণাটো আপোনালোকে স্পষ্ট হওক৷ যিদৰে আমাৰ কার্যালয়সমূহত টাইপিষ্ট নাথাকে অথবা টাইপিষ্টৰ চাকৰিটো নাইকিয়া হৈ গ’ল, সেইদৰে ডিটিপি অপাৰেটৰ বুলিও কোনো চাকৰি নাথাকে৷ সকলোৱেই নিজেই কৰিব লাগিব৷ মই নিজে ডিটিপি কৰোঁ, মিছন সঞ্চালকেও নিজেই ডিটিপি কৰে৷’ এই বুজাবুজি চুক্তিৰ অধীনত ডিব্রুগড় আৰু কামৰূপ মহানগৰ জিলাৰ ১০খনকৈ বিদ্যালয়ত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ শিক্ষামন্ত্রীগৰাকীৰ উপস্থিতিত সমগ্র শিক্ষাৰ মিছন সঞ্চালক ড০ ওম প্রকাশ আৰু সুমংগল ফাউণ্ডেচনৰ প্রতিনিধি গিৰীশ পৰশ্রমকাই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ এইক্ষেত্রত এছ বি আই কার্ড আৰু পেমেণ্ট ছার্ভিচেছ লিমিটেডে সহযোগিতা আগবঢ়াইছে৷ চুক্তি অনুসৰি ডিব্রুগড় জিলাৰ শেনছোৱা পুখুৰী এইচ ই স্কুল, দিনজয় এইচ এম এইচ এছ স্কুল, বগডুং হাইস্কুল, জয়পুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, হাতীআলি হাইস্কুলত এই লেব স্থাপন কৰা হ’ব৷ আনহাতে, কামৰূপ মহানগৰ জিলাৰ ক্ষেত্রী হাইস্কুল, পাণ্ডু আদর্শ হাইস্কুল, গণেশ মন্দিৰ এইচ এছ স্কুল, সাবিত্রী ভৰালী হাইস্কুল আৰু গীতানগৰ হাইস্কুলত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে সুমংগল ফাউণ্ডেচনক এই পদক্ষেপৰ বাবে প্রশংসা কৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বর্তমান যুগ হৈছে বিজ্ঞান আৰু প্রযুক্তিৰ যুগ৷ সেয়েহে শিক্ষার্থীসকলক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ লগত চিনাকি কৰাই দিয়াৰ বাবে ৰাজ্যখনৰ শিক্ষা বিভাগে এই পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে ভৱিষ্যতে অধিক বিদ্যালয়ত টিংকাৰিং লেব স্থাপন কৰা হ’ব৷ অনুষ্ঠানত সমগ্র শিক্ষাৰ কার্যবাহী সঞ্চালক সঞ্জয় দত্তৰ লগতে সুমংগল ফাউণ্ডেচনৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

You might also like