নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ আগষ্টত ঈদ–উজ–জোহা

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ অহা ১ আগষ্টত দেশজুৰি উদ্যাপন কৰা হ’ব ইছলামধর্মীয় লোকসকলৰ পৱিত্র উৎসৱ ঈদ–উজ–জোহা৷ আজি এই কথা ঘোষণা কৰিছে দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে৷ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ বাবে জোন পৰিলক্ষিত নোহোৱাত এই কথা ঘোষণা কৰে শ্বাহী ইমামগৰাকীয়ে৷

উল্লেখ্য যে অতি উলহ–মালহেৰে এই পৱিত্র ধর্মীয় উৎসৱ উদযাপন কৰি আহিছে ইছলাম ধর্মাৱলম্বী লোকসকলে৷ ইছলামিক কেলেণ্ডাৰ অনুসৰি ধু–আল–হিজ্জা মাহৰ দশম–একাদশ আৰু দ্বাদশ দিনত এই উৎসৱ পালন কৰা হয়৷ ত্যাগৰ এই উৎসৱ এইবাৰ কি ধৰণে ইছলাম ধর্মাৱলম্বী লোকসকলে পালন কৰিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ কিয়নো ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত ধর্মীয় উপাসনাস্থলীসমূহত সমৱেত হোৱাৰ ক্ষেত্রত এতিয়াও কেতবোৰ নীতি–নির্দেশনা বাহাল আছে৷

যিহেতু ঈদৰ দিনা সমূহীয়াভাৱে ইছলাম ধর্মাৱলম্বী লোকসকলে একগোট হৈ নামাজ আদায় কৰে, সেয়া এইবেলি ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত কৰিবলৈ সক্ষম হ’ব নে নহয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

You might also like