নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত খেতিপথাৰলৈ আকর্ষিত কৃষক এতিয়া হতাশ

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ৰাজ্যখনত কৃষি অর্থনীতিৰ উত্থানৰ সময়তে প্রলয়ংকৰী বানে উছন কৰিলে কৃষকৰ সপোন৷ কৃষিখণ্ডৰ জৰিয়তে নিজৰ উপার্জন বৃদ্ধিৰ লগতে ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰাৰ বাবে কৃষি বিভাগে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰাজ্যৰ কৃষিখণ্ডই এক নতুন পৰিৱর্তনৰ যাত্রা আৰম্ভ কৰাৰ সময়তে প্রকৃতিৰ ৰোষত পৰি মূৰে–কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে৷ উল্লেখ্য যে যোৱা বছৰৰ তুলনাত কৃষিজাত সামগ্রী উৎপাদনত ৰাজ্যখনে এইবাৰ যথেষ্ট অগ্রগতি লাভ কৰে৷ ধানকে ধৰি শাক–পাচলি উৎপাদনো ঈর্ষণীয়ভাৱে বৃদ্ধি পায়৷

কৃষিখণ্ডত অহা এই পৰিৱর্তনৰ বাবেই অসমৰ ৰঙালাও বিদেশলৈ ৰপ্তানি কৰাৰ লগতে যোৱা মার্চ–এপ্রিল মাহত চলা লকডাউনৰ সময়ত অসমে শাক–পাচলি বিক্রী কৰি ৩৫৭ কোটিৰো অধিক ধন উপার্জন কৰিবলৈ সক্ষম হয়৷ আনকি অসমৰ পাচলি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্রদেশকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহতো বিক্রী কৰিবলৈ সক্ষম হয়৷ তদুপৰি মার্চ মাহৰ শেষ ভাগৰ পৰা মে’ মাহৰ মাজভাগলৈ ৰাজ্যখনত ক’ভিড–১৯ৰ বাবে লকডাউন চলি থকাৰ সময়ত অসমৰ কৃষক ৰাইজে অধিক উদ্যমেৰে সেই সময়ছোৱাত কৃষিকার্যত মনোনিৱেশ কৰে৷ কৃষক পৰিয়ালৰ চৰকাৰী চাকৰিয়ালকে ধৰি ছাত্র–ছাত্রীসকলেও সেই সময়ছোৱাত খেতি পথাৰত নামি কৃষিখণ্ডৰ জৰিয়তে উপার্জনৰ বাট মোকলোৱাত নিমজ্জিত হয়৷

ৰাজ্যৰ কৃষিখণ্ডত অহা এনে জাগৰণৰ পৰিপ্রেক্ষিতত কৃষিমন্ত্রী অতুল বৰায়ো কৃষকৰ উপার্জন অধিক বৃদ্ধিৰ ক্ষেত্রত চৰকাৰে সহায়ৰ হাত কেনেদৰে আগবঢ়াব, সেই সম্পর্কত বহুকেইখন বৈঠকত মিলিত হয়৷ যোৱা ১৭ জুনত কৃষিমন্ত্রী বৰাই জনতা ভৱনত কৃষি তথা উদ্যান শস্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হৈ বিভিন্ন দিশৰ পর্যালোচনা কৰে৷ ১৯ জুনত তেওঁ বিভাগৰ বিভিন্ন আঁচনিৰ খতিয়ান ল’বলৈ কৃষি উদ্যান শস্য বিভাগ আৰু সঞ্চালকালয়ৰ উচ্চপদস্থ বিষয়াবর্গৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকত তেওঁ কৃষক তথা পশুপালকসকলৰ আয় বৃদ্ধিৰ বাবে সমষ্টিভিত্তিক আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে৷ চলিত বিত্তীয় বর্ষত ধার্য কৰা পুঁজি অনুযায়ী গো–পালন, ম’হ, ছাগলী, গাহৰি, হাঁহ, কুকুৰা পালন আদি বিভিন্ন ক্ষেত্রত কৃষক ৰাইজক সহায় দিয়াৰ নির্দেশ দিয়ে৷ আত্মনির্ভৰশীল অসম নির্মাণৰ ক্ষেত্রত কৃষি বিভাগে যাতে অগ্রণী ভূমিকা ল’ব পাৰে, তাৰ বাবে কৃষিমন্ত্রী বৰাৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও যোৱাকেইটা মাহত কৃষি বিভাগৰ সৈতে বহুকেইখন বৈঠকত মিলিত হৈ কৃষক ৰাইজক উৎসাহিত কৰাৰ পৰামর্শ আগবঢ়ায়৷ পিছে ৰাজ্যৰ এইবাৰৰ প্রলয়ংকৰী বানে কৃষক ৰাইজৰ সেই উৎসাহ আৰু চৰকাৰৰ পদক্ষেপত যেন চেঁচা পানীহে ঢ়ালিলে৷ আজিপর্যন্ত ৰাজ্যৰ কৃষিভূমিৰ ২,৫৪,৮৫৯.১৬ হেক্টৰ পানীৰ তলত৷

ইয়াৰে ৭৫,৬০৭ হেক্টৰ মাটিত আছে আগতীয়া আহু আৰু বৰোধানৰ খেতি৷ ৮,০৮৯.০৯ হেক্টৰ মাটিত আছে নিয়মীয়া আহু ধানৰ খেতি৷ ৮০,২০৭.৩৮ হেক্টৰ মাটিত আছে বাও, শালিধানৰ খেতি৷ বানপানী শুকোৱাৰ পাছতহে জানিব পৰা যাব প্রকৃততে সেই বৃহৎ কৃষিখণ্ডত কৰা কিমান খেতি সম্পূর্ণৰূপে আৰু কিমান আংশিকভাৱে ক্ষতিগ্রস্ত হয়৷ কিন্তু প্রাকৃতিক এই দুর্যোগে স্বাভাৱিকতে চিন্তাত পেলাইছে কৃষক ৰাইজৰ লগতে নতুনকৈ কৃষিকার্যৰ প্রতি আকৃষ্ট হোৱা নতুন প্রজন্মক৷

You might also like