নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ চনত নীলিম হৈ থাকিব অসমৰ আকাশ–বতাহ

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ ‘কলঙৰ পাৰৰ পৰাই অসম জাতীয় পৰিষদে আৰম্ভ কৰিছে যাত্রা৷ কলঙে সৃষ্টিৰ প্রেৰণা যোগায়৷ এই প্রেৰণাক আলম লৈ আমি অসমক এক শক্তিশালী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিব বিচাৰিছোঁ৷ অসম জাতীয় পৰিষদে সকলো জাতি–জনগোষ্ঠীক লগত লৈ আগুৱাই যোৱাৰ প্রয়াস কৰিছে৷’–এই ২০২১ চনত নীলিম হৈ থাকিব অসমৰ আকাশ–বতাহ মন্তব্য অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভুঞাৰ৷ আজি নগাঁৱৰ খগেন মহন্ত প্রেক্ষাগৃহত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠনৰ বাবে অনুষ্ঠিত সভাত অংশগ্রহণ কৰি ভূঞাই লগতে কয়, আমাৰ দলটো এতিয়াও পূর্ণাংগ ৰূপত গঠন হোৱা নাই৷ ইয়াৰ পিছতো বিজেপিৰ একাংশ মন্ত্রী–বিধায়কে আমাৰ দলটোক তুচ্ছ–তাচ্ছিল্য কৰি আহিছে৷

আমাৰ পতাকাখনক লৈও তেওঁলোকে ইতিকিং কৰিছে৷ তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্রীয় পতাকাত থকা চক্রটোত নীলা ৰং আছে৷ ভাৰতীয় ক্রিকেট দলে নীলা পোছাক পিন্ধি খেলে৷ এই ৰঙে এক বিকাশত প্রতিনিধিত্ব কৰে৷ তেওঁ লগতে কয়, ২০২১ চনত অসমৰ আকাশ–বতাহ নীলিম হৈ থাকিব৷ অসমৰ লাঞ্ছিত বঞ্চিত জনসাধাৰণৰ সর্বাংগীন উন্নয়নৰ কাৰণে এই দল গঠন কৰা হৈছে বুলি উল্লেখ কৰি ভূঞাই আৰু কয়, অসমৰ সকলো শ্রেণীৰ বিকাশৰ বাবে এই দলে কাম কৰি যাব৷ ভাষণত তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি কয়, ২০১৬ৰ নির্বাচনৰ প্রাকমুহূর্তত বিজেপিয়ে বহু প্রতিশ্রুতি দিছিল৷ কোনো প্রতিশ্রুতিয়েই তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে৷ অসমৰ পৰা বিদেশী বহিষ্কৰণ কৰা নিবনুৱা সমস্যা সমাধান কৰা, বান–গৰাখনীয়াৰ সমস্যা সমাধান কৰাৰ বহু প্রতিশ্রুতি দিছিল৷ সেইবোৰ সমস্যা সমস্যা হৈ থাকিল৷

আমি এনে এখন অসমৰ কথা চিন্তা কৰিছেছা যিখন অসমত সকলো জাতি–জনগোষ্ঠীয়ে সম মর্যাদাসহ জীয়াই থাকিব পাৰিব৷ আমাৰ শিক্ষা–দীক্ষা গ্রহণ কৰি উচ্চ শিক্ষিত হোৱা যুৱক–যুৱতীয়ে যাতে চাকৰি বিচাৰি হাবাথুৰি খাবলগা নহয়, তাৰ বাবে যথোপযুক্ত পদক্ষেপ গ্রহণ কৰিব৷ বৰাক উপত্যকাত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ সমর্থকে পাকিস্তান জিন্দাবাদ বুলি কোৱা কথাটোৰ তীব্র গৰিহণা দি কয় যে যদি কোনো লোকে ৰাষ্ট্রদ্রোহী কথা কৈছে, তেন্তে চৰকাৰে কিয় তেওঁলোকক এতিয়াও গ্রেপ্তাৰ কৰা নাই কিয়৷ আচলতে বদৰুদ্দিনৰ লগত বিজেপিৰ গোপন বুজাবুজি আছে৷ কাৰণ নগাঁও আৰু দৰং জিলা পৰিষদ এ আই ইউ ডি এফৰ সহযোগত বিজেপিয়ে গঠন কৰিছে৷ প্রাক্তন অগপ নেতা দেৱ কুমাৰ বৰাই সভাপতিত্ব কৰা সভাত জাতীয় পৰিষদৰ অন্যতম সমন্বয়ক অদীপ ফুকনে কয়, বিজেপিয়ে অসমীয়া ভাষা–সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে৷ আজি ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰা, স্বাধীনতা সংগ্রামী ভোগেশ্বৰী ফুকননী জীয়াই থাকিলে, বিজেপিক জবাবদিহি কৰিলেহেঁতেন৷

আনকি, ব্রিটিছৰ সপক্ষে থকা আৰ এছ এছৰ নেতৃত্বত গঠন হোৱা বিজেপিয়ে দেশপ্রেমৰ কথা কোৱাৰ কিবা অর্থ আছে নেকি? বিজেপিয়ে পৰিৱর্তনৰ কথা কৈ ৰাজ্যৰ শাসনৰ গাদী দখল কৰাৰ পিছত সকলো অসমৰ পৰিপন্থী কাম কৰিলে৷ তেওঁলোকে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, কিন্তু বিগত সাত বছৰত মাত্র ২২৭জন বিদেশীক বহিষ্কাৰ কৰিলে৷ চৰকাৰী তথ্য মতে, ৰাজ্যত ৪১ হাজাৰ বিদেশী থকা সত্ত্বেও তেওঁলোকক বহিষ্কাৰ নকৰি, পলাই যোৱাৰ সুবিধা দিলে৷ ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাক তীব্র সমালোচনা কৰি কয় যে এই গৰাকী মন্ত্রীৰ দিনত এতিয়ালৈ ৪০জন কৃষকে আত্মহত্যা কৰিলে৷ সমগ্র দেশতে ২৪১ জন কৃষকে আত্মহত্যাৰ পথ বাছি ল’লে বুলি উল্লেখ কৰি ফুকনে কয়, ৰাজ্যত ৩০ লাখ কৃষক থকাৰ পিছত প্রধানমন্ত্রী কৃষি সন্মান আঁচনিৰ জৰিয়তে ৩৯,৩৯,৩৯৬ জন কৃষকক ধন দিলে৷ তাৰ মানে বিজেপি অগপৰ নেতা–মন্ত্রীয়ে ৪০ লক্ষাধিক ভুৱা কৃষক দেখুৱাই সেই ধন আত্মসাৎ কৰিলে৷

তেওঁ আৰু কয়, বর্তমান আমাৰ ৰাজ্যখনত বিজেপি চৰকাৰে ৪৪ কোটি টকাৰ ঋণৰ বোজা জাপি দিছে৷ স্বাস্থ্য বিভাগ উন্নতি হোৱা বুলি ঢ়াক–ঢ়োল বজোৱাৰ সময়ত বিগত সময়ছোৱাত ৰাজ্যখনত ৯৩৪জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ আনকি, বিগত ছটা মাহত অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ দাম ৭০ শতাংশ বৃদ্ধি পাইছে৷ অদীপ ফুকনে ৰাজ্যৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তক সমালোচনা কৰি কয়, কেশৱ মহন্তই গাদীৰ আশাত বিজেপিৰ বৰঘৰত সুমুৱাই অগপ দলটোক ধ্বংস কৰিলে৷ অদীপ ফুকনে এটা সময়ত আঞ্চলিকতাবাদীৰ ৰাজনীতিৰ দুর্গ হিচাপে খ্যাত নগাঁৱৰ পৰাই আঞ্চলিক দল জাতীয় পৰিষদক শক্তিশালী কৰি অসম আৰু অসমীয়াকবচোৱাৰ পণ ল’বলৈ আহ্বান জনায়৷ উক্ত সভাত জাতীয় পৰিষদৰ মুখ্য মুখপাত্র জিয়াউৰ ৰহমান আৰু জাতীয় যুৱ শক্তিৰ মুখ্য আহ্বায়ক লাকীমণি বৰুৱায়ো ভাষণ দিয়ে৷

এই সভাত দলটোৰ ৰাজ্যিক আহ্বায়ক জিতেন ডেকা, লুচী নেওগ, নগাঁও জিলা আহ্বায়ক সমিতিৰ জিলা সমন্বয়ক তথা ৰাজ্যিক আহ্বায়ক ৰাণা বৰদলৈ, উদিত্যনাৰায়ণ ৰাজা, পুলিন হাজৰিকা, ৰঞ্জিত বৰা, জিতেন শর্মা, আবেদুৰ ৰহমান, পূৰেণ দাস, জয়ন্ত ৰাজা, মজিবুৰ ৰহমান আদিকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে৷ সভাৰ অন্তত নগাঁও জিলাৰ ৮টা সমষ্টি সামৰি ৮জন মুখ্য আহ্বায়ক আৰু ৮৫জন আহ্বায়কলৈ নগাঁও জিলাৰ পূর্ণাংগ আহ্বায়ক সমিতিখন গঠন কৰা হয়৷ তেওঁলোক হ’ল দেৱ কুমাৰ বৰা, পুলিন হাজৰিকা, ৰঞ্জিত বৰা, জিতেন শর্মা, আবেদুৰ ৰহমান, পূৰেন দাস, জয়ন্ত ৰাজা আৰু মজিবুৰ ৰহমান৷ উক্ত সভাত শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে৷

You might also like