নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ নতুন চিআইচি যশবর্ধন সিনহা

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ দেশৰ নতুন তথ্য আয়ুক্ত (চিআইচি) হিচাপে কালি শপতগ্রহণ কৰিলে যশবর্ধন কুমাৰ সিন্হাই৷ ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে চিআইচি হিচাপে যশবর্ধন সিন্হাক শপত বাক্য পাঠ কৰোৱায়৷ উল্লেখ্য যে যোৱা ২৬ আগষ্টত বিমল জুলকাই অৱসৰগ্রহণ কৰাৰ পাছত এই পদটো খালী হৈ আছিল৷ নতুন চিআইচি ৰূপে দায়িত্ব লোৱা সিন্হাই প্রায় ৩ বছৰ ধৰি কার্যনির্বাহ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন তিনিজনীয়া কমিটীয়ে তালিকাভুক্ত কৰা চাৰিজনৰ ভিতৰত যশবর্ধন সিন্হাক দায়িত্ব দিবলৈ অনুমোদন জনোৱাৰ পাছতেই ৰাষ্ট্রপতিয়ে শপতবাক্য পাঠ কৰোৱায়৷

You might also like