নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫১ গৰাকী ৰোগীক হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি স্বাস্থ্য বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ৰাজ্যত ক’ৰোনাৰ প্ৰভাৱ বৃদ্ধি পাইছে। ৰাজ্যত ২০,৬৪৬জন ৰোগী আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১৪,১০৫জন লোক। বৰ্তমান সক্ৰিয় অৱস্থাত আছে ৬৪৮৭জন লোক। আনহাতে মৃত্যু ঘটিছে ৫১জন লোকৰ।
আজি মুঠ ৫৫১জন লোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে। টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like