নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ; বৰবজাৰত ৫ ব্যৱসায়ী আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৭ জুলাই : চৰকাৰী নিৰ্দেশনা অনুসৰি নগাঁও চহৰত ক’ভিড ১৯ ৰোগী চিনাক্তকৰণৰ বাবে আৰম্ভ কৰা হ’ল ৰেপিড এন্টিজেন টেষ্টৰ । আজি বিয়লি নগাঁও চহৰৰ অতি ব্যস্ততম বৰবজাৰত স্বাস্থ্য বিভাগৰ লোকে একাংশ ব্যৱসায়ীৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত তেওঁ লোকৰ মাজৰ পাঁচ জনৰ দেহত ক’ভিড-১৯পজিটিভ ধৰা পেলায়।

কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা বৰবজাৰৰ এই ব্যৱসায়ী কেইজন হৈছে হয়বৰগাঁৱৰ কমলাকান্ত ত্ৰিবেদী (৫৪), ইছলামপট্টিৰ মীৰ হুছেইন (৫১), কচলুখোৱাৰ বিমল কৰ (৬১), আমিন পট্টিৰ আব্দুল মালিক (৬০) আৰু চকীটুপৰ বিশ্বনাথ দে (৬০)। ইপিনে, জিলা খনৰ শিলঘাট মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেৱৰটৰী টেকনিচিয়ান দেৱজিৎ বৰাও কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

বৰপাঠৰীৰ নিৱাসী স্বাস্থ্য কৰ্মী জনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। আনহাতে, নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী টাউন তেলীয়া গাঁৱৰ মন্টু বৰা (৫৩) আৰু তেওঁৰ গাড়ী চালক প্ৰদীপ বৰাও (৩৩)কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।আজিৰ দিনটোতে কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ন জন লোকক ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে আন ৰোগতো আক্ৰান্ত মন্টু বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।আনহাতে নগাওঁ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ গাড়ী চালক (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) গোপাল থাপা (৪২) ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত কৰে নগাওঁ জিলা স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ গাড়ী চালক গৰাকী ক’ৰ’নাত আক্রান্ত হোৱাত নগাওঁ জিলা স্বাস্থ্য বিভাগত হাহাকাৰৰ সৃষ্টি হয়। আজি ক’ৰ’নাত আক্ৰান্ত হোৱা আটাইকেইজন ৰেপিড এণ্টিজেন্ট টেষ্টৰ দ্বাৰা ক’ৰ’নাত আক্রান্ত হোৱাটো নিশ্চিত হয়। আজি বিয়লি পৰ্যন্ত জিলাখনত ক’ভিডত আক্রান্তৰ সংখ্যা ১০৬১ গৰাকীলৈ বৃদ্ধি হৈছে।

নগাঁও চহৰত ইজনৰ পাছত সিজনকৈ কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকা লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত চহৰ খনত কৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। ত্ৰস্তমান হৈ পৰিছে চহৰ বাসী। চহৰখনৰ বৰবজাৰৰ ৫ জনকৈ লোক ক’ৰ’নাত আক্রান্ত হোৱা ঘটনাই নগাওঁ চহৰ বাসীক আতংকিত কৰি তোলাৰ লগতে জিলা প্ৰশাসনকো চিন্তিত কৰি তুলিছে।

You might also like