নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰক্ষাকৱচ আমাৰ প্ৰাপ্য, কিন্তু কা আমি নামানোঃ সমুজ্জ্বল

উৰুকাত মেজিত কা দাহৰ আহ্বান আছু-৩০ সংগঠনৰ

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ ভোগালীৰ প্ৰাকক্ষণত কা বিৰোধী প্ৰতিবাদেৰে মঙলবাৰে উত্তাল হৈ পৰিল দিছপুৰ লাষ্টগেট। অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ দিনাখনে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটত পুনৰ দিল্লী আৰু দিছপুৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্ৰতিবাদকাৰীসকল। উল্লেখ্য যে অসম বিধানসভাৰ বিশেষ অধিৱেশনত কা বাতিলৰ এক প্রস্তাৱ গ্রহণৰ দাবী তুলি মঙলবাৰে দিছপুৰ লাষ্টগেটত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰূপায়ণ কৰিলে অৱস্থান ধর্মঘট৷ ‘কা’ বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তন আৰু অসম চুক্তি অক্ষত অৱস্থাত থকা তথা সময় মতে কার্যকৰী কৰিবৰ বাবে প্রস্তাৱ গ্রহণৰ দাবীত ৰূপায়ণ কৰা এই অৱস্থান ধর্মঘট কার্যসূচীত কেন্দ্রীয় চৰকাৰে বিতর্কিত আইনখনেৰে কিদৰে অসমৰ খিলঞ্জীয়াসকলক নিঃশেষ কৰিব বিচাৰিছে, তাক লৈ সৰৱ হ’ল কেইবাজনো প্রতিবাদকাৰী নেতা৷ কার্যসূচীত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কর্মীসকলে ‘কা’ আমাক নালাগে, ‘কা’ শীঘ্রে বাতিল কৰক, ‘কা’ বাতিলৰ বাবে বিধানসভাত প্রস্তাৱ গ্রহণ কৰক, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুর্দাবাদ, ড০ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে৷ প্রতিবাদস্থলীত ভাষণ প্রদান কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ নামত বিগত ৪৩ বছৰে অবৈধ বাংলাদেশী জাপি দিয়া হ’ল৷ দিল্লীয়ে ক’ব খোজে যে খিলঞ্জীয়াৰ ওপৰত বাংলাদেশী জাপি দিলে অসমীয়া জাতি বাচি থাকিব৷ এই অবান্তৰ আৰু আচৰিত ফর্মূলা লৈ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন আনিছে৷ ইয়াক কোনো কাৰণতে গ্রহণ কৰা নহ’ব৷ ১৯৭১ৰ পাছৰ সকলো অবৈধ বাংলাদেশী যাব লাগিব৷ অসম চুক্তিত এই কথা স্পষ্ট কৰা আছে৷ ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমে বাংলাদেশীৰ বোজা গ্রহণ কৰিলে৷ সেয়ে আমাক সাংবিধানিক ৰক্ষাকৱচ লাগে, এয়া আমাৰ প্রাপ্য৷ কিন্তু আমি ‘কা’ নামানো৷ সাংবিধানিক ৰক্ষাকৱচক লৈ দৰ–দাম নচলিব৷ ইয়াকে লৈ কেন্দ্রীয় চৰকাৰে বিভ্রান্তি কৰাৰ চেষ্টা চলাইছে৷ আনহাতে, প্রতিবাদত ভাষণ প্রদান কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়– ৰাজ্যখনৰ এই সময়ত সমগ্র জনতা ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ থাকে৷ কিন্তু তেনে সময়তে অসমৰ জনতাই ৰাজপথত থিয় হ’বলগীয়া হৈছে৷ জাতীয় জীৱন ধ্বংস কৰাৰ বাবে দিল্লী–দিছপুৰে যি ষড়যন্ত্রত লিপ্ত হৈছে, তাৰ বাবে সকলোৱে ভোগালীক আদৰাৰ পৰিৱর্তে পথলৈ ওলাই আহিব লগা হৈছে৷ খিলঞ্জীয়া অসমীয়াৰ ওপৰত দিল্লীয়ে অবিৰত অত্যাচাৰ চলাই আহিছে৷ অসমৰ জনতাই ভাবিবলৈ বাধ্য হৈছে যে ভাৰতৰ অবিচ্ছেদ্য অংগ অসম হয় নে নহয়? দিল্লীয়ে বাৰে বাৰে কৰি অহা ৰাজনৈতিক অবিচাৰ, অর্থনৈতিক শোষণৰ পাছত অসমৰ জনতাই ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে৷ কেন্দ্রীয় চৰকাৰখনে অসমৰ খিলঞ্জীয়া ৰাইজৰ সামাজিক ক্ষমতা কাঢ়ি নিয়াৰ ষড়যন্ত্র চলাইছে৷ তেওঁলোকে জানে যে অসমীয়া ৰাইজৰ ওপৰত থকা এই সামাজিক ক্ষমতা কাঢ়ি নিলে অসমৰ স্বাভিমান নিঃশেষ কৰি দিব পাৰিব৷ আৰু এই ক্ষমতা তেওঁলোকে সৃষ্টি কৰা ভোটবেংকৰ ওপৰত জাপি দিব পাৰিব৷ আন্দোলন নিঃশেষ কৰাৰ এক ষড়যন্ত্র ইতিমধ্যে ৰচনা হৈছে৷ কিন্তু ৰাইজ অধৈর্য হ’ব নালাগিব৷ এই সংগ্রাম দীঘলীয়া হ’ব৷ আনহাতে, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সম্পাদক পলাশ চাংমায়ে কয়– জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সর্বাধিক ক্ষতিগ্রস্ত হ’ব অসম৷ কিন্তু দুর্ভাগ্যজনক কথা হ’ল, জাতি–ভেটি–মাটিৰ কথা সততে আওৰাই থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দিল্লীৰ নেতাসকলক সন্তুষ্ট কৰাৰ স্বার্থত জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্র কৰিছে৷ এটা কথা স্পষ্ট– অসমীয়া জাতিক দিল্লীয়ে কেতিয়াও নিৰাপত্তা দিব নোৱাৰে৷ আন ৰাজ্যৰ সলনি অসমে প্রথমে বিধানসভাত এই আইনখনৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক স্পষ্ট কৰি দিব লাগিছিল যে ‘কা’ অসমে নামানে৷ কিন্তু দিল্লীৰ ওচৰত বিবেক বিক্রী কৰা চৰকাৰে এই পদক্ষেপ গ্রহণ নকৰিলে৷ সেয়েহে অসম বিধানসভাৰ বিশেষ অধিৱেশনত ‘কা’ বাতিলৰ দাবীৰে প্রস্তাৱ ল’বলৈ জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে দাবী তুলিছে৷ পৰিষদৰ ৰাণাপ্রতাপ বৰুৱাই কয় যে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰাপর্যন্ত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ধাৰাবাহিক আন্দোলন চলাই যাব৷ সমান্তৰালভাৱে অসমত আন্তঃৰাজ্যিক পাৰপত্র প্রৱর্তন আৰু অসম চুক্তিৰ প্রতিটো দফা সময়মতে কার্যকৰী কৰাৰ বাবেও আন্দোলন অব্যাহত থাকিব৷ আজিৰ প্রতিবাদী কার্যসূচীত বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী অজিত কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকন, নেকিবুৰ জামান, বিমল চৌধুৰী, অভিনেত্রী বৰষাৰাণী বিষয়াই ভাষণা প্রদান কৰে৷
উৰুকাৰ জুহাল, মেজিৰ জুইত ‘কা’ দাহৰ আহ্বান আছু–৩০ জনগোষ্ঠীয় সংগঠনৰ
উৰুকাৰ দিনাও ‘কা’বিৰোধী প্রতিবাদ অব্যাহত ৰাখিব ৰাজ্যৰ দল–সংগঠনসমূহে৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এটাৰ পাছত আন এটা আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে বিভিন্ন সংগঠনে৷ সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে মাঘ বিহুৰ উৰুকা আৰু বিহুৰ দিনা জুহাল আৰু মেজিত অসাংবিধানিক, সাম্প্রদায়িক আৰু অসম চুক্তি উলংঘাকাৰী নাগৰিকত্ব সংশোধনী আইন দাহ কৰিবলৈ ৰাইজক আহ্বান জনাইছে৷ ‘কা’বিৰোধী আন্দোলনক আগবঢ়াই নিয়াৰ আহ্বান জনাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ জনসাধাৰণৰ প্রতিবাদক কেন্দ্রীয় চৰকাৰে আওকাণ কৰি আহিছে৷ ‘কা’ সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ অসমবিৰোধী স্থিতিৰ ওচৰত ৰাজ্য চৰকাৰখনে আত্মসমর্পণ কৰিছে৷ যাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ অসম চৰকাৰৰ নেতৃত্বই বিভ্রান্তিমূলক কথা–বতৰাৰে অসমবাসীক বাৰম্বাৰ অপমান কৰি আহিছে৷ ‘কা’ দাহ কৰি অসমৰ জনসাধাৰণে অসমক সুৰক্ষিত কৰিবলৈ, অসমত খিলঞ্জীয়াৰ প্রভুত্ব অক্ষুণ্ণ ৰাখিবলৈ সংকল্প গ্রহণ কৰিব লাগিব৷ ইফালে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে ‘কা’ অসমৰ খিলঞ্জীয়া, ভাষা–সংস্কৃতি, পৰিচয় আৰু অস্তিত্বৰ শত্রু৷ আনহাতে, বিহু আমাৰ খিলঞ্জীয়া সংহতিৰ বাপতিসাহোন৷

বিহুত জুহাল–মেজিৰ জুইত ‘কা’ দাহ কৰিবলৈ সদৌ অসম ছাত্র সন্থাই ৰাইজক আহ্বান জনাইছে৷ ইফালে, অসম নাগৰিক সমাজৰ এখন সংবাদ মেলত ভাৰপ্রাপ্ত সভাপতি অজিত কুমাৰ ভূঞায়ো মেজিৰ জুইত ‘কা’ দাহ কৰিবলৈ ৰাইজক আহ্বান জনাইছে৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে উৰুকাৰ নিশা ‘কা’ৰ বিৰোধিতাৰে অনশনৰ কার্যসূচী ৰূপায়ণ কৰিব৷ ভাৰতীয় কমিউনিষ্ট পার্টীৰ অসম ৰাজ্যিক পৰিষদে মঙলবাৰে পুৱা ১১ বজাৰ পৰা এ আই টি ইউ চি কার্যালয় প্রাংগণত অৱস্থান ধর্মঘটৰ কার্যসূচী ৰূপায়ণ কৰিব৷ অসম সংগ্রামী মঞ্চ আৰু জাতীয়তাবাদ পুনৰ নির্মাণ সমিতিয়েও উৰুকাৰ নিশা ৬ ঘণ্টীয়া অনশন কার্যসূচী গ্রহণ কৰিছে৷ এনেদৰে জাতিৰ সংকটকালত প্রতিবাদৰ মাজেৰেই বাপতিসাহোন বিহুটি পালন কৰিবলৈ সাজু হৈছে অসমবাসী৷

You might also like