নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া মহকুমাত চোকা নিৰীক্ষণঃ দণ্ডাধীশ , আৰক্ষীক লগত লৈ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ অভিযান

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অসম চৰকাৰে অতি সতৰ্কতাৰে লক ডাউন মানি চলিবলৈ ৰাইজক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো একাংশই উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে আৰক্ষীক লগত লৈ মহকুমাটোৰ বিভিন্ন পথত চোকা নিৰিক্ষণ চলায় । উল্লেখযোগ্য যে, অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই পৰহি পুনৰ এক বিজ্ঞপ্তি যোগে অত্যন্ত জৰুৰী নহ’লে ৰাইজক নিজৰ ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাইছে । তেখেতে জনাইছে যে, জৰুৰী সেৱা সমূহৰ বাহিৰে অন্য কোনোধৰণৰ লোক তথা যান-বাহন চলাচলৰ অনুমতি দিয়া নাই । মুখ্য সচিবৰ এই আহ্বান কাৰ্য্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ উদ্দেশ্য আগত ৰাখি শনিবাৰে সন্ধিয়াৰে পৰা গুৱাহাটী- নলবাৰী পথ, ৰঙিয়া -ভূটান পথ, মূৰাৰা চ’ক, ৰঙিয়া পৌৰ এলেকা, কমলপুৰ, কেন্দুকোণা, বাইহাটা আদি বিভিন্ন স্থানৰ পথত চলাচল কৰা যান-বাহন সমূহ ৰখাই সোধা-পোছা কৰাৰ লগতে পথচাৰী সকলকো ওলাই অহাৰ কাৰণ বিচাৰি কৈফিয়ৎ তলব কৰে অতিৰিক্ত উপায়ুক্তই । অতিৰিক্ত উপায়ুক্তই ৰঙিয়াত চলোৱা এই অভিযান কালত উপস্থিত থাকে কামৰূপৰ সহকাৰী আয়ুক্ত তথা কাৰ্য্যবাহী দণ্ডাধীশ অপ্ৰতীম গোস্বামী, ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ লগতে আৰক্ষী বাহিনীৰ লোকসকল । ইফালে, অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ নিৰ্দেশ মৰ্মে মহকুমা তথ্য আৰু জনসংযোগ বিভাগে প্ৰতিদিনে অনুভাষ যন্ত্ৰ যোগে ৰাইজক সামাজিক দূৰত্ব মানি চলাৰ লগতে লক ডাউন মানি চলিবলৈ আহ্বান জনাই আহিছে । অতিৰিক্ত উপায়ুক্তৰ আজিৰ এই অভিযানৰ পিছত ৰঙিয়া চহৰত বৰ্তমান বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ।

You might also like