নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক পৰিৱেশ বিনষ্ট হ’বলৈ নিদিব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত দুসপ্তাহ ধৰি প্রতিবাদমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকা৷ যোৱা ৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) উত্থাপনৰ পূর্বৰে পৰা ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিছিল৷ কেবক আইনত পৰিণত কৰাৰ বাবে শাসকীয় পক্ষই সর্বশক্তি প্রয়োগ কৰাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি আছে বিৰোধী ৰাজনৈতিক দলৰ উপৰি জাতীয় সংগঠন–নুষ্ঠানস৷ কেব সংসদত উত্থাপনৰ তৎপৰতা চলি থকাৰ সময়তে দল–সংগঠনসমূহে প্রতিবাদী কার্যসূচী গ্রহণ কৰিছিল যদিও এনে প্রতিবাদৰ মাজতে লোকসভাৰ মজিয়াত বিতর্কিত বিধেয়কখন ৯ ডিচেম্বৰত উত্থাপন কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ শাসক–বিৰোধী পক্ষৰ মাজত চলা বাক্–বিতণ্ডাৰ মাজতে লোকসভাৰ মজিয়াত মাজনিশা বিধেয়কখন গৃহীত হোৱাৰ পিছত ১১ ডিচেম্বৰত ৰাজ্যসভাতো গৃহীত হৈছে৷ সংসদৰ উভয় সদনত বিধেয়কখন গৃহীত হোৱাৰ পিছত ৰাষ্ট্রপতিয়ে ১২ ডিচেম্বৰত অনুমোদন দিয়াৰ লগে লগে বিতর্কিত বিধেয়কখন আইনত পৰিণত হৈছে৷ ‘কা’ৰ সমর্থনত শাসকীয় বিজেপিয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বিপৰীতে বিৰোধী দল–সংগঠনে ইয়াৰ বিৰুদ্ধে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে৷ লোকসভাৰ মজিয়াত বিধেয়ক উত্থাপন হোৱাৰ পিছৰে পৰা গুৱাহাটীকে ধৰি ব্রহ্মপুত্র উপত্যকাত ধাৰাবাহিক আন্দোলন চলি আছে৷ প্রতিবাদী কার্যসূচীৰ সময়ত ১২ ডিচেম্বৰৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ কেতবোৰ অঞ্চলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো জিলাত সান্ধ্য আইন বলৱৎ কৰাৰ লগতে ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিছিল৷ আৰক্ষীৰ গুলীত ৫গৰাকীকৈ আন্দোলনকাৰী নিহত হোৱাৰ লগতে কেইবাজনো ঘুণীয়া হৈছে৷ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ লগতে সিংহভাগ দল–সংগঠনে বিতর্কিত আইনখন বাতিলৰ পক্ষত থিয় দিছে৷ ইয়াৰ বিপৰীতে আইনখনৰ পক্ষে গ্রহণ কৰা স্থিতি সলনি কৰাৰ কোনো লক্ষণ শাসকীয় পক্ষই দেখুওৱা নাই৷ ফলত বিতর্কিত আইনখন বাতিলৰ দাবীত ৰাজ্যখনৰ কেইবাটাও দল–সংগঠন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ ‘কা’ বাতিলৰ বাবে আৰম্ভ হোৱা ন্যায়িক যুঁজখনৰ ফলাফল ওলোৱাত বিলম্ব হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷
‘কা’বিৰোধী ন্যায়িক যুঁজখনৰ লেখীয়াকৈ যদিহে ধাৰাবাহিক প্রতিবাদ অব্যাহত থাকে, তেন্তে অসমৰ অৱস্থা আকৌ অগ্ণিগর্ভা হৈ উঠিব নেকি? বিশেষকৈ ৰাজ্যখনৰ উন্নয়ন আৰু ছাত্র–ছাত্রীসকলৰ ভৱিষ্যতক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ বিদেশী বহিষ্কৰণৰ দাবীত ছবছৰীয়া অসম আন্দোলনত অসমৰ ৮৬০গৰাকী শ্বহীদ হোৱাৰ উপৰি অসমৰ ছাত্র–ছাত্রীসকলে এটি মূল্যৱান শিক্ষাবর্ষ হেৰুৱাইছিল৷ ‘কা’বিৰোধী প্রতিবাদ আৰু হিংসাত্মক ঘটনাৰ বাবে বিগত দুসপ্তাহ ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত৷ এই সময়ছোৱাত ছাত্র–ছাত্রীসকলৰ পাঠদান ব্যাহত হোৱাই নহয়, নির্ধাৰিত পৰীক্ষাসমূহ বাতিল কৰিব লগা হৈছে৷ শিক্ষানুষ্ঠানসমূহত পাঠদান কেতিয়া নিয়মীয়া হ’ব সেয়া এতিয়াও অনিশ্চিত হৈ আছে৷ বাতিল হোৱা পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত কৰাৰ পৰিৱেশ ঘূৰি আহিবনে নাহে সেয়াও স্পষ্ট হোৱা নাই৷ আন্দোলন–প্রতিবাদৰ নামত বিগত ৪০ বছৰে ৰাজ্যখনৰ সুস্থ শৈক্ষিক পৰিৱেশ বহু পৰিমাণে আঘাতপ্রাপ্ত হৈছে৷ চাৰি দশক পূর্বে অসম আন্দোলনৰ সময়ছোৱাত বিধ্বস্ত হৈছিল ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ৷ ইয়াৰ পিছত প্রায় তিনি দশক ধৰি উগ্রপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত চলা অঘোষিত যুঁজখনতো অসমৰ শৈক্ষিক পৰিৱেশ বহু পৰিমাণে আঘাতপ্রাপ্ত হৈছিল৷ এতিয়া প্রতিবাদ–আন্দোলনৰ নামত যাতে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ বাধাপ্রাপ্ত নহয়, ছাত্র–ছাত্রীসকলে যাতে তেওঁলোকৰ মূল্যৱান শৈক্ষিক বর্ষ এটা হেৰুৱাব লগা নহয় সেয়া নিশ্চিত কৰাটোত আন্দোলনকাৰী আৰু ৰাজ্য চৰকাৰ সজাগ হ’ব লাগিব৷ এইবাৰ আন্দোলন আৰু পঢ়া–শুনা সমান্তৰাল গতিত চলি থাকিব বুলি আছুৰ নেতৃত্বই প্রতিবাদস্থলীত ঘোষণা কৰিলেও আশ্বস্ত হ’ব পৰা নাই অধিকাংশ অভিভাৱক৷ সুস্থ শৈক্ষিক পৰিৱেশ বর্তাই ৰাখিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহৰ লগতে ৰাজপথতো অনুকূল পৰিৱেশ সৃষ্টি হ’ব লাগিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ লগতে প্রতিবাদৰ নেতৃত্ব বহন কৰা সংগঠনসমূহৰ নেতাসকলেও গুৰুদায়িত্ব বহন কৰিব লাগিব৷ প্রতিবাদী কার্যসূচীৰ সময়ছোৱাত এইবাৰ হিংসাত্মক ঘটনাই পূর্বৰ অভিলেখ ভংগ কৰিছে৷ একাংশ প্রতিবাদকাৰীয়ে ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চ, চিকিৎসালয়লৈ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিয়া গাড়ী, সংবাদ মাধ্যমৰ গাড়ী আৰু সাংবাদিককো আক্রমণ কৰিছে৷ এনে পৰিস্থিতিত আন্দোলন দীঘলীয়া হ’লে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ শীঘ্রে ঘূৰি আহিব বুলি আশা কৰিব নোৱাৰি৷ প্রতিবাদী কার্যসূচীত যাতে ৰাজপথ বন্ধ অথবা হিংসাত্মক ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিব লাগিব আন্দোলনকাৰী আৰু চৰকাৰে৷ অন্যথা ৰাজ্যৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হ’লে ৰাজহাড় ভাগিব অসমবাসীৰ৷

You might also like