ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ
তৃতীয়খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত কি ক'লে মুখ্যমন্ত্ৰী সোণোৱালে?
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে BPFৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা BTCপ্ৰধান হাগ্ৰামা মহিলাৰীসহ বহু কেইজন মন্ত্ৰী উপস্থিত থাকে। ৯জনকৈ প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। । ইতিমধ্যে বিজেপিৰ ভূৱনেশ্বৰ কলিতা,আৰু সুভাষ দত্ত, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। ১৩ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ ৩খন আসনৰ নিৰ্বাচন।
আনহাতে মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে। আমাৰ দৃঢ় বিশ্বাস আমি ভবাৰ দৰে জয়যুক্ত হম। ৰাজ্য়সভাৰ তৃতীয়খন আসনৰ বাবেও বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দলৰ ৰণনীতি, পৰিকল্পনা সন্দৰ্ভত সময়ত জনাম।