নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণ সংক্ৰান্তত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

অসম আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ অধীনত ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰিব।

ইপিনে এই চিনাক্ত কৰা গাঁওসমূহত শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, পথ, যুৱ পুথিভঁৰাল, প্ৰেক্ষাগৃহ, গছপুলি ৰোপণ আদিৰ আন্তঃগাঁথনি নিৰ্মাণ তথা বিকাশৰ বাবে পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ইয়াৰোপৰি কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ, মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আঁচনিখনৰ অধীনত বাছনি কৰা প্ৰতিখন গাঁৱৰ দুগৰাকী প্ৰতিনিধি আৰু সংশ্লিষ্ট উপায়ুক্তৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব।

উল্লখ্য যে মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আঁচনিখনৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে আবণ্টিত ৩৩গৰাকী পৰ্যবেক্ষককো সাক্ষাৎ কৰিব।

You might also like