নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ অসম-মনিপুৰ সীমান্তত গুলীয়াগুলী , নিহত যুৱক

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ অসম- মনিপুৰ আন্তঃৰাজ্যিক সীমান্ত এলেকাত কালি সন্ধিয়া গুলীয়াগুলীৰ ঘটনাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । উক্তগুলীয়া গুলীৰ ঘটনাত নিহত হৈছে ডেভিড ৰংমাই নামৰ এগৰাকী যুৱক। জানিব‌ পৰা মতে ডেভিড ৰংমাই নামৰ যুৱক গৰাকী নাগা নেচনেল কাউঞ্চিলৰ প্ৰাক্তন সদস্য আছিল। এই দিনা অসম- মনিপুৰ সীমান্তৰ লক্ষীপুৰ সমষ্টিৰ লক্ষীনগৰ জিপিৰ লাংতুগুং পুঞ্জিত এই ঘটনা সংঘটিত হৈছে । সন্ধিয়া পৰত ঘৰৰ সমুখতে ডেভিড ৰংমাইক গুলীয়াই থৈ যায় এন এন চিৰ সতীৰ্থ সদস্যই । এই ঘটনাৰ খবৰ পোৱাৰ পিছত আজি পুৱাৰ ভাগতে ঘটনাস্থলীত বিশাল আৰক্ষী বাহীনি লৈ কাছাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ উপস্থিত হয়। মুখত কলা কাপোৰ পিন্ধি অহা কেইজনমান যুৱকে পুঞ্জিত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সমুখতে ডেভিডক গুলীয়াই হত্যা কৰি থৈ যায় । ঘটনাৰ পিছতেই যুৱক কেইজন পলাই যায় বুলি খবৰ। এই ঘটনা সন্দৰ্ভত নিহতৰ পৰিয়ালে জিৰিঘাট আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে কয় এন এন চিৰ প্ৰাক্তন কেডাৰ আছিল ডেভিড ৰংমাই। বৰ্তমান ঘৰতে খেতিৰ কাম কাজ কৰিছিল তেওঁ। সংগঠনত থাকোতে ধন লৈ বিবাদ আছিল। ইয়াৰ বাবেই তেওঁক হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

You might also like