নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীক ১০ কেজি ওজনৰ চিতল মাছ উপহাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ উৰুকাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীলৈ উজান বজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ উপহাৰ। আজি মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ গৈ উপহাৰ দিয়ে ১০ কিল’গ্ৰাম ওজনৰ এটা চিতল মাছ।

আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ১০ কিল’গ্ৰাম ওজনৰ চিতল মাছটোৰ সৈতে এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে। তেওঁ লিখিছে- “উৰুকাৰ প্ৰাকক্ষণত বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা ১০ কিল’গ্ৰাম ওজনৰ চিতল মাছ উপহাৰ হিচাপে লাভ কৰি নথৈ আনন্দিত আৰু আপ্লুত হৈছোঁ। আমাৰ জাতিটোৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন এই বিহুৱে সকলোৰে জীৱন ভোগেৰে ওপচাই তুলিব।”

You might also like