নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: বৈষয়িক অৱস্থাৰ স্বপ্লাধিক উন্নতি সম্ভৱ৷ এই সময়ছোৱাত শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ কর্মসূত্রত যোগ আছে৷ বিদ্যাত জটিলতা৷ দাম্পত্যত মতানৈক্য৷
বৃষ: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ ৰাজহুৱা কর্মত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক৷ শৰীৰ মধ্যম৷
মিথুন: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ দেহ ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত বাধা৷
কর্কট: চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি৷ বিদ্যাত শুভ৷
সিংহ: পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ প্রেমত শুভ৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিদ্যাত বাধা৷
কন্যা: আর্থিক দিশত এই সময়ছোৱাত উন্নতি৷ যোগাযোগত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে৷ প্রেমত শুভ৷
তুলা: পৰোপকাৰ কৰিবলৈ যাওঁতে বিপদত পৰাৰ আশংকা বেছি৷ বিবাহ প্রার্থীৰ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ প্রেম–প্রণয়ত শুভ৷
বৃশ্চিকঃ এই সময়ছোৱাত ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ সন্তানক লৈ চিন্তিত৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷
ধনু: আর্থিকত অসুবিধা পাব পাৰে৷ বন্ধুবর্গৰ দ্বাৰা উপকৃত হ’ব৷ সন্তানৰ সুকীর্তি দেখা যায়৷ প্রেমত বাধা হ’ব পাৰে৷ বিদ্যাত বিশৃংখলতাৰ উদ্ভৱ৷
মকৰ: সামাজিক কর্মত জড়িতসকলে চাই–চিতি চলিব৷ ব্যৱসায়িক দিশত উন্নতি৷ ভাতৃৰ লগত ঘৰুৱা কথা লৈ মতানৈক্য হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত আনন্দ৷
কুম্ভ: এই সময়ছোৱাত আত্মীয় লোকৰ পৰা সাৱধানে থাকিব৷ ব্যৱসায়িক দিশত উন্নতি লাভৰ যোগ দেখা যায়৷ পাৰিবাৰিক দিশত শুভ৷ প্রেমত মধ্যম৷
মীন: ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ অৱশ্যে এই সময়ছোৱাত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ বিদ্যাত মনোযোগ দিয়ক৷ প্রেমত শুভ ফল৷

You might also like