নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীক অভিনন্দন জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যৰ পত্র

নিয়মীয়া বাৰ্তা, ১২ মে: অসমৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পাছতে ড০ হিমন্ত বিশ্ব শর্মালৈ অভিনন্দন জ্ঞাপন কৰি এখন পত্র প্রেৰণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়ে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ মুখ্যমন্ত্রীগৰাকীক অভিনন্দন জ্ঞাপন কৰি উপাচার্যগৰাকীয়ে আশা প্রকাশ কৰে যে ড০ শর্মাৰ নেতৃত্বত অসমে অহা সময়ছোৱাত এখন গতিশীল আৰু প্রগতিশীল চৰকাৰ লাভ কৰিবলৈ সক্ষম হ’ব৷ লগতে উত্তৰ–পূর্বাঞ্চলৰ অগ্রণী শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ক দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ ক্ষেত্রত উপাচার্যগৰাকীয়ে নতুন মুখ্যমন্ত্রীৰ পৰা সহযোগিতাও কামনা কৰে৷ একেদৰে ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ লোৱা ড০ হিমন্ত বিশ্ব শর্মালৈ শুভকামনা জ্ঞাপন কৰিছে ৰাজ্যৰ বিভিন্ন দল–সংগঠনে৷

নেচনেলিষ্ট কংগ্রেছ পার্টীৰ অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্রীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আলফাই অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াক শীঘ্রে মোকলাই অনাৰ ব্যৱস্থা গ্রহণ কৰিবলৈও আহ্বান জনায়৷ ইয়াৰ বাহিৰেও সদৌ অসম মদাহি জনজাতি সন্মিলন, সদৌ অসম সাহিত্য সন্মিলন আদিয়েও নৱনির্বাচিত মুখ্যমন্ত্রীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে৷

You might also like