নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মার্চত অসমত ৰাজ্যসভাৰ উপ–নির্বাচন

বিশ্বজিৎ দৈমাৰীৰ পদত্যাগত খালী হোৱা আসন

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ  বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অসমৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ নির্বাচন আয়োগে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিছে৷ ঘোষণা অনুসৰি ১১ ফেব্রুৱাৰীত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব৷ অসমৰ লগতে গুজৰাটৰো দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নির্বাচন৷ উল্লেখ্য যে বি পি এফৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে বিটিচি নির্বাচনৰ পূর্বে বিজেপিত যোগদান কৰাৰ পাছত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল৷ খালী হৈ থকা ৰাজ্যসভাৰ উক্ত আসনখনৰ বাবে ১ মার্চত অনুষ্ঠিত হ’ব নির্বাচন৷ বিগত বর্ষৰ ২১ নৱেম্বৰত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা বিশ্বজিৎ দৈমাৰী এইবাৰো বিজেপিৰ প্রার্থী হোৱাৰ সম্ভাৱনা আছে৷ ২০২৬ চনৰ ৯ এপ্রিললৈ নির্বাচিত হোৱা সাংসদজনে কার্যকাল অতিবাহিত কৰিব পাৰিব৷

আনহাতে, গুজৰাটৰ ৰাজ্যসভাৰ সাংসদ তথা কংগ্রেছৰ জ্যেষ্ঠ নেতা আহমদ পেটেলৰ যোৱা ২৫ নৱেম্বৰত মৃত্যু হোৱাৰ পাছত তেওঁৰ আসনখন খালী হৈ আছে৷ একেদৰে ৰাজ্যখনৰ আন এজন ৰাজ্যসভাৰ সাংসদ অভয় গণপাত্র ভৰদ্বাজৰ ১ ডিচেম্বৰত মৃত্যু হোৱাৰ বাবে সেই আসনখনো খালী হৈ আছে৷ নির্বাচন আয়োগে আজি জাৰি কৰা এক বিবৃতিত প্রকাশ কৰা অনুসৰি ১৮ ফেব্রুৱাৰীত নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন স্থিৰ কৰা হৈছে৷ আনহাতে, ১৯ ফেব্রুৱাৰীত মনোনয়ন–পত্রসমূ পৰীক্ষা কৰা হ’ব৷ ২২ ফেব্রুৱাৰীত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷ ১ মার্চৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান অনুষ্ঠিত হ’ব৷ আনহাতে, ৩ মার্চত ভোটগণনা কৰা হ’ব৷ এই সমগ্র প্রক্রিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে নির্বাচন আয়োগে ইতিমধ্যে নির্দেশাৱলী জাৰি কৰিছে৷ আনহাতে, ক’ভিড প্রট’কল অনুকৰণ কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ জৰিয়তে এগৰাকী জ্যেষ্ঠ বিষয়া নির্বাচনৰ সময়ছোৱাত নিয়োগ কৰিব আয়োগে৷ উক্ত বিষয়াগৰাকীয়ে সকলো ধৰণৰ ক’ৰোনাৰ বিধিসমূহ প্রযোজ্য কৰাৰ ক্ষেত্রত গুৰুত্ব দিব৷

You might also like