মোদী চৰকাৰৰ কৃষি সংস্কাৰ নীতিক আমেৰিকাৰ ভূয়সী প্রশংসা
কৃষক আন্দোলনৰ মাজতে কেন্দ্রীয় চৰকাৰলৈ সকাহ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত দুমাহৰো অধিক কাল নতুন দিল্লী সীমান্তত চলি থকা কৃষক আন্দোলনক লৈ আন্তর্জাতিক পর্যায়ত ব্যাপক চর্চা আৰম্ভ হৈছে৷ আন্তর্জাতিক পর্যায়ৰ চেলিব্রিটীয়ে কৃষক আন্দোলনক সমর্থন কৰি বিশ্বত ভাৰতৰ যশ অৱনমিত কৰাৰ ষড়যন্ত্র বুলি কেন্দ্রীয় চৰকাৰে আখ্যা দিয়াৰ বিপৰীতে একাংশই কৃষক আন্দোলনৰ সমর্থনক লৈ ছ’চিয়েল মিডিয়াত প্রতিক্রিয়া ব্যক্ত কৰি আছে৷ এনে সময়তে বিশ্বৰ সবাতোকৈ পুৰণি সর্বশক্তিমান গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্রই ভাৰত চৰকাৰৰ কৃষি সংস্কাৰ নীতিক ভূয়সী সমর্থন কৰিছে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ প্রশাসনে কৃষি সংস্কাৰ নীতিৰে ভাৰতীয় বজাৰৰ ফলপ্রসূতা বৃদ্ধিৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে এই নীতিয়ে বৃহত্তম ব্যক্তিগত খণ্ডৰ বিনিয়োগক আকর্ষণ কৰিব৷ কার্যতঃ মোদী চৰকাৰৰ কৃষি নীতিক প্রশংসা কৰা জ’ বাইডেন প্রশাসনে অৱশ্যে কৃষকৰ শান্তিপূর্ণ প্রতিবাদৰ আৱশ্যকতাও আছে বুলি কয়৷ হোৱাইট হাউছে প্রকাশ কৰা বিবৃতিত গণতন্ত্রক সমৃদ্ধিশালী কৰিবলৈ শান্তিপূর্ণ প্রতিবাদৰ প্রাসংগিকতাকো সমর্থন কৰে৷ বিবৃতিত প্রকাশ কৰা মতে, মোদী চৰকাৰৰ কৃষি সংস্কাৰক সমর্থন কৰাৰ লগতে দুয়োপক্ষই আলোচনাৰ জৰিয়তে কৃষি নীতিক লৈ চলা বিভেদ সমাধানতো গুৰুত্ব দিয়ে৷ উল্লেখ্য যে কৃষক আন্দোলনক সমর্থন জনাই কৃষকৰ আন্দোলনৰ আলোকচিত্র সন্নিৱিষ্ট কৰি টুইটাৰত পপ ষ্টাৰ ৰিহানা, ছুইডিছ পৰিৱেশ কর্মী গ্রেটা থুনবার্গে কৃষক আন্দোলনক সমর্থন জনোৱাৰ পাছতেই আন্তর্জাতিক পর্যায়ত কৃষক আন্দোলনক লৈ ব্যাপক চর্চা হয়৷ ইয়াৰ পাছতেই কেন্দ্রীয় চৰকাৰে ৰিহানা, থুনবার্গৰ মন্তব্য দায়িত্বজ্ঞানহীন আখ্যা দি চেলিব্রিটীক বিষয়বস্তুৰ গভাৰতালৈ নোযোৱাকৈ মন্তব্য দিয়া উচিত নহয় বুলি গৰিহণা দিছে৷ ইয়াকে লৈ বলীউডৰ তাৰকা, ক্রিকেটাৰ শচীন তেণ্ডুলকাৰকে ধৰি বহুতে ভাৰতৰ আভ্যন্তৰীণ সমস্যাত বিদেশৰ মাত মতাৰ অধিকাৰ নাই বুলি টুইটাৰযোগে গৰিহণা দিছে৷
গ্রেটা থুনবার্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু
কৃষক আন্দোলনক সমর্থন কৰি কৃষকৰ প্রতি সহমর্মিতা প্রকাশ কৰা ছুইডিছ পৰিৱেশ কর্মী গ্রেটা থুনবার্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ ৰাজধানী দিল্লীৰ সীমান্তত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে কৃষকে চলাই থকা আন্দোলনৰ আলোকচিত্র পৰিৱেশ কর্মী গ্রেটা থুনবার্গে তেওঁৰ মাইক্র’ব্লগিং ৱেবছাইটত প্রচাৰ কৰাৰ পাছতেই আন্তর্জাতিক পর্যায়ত কৃষক আন্দোলনক লৈ ব্যাপক চর্চা হয়৷ থুনবার্গে মাইক্র’ব্লগিং ৱেবছাইট, টুইটাৰত কৃষকৰ আন্দোলনক লৈ উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে প্রতিবাদী কৃষকৰ আলোকচিত্রত সহমর্মিতা প্রকাশ কৰে৷ পৰিৱেশ কর্মী থুনবার্গৰ এই মন্তব্যই আন্তর্জাতিক পর্যায়ত ভাৰতৰ যশ অৱনমিত কৰাৰ অপচেষ্টা বুলি কেন্দ্রীয় চৰকাৰে ইতিমধ্যে মুকলিকৈ প্রকাশ কৰাৰ পাছত আজি থুনবার্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীয়ে গ্রেটা থুনবার্গৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ (খ) আৰু ১৫৩ (ক)ৰ অধীনত গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে থুনবার্গে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ নতুন কৃষি আইনক লৈ কৃষকসকলে চলাই থকা আন্দোলনক সমর্থন কৰি যোৱা তিনি ফেব্রুৱাৰীত মাইক্র’ব্লগিং ৱেবছাইট, টুইটাৰত মন্তব্য কৰিছিল৷ থুনবার্গে তেওঁৰ টুইটাৰত প্রকাশ কৰা তথ্যত এই কথা স্পষ্ট হৈছিল যে আন্তর্জাতিক পর্যায়ত ভাৰতক দুর্নাম কৰিবলৈ চলাই থকা ষড়যন্ত্র৷ নতুন কৃষি আইনক লৈ কৃষকৰ প্রতিবাদ সন্দর্ভত থুনবার্গে প্রচাৰ কৰা তথ্যত ভাৰতক দুর্নাম কৰাৰ স্পষ্টতা প্রতিফলিত হোৱাৰ পাছত জলবায়ু কর্মী থুনবার্গে টুইটাৰৰ পৰা সেই তথ্য আঁতৰাই দিছিল৷ এই তথ্যসমূহত দিল্লী সীমান্তত কৃষকৰ আন্দোলনক আগবঢ়াই নিয়াৰ ক্ষেত্রত বিতং পৰিকল্পনা আছিল৷ ইফালে শেহতীয়াভাৱে দিল্লীৰ শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰা মতে ‘টুলকীট’ সৃষ্টিকর্তাৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰা হৈছে, থুনবার্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হোৱা নাই৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত দুটাকৈ ভিন্ন বাতৰি প্রকাশ পোৱাটো তাৎপর্যপূর্ণ৷ মন কৰিবলগীয়া যে পৰিৱেশ কর্মী থুনবার্গে কৃষকৰ সমর্থনত মন্তব্য কৰাৰ পাছতেই দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিলেও কৃষকৰ সমর্থনক লৈ নিজৰ স্থিতিত অটল থকা বুলি থুনবার্গে পুনৰ টুইট কৰিছে৷
চৌৰীচৌৰাত প্রধানমন্ত্রী মোদী
তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকে চলাই থকা আন্দোলনে আন্তর্জাতিক পর্যায়ত ব্যাপক চর্চাৰ মাজত থকাৰ সময়তে কৃষকসকলক ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ঐতিহাসিক চৌৰীচৌৰা সংগ্রামৰ শতবার্ষিকী অনুষ্ঠান উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কৃষকক দেশৰ বিকাশৰ মেৰুদণ্ড বুলি আখ্যা দিয়ে৷ এন ডি এ চৰকাৰে বিগত ছবছৰ ধৰি কৃষকৰ কল্যাণৰ হকে অহোপুৰুষার্থ কৰি থকাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– দেশৰ প্রগতিৰ আঁৰত আছে কৃষকসকল৷ চৌৰীচৌৰা সংগ্রামতো তেওঁলোকে গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ বিগত ছবছৰে কৃষকক আত্মনির্ভৰশীল কৰিবলৈ অনেক পদক্ষেপ গ্রহণ কৰা হৈছে৷ তাৰ ফলাফল হিচাপে মহামাৰীৰ মাজতো কৃষিখণ্ডত বিকাশ বৃদ্ধি পাইছে৷ তিনি কৃষি আইনক লৈ কৃষকৰ প্রতিবাদ সন্দর্ভত প্রত্যক্ষভাৱে কোনো মন্তব্য নকৰাকৈ কৃষি আইনক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– কৃষকৰ স্বার্থৰ কাৰণে আমি বহু পদক্ষেপ গ্রহণ কৰিছোঁ৷ মাণ্ডিক কৃষকৰ কাৰণে লাভান্বিত সজাইছোঁ৷ ই–নামৰ সৈতে এহাজাৰতকৈ অধিক মাণ্ডিক সংযুক্ত কৰা হ’ব৷ আনপিনে প্রধানমন্ত্রী মোদীয়ে প্রত্যেককে প্রাধান্য দি দেশৰ ঐক্যৰ বাবে সকলোকে প্রতিশ্রুতিবদ্ধ হ’বলৈ আহ্বান জনাই কয় যে ঐক্যবদ্ধ হ’লেহে আমি প্রত্যেকেই ইজনে সিজনক আগবঢ়াই লৈ যাব পাৰোঁ আৰু দেশৰ প্রতিজন লোক আগবাঢ়ি যাব৷ পূর্বৰ চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– ভোটবেংকৰ প্রতি লক্ষ্য ৰাখি পূর্বৰ চৰকাৰে কেন্দ্রীয় সাধাৰণ বাজেট প্রস্তুত কৰিছিল আৰু বাজেটত ঘোষণা কৰা অধিকাংশই পূৰণ কৰা নাছিল৷ কিন্তু এতিয়া সময় সলনি হৈছে৷ সকলো শ্রেণীৰ নাগৰিকৰ আৱশ্যকতা আৰু ভৱিষ্যতৰ প্রতি দায়বদ্ধ হৈ প্রতিটো পৰিয়ালক সামর্থ্যৱান কৰি তোলাৰ বাবে বাজেট প্রস্তুত কৰা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততেই দেশৰ জনতাৰ চিন্তা আৰু দৃষ্টিভংগী সলনি হৈছে৷