নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া গ্রন্থ উদ্যোগত নতুন দিনৰ সূর্যোদয়

১০ দিনত ৮ কোটি টকাৰ কিতাপ বিক্রী

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ অসমীয়া সাহিত্যৰ প্রতি পঢ়ুৱৈৰ অনীহা, ‘কা’ আন্দোলন আৰু লকডাউনৰ ফলত আহি পৰা স্থবিৰতাই অনিশ্চিত কৰি তুলিছিল অসমীয়া গ্রন্থ উদ্যোগৰ ভৱিষ্যৎ৷ সংশয় আৰু শংকাই আচ্ছন্ন কৰিছিল গ্রন্থ উদ্যোগৰ লগত জড়িত হাজাৰ হাজাৰ লোকৰ জীৱন–জীৱিকা৷ ধূসৰ হৈ পৰিছিল অসমীয়া সাহিত্যৰ আহিবলগীয়া সময়৷ যেন দুর্দিনৰ আন্ধাৰ নামি আহিছিল জাতীয় জীৱনক সমৃদ্ধ কৰা গুৰুত্বপূর্ণ উদ্যোগটোলৈ৷ এনে এক হতাশাভৰা সময়ত অসমীয়া সাহিত্য আৰু অসমীয়া গ্রন্থ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাই৷ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা গ্রন্থমেলালৈ লেখক–পঢ়ুৱৈৰ অভূতপূর্ব সঁহাৰিয়ে অসমীয়া গ্রন্থ জগতত নতুন দিনৰ সূর্যোদয়ৰ বার্তা বহন কৰিছে৷ আজি গ্রন্থমেলাৰ দশম দিন৷ আজিৰ দিনটোলৈ গ্রন্থমেলাত বিক্রী হৈছে ৮ কোটিৰো অধিক টকাৰ গ্রন্থ৷ সমৱেত হৈছে ৫ লক্ষাধিক গ্রন্থপ্রেমী৷ এটা শব্দত এয়া অভূতপূর্ব৷ লেখক–পঢ়ুৱৈৰ ভিৰত প্রতিটো দিনেই উখল–মাখল হৈ পৰিছে গ্রন্থমেলাৰ বাকৰি৷ শিশু, যুৱক–যুৱতীৰ পৰা প্রৌঢ়জনলৈ সকলোৱে হাতত তুলি লৈছে প্রিয় লেখকগৰাকীৰ গ্রন্থ৷ নবীন–প্রবীণ লেখকৰ সৃষ্টিয়ে সমুখত মেলি দিছে নতুন চিন্তাৰে সম্ভাৱনাময়, সমৃদ্ধিশালী এখন অসমৰ প্রতিচ্ছবি৷ বিক্রেতাৰ মুখত হাঁহি, পঢ়ুৱৈৰ মনত সন্তুষ্টি– সামৰণিৰ পূর্বেই গুৱাহাটী গ্রন্থমেলাই লিখিছে সফলতাৰ খতিয়ান৷

লক্ষণীয়ভাৱে এইবাৰৰ গ্রন্থমেলাত আটাইতকৈ বেছি বিক্রী হোৱা গ্রন্থখনৰ লেখক হ’ল এগৰাকী গাড়ীচালক৷ তেওঁৰ নাম ৰূপম দত্ত৷ পেছাত নৈশবাছৰ চালক৷ দীর্ঘদিনীয়া বাছচালকৰ অভিজ্ঞতাৰে তেওঁ লিখি উলিয়াইছে ‘লাইফ অৱ এ ড্রাইভাৰ’ নামৰ উপন্যাসখন৷ এক জীৱন্ত কাহিনী৷ কঠিন পেছাৰ সাৱলীল বর্ণনা৷ সহজ–সৰল আৰু সুখপাঠ্য৷ সকলো শ্রেণীৰ পঢ়ুৱৈৰ হাতে হাতে দেখা গৈছে এই উপন্যাসখন৷ বিক্রীৰ শীর্ষত আছে ৰঞ্জু নেওগ হাজৰিকা আৰু অমৰদীপ বৰুৱাৰ গ্রন্থ ‘আলফাৰ কলংকিত অধ্যায়’৷ নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠনটোৰ ভিতৰচ’ৰাৰ বহু অকথিত কাহিনীৰে সমৃদ্ধ এই গ্রন্থখন৷ আলফাকেন্দ্রিক আন এখন গ্রন্থ হ’ল সাংবাদিক ধীৰমণি গগৈৰ ‘নিষিদ্ধ যোদ্ধা’৷ আলফাৰ ২৮নং বেটেলিয়নৰ কাহিনীৰে সাংবাদিকগৰাকীয়ে এই গ্রন্থখন লিখি উলিয়াইছে৷ পঢ়ুৱৈৰ যথেষ্ট সমাদৰ লাভ কৰিছে ‘নিষিদ্ধ যোদ্ধা’ই৷ আলফা তথা উত্তৰ–পূর্বাঞ্চলৰ বিদ্রোহী সংগঠনৰ উত্থান–পতনৰ অনেক শিহৰণকাৰী কাহিনীৰে প্রকাশ পাইছে সাংবাদিক বিজু কুমাৰ ডেকাৰ গ্রন্থ ‘গেৰিলা’৷ স্বাভাৱিকতে নিষিদ্ধ সংগঠনৰ অলিখিত কাহিনীৰ প্রতি আগ্রহ দেখুৱাইছে পঢ়ুৱৈ সমাজেও৷ গুৰুত্বপূর্ণ কথাটো হ’ল– ছ’চিয়েল মিডিয়াৰ বিভিন্ন গোটত লেখকসকলে প্রথমাৱস্থাত এই গ্রন্থসমূহৰ পটভূমি ৰচনা কৰিছিল৷ ছ’চিয়েল মিডিয়াত চর্চিত হোৱাৰ পাছতে বিভিন্ন প্রকাশকে গ্রন্থ আকাৰে সেয়া প্রকাশ কৰিবলৈ আগবাঢ়ি আহে৷ আটাইকেইখন গ্রন্থই এইবাৰ বিক্রীৰ ক্ষেত্রত নতুন অভিলেখ গঢ়িছে৷

ইয়াৰ বাহিৰেও গীতালি বৰাৰ নতুন উপন্যাস ‘অন্তৰতম’, বিপুলজ্যোতি শইকীয়াই সম্পাদনা কৰা ‘হীৰেন ভট্টাচার্য ৰচনাৱলী’, ৰীতা চৌধুৰীৰ ‘মৰে অসম জীয়ে কোন’, জয়ন্ত মাধৱ বৰাৰ ‘দেউল’, তেওঁ সম্পাদনা কৰা ‘লুম্মেৰ দাই ৰচনাৱলী’, ‘অর্দ্ধ আকাশৰ গল্প’ আদি গ্রন্থও যথেষ্ট হাৰত বিক্রী হৈছে৷ পঢ়ুৱৈয়ে আগ্রহেৰে ক্রয় কৰিছে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি, ড০ হীৰেন গোহাঁই, অনুৰাধা শর্মা পূজাৰী, সাংবাদিক মৃণাল তালুকদাৰ, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো গ্রন্থ৷ হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’ এতিয়াও বহু পঢ়ুৱৈৰ প্রথম পছন্দ৷ ড০ শর্মাৰ ‘ভিন্ন সময় অভিন্ন মত’ গ্রন্থখনৰ এইবাৰ চতুর্থ সংস্কৰণ প্রকাশ পাইছে৷ তেওঁৰ আন দুখন গ্রন্থ ‘সমাগত সময়’ আৰু ‘অন্য এক দৃষ্টিকোণ’ৰো বিক্রী পূর্বৰ দৰেই অব্যাহত আছে৷

জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথৰ গ্রন্থ ‘আলফাঃ সেউজীয়া সপোন, তেজৰঙা ইতিহাস’, ‘অসম আন্দোলনঃ পটভূমি, ইতিহাস আৰু বর্তমান’ৰ চাহিদাও আছে পঢ়ুৱৈৰ মাজত৷ ইমৰান হুছেইনৰ ‘অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি–শপনি’ এইবাৰৰ গ্রন্থমেলাৰ এখন ব্যতিক্রমী গ্রন্থ৷ নতুন লেখকসকলৰ ভিতৰত ৰঞ্জিত পাটগিৰিৰ কাব্যগ্রন্থ ‘প্রিয় বর্ণ’, জিণ্টু গীতার্থৰ গল্প সংকলন ‘ভ্রমৰ গল্প’, ভৱানী পেগুৰ উপন্যাস ‘ঐ পুলিৰ সপোনৰ দেশ’–এ চর্চা লাভ কৰা দেখা গৈছে৷ এইদৰেই ন–পুৰণি গ্রন্থৰ সমাদৰে গুৱাহাটী গ্রন্থমেলাক দিছে ন–ৰূপ৷ প্রবীণ সাহিত্যিকৰ সৃষ্টিৰাজিৰ সমাদৰো পূর্বৰ দৰেই অটুট আছে৷ অসম প্রকাশন পৰিষদে বহু আপুৰুগীয়া গ্রন্থ এইবাৰ পুনৰ মুদ্রণ কৰি উলিয়াইছে৷ পৰিষদৰ দ্বাৰা প্রকাশিত ‘হেম বৰুৱা ৰচনাৱলী’, ‘বাণীকান্ত ৰচনাৱলী’, ‘যোগেন্দ্র নাৰায়ণ ভূঞা ৰচনাৱলী’, ‘প্রাচ্য শাসনাৱলী’, ‘জ্যোতিপ্রসাদ ৰচনাৱলী’, ‘অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী’, ‘বেণুধৰ শর্মা ৰচনাৱলী’, ‘হেমাংগ বিশ্বাস ৰচনাৱলী’ আদি অসমীয়া গ্রন্থ জগতৰ প্রতি গুৰুত্বপূর্ণ অৰিহণা হিচাপে পৰিগণিত হৈছে৷ গ্রন্থমেলাৰ প্রতি জনসাধাৰণৰ সঁহাৰি দেখি উৎসাহিত হৈছে গ্রন্থ প্রকাশক আৰু বিক্রেতাসকল৷ ‘সৰস্বতী প্রিণ্টার্ছ এণ্ড পাব্লিচার্ছ প্রাইভেট লিমিটেড’ৰ মিতাশ্রী ভূঞা, কলকাতাৰ চক্রৱর্তী চেটার্জী কোম্পানী লিমিটেডৰ দীপাংকৰ ভৌমিক, বনলতাৰ দিবাকৰ তালুকদাৰ, বর্ণৰ ৰক্তিম ঠাকুৰীয়া, ডিব্রুগড়ৰ বিদ্যা মন্দিৰৰ ৰাতুল কলিতা– আটাইকেইগৰাকী বিক্রেতাই একমুখে গ্রন্থৰ বিক্রী আশাব্যঞ্জক বুলি অভিমত দিছে৷ এইবাৰৰ গ্রন্থমেলাত থকা ১৩০খন বিপণীৰ স্বত্বাধিকাৰীসকলে অহা দিনকেইটাত পঢ়ুৱৈৰ পৰা একেই সঁহাৰি লাভ কৰাৰ আশা প্রকাশ কৰিছে৷ কলকাতা আৰু দিল্লীৰ পৰা অহা কেইটামান প্রতিষ্ঠানে এইবাৰৰ গ্রন্থমেলাত অংশগ্রহণ কৰিছে যদিও ক’ভিড প্রট’কলৰ বাবে সৰহসংখ্যক প্রতিষ্ঠান সময়মতে অসমত উপস্থিত হ’ব নোৱাৰিলে৷ ইয়াৰ বাহিৰেও গুৱাহাটী গ্রন্থমেলাত প্রতিদিনে সাহিত্য বিষয়ক আৰু নানা সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হৈছে৷ পঢ়ুৱৈৰ অভূতপূর্ব সঁহাৰিৰ মাজেৰে অহা ১০ জানুৱাৰীত গ্রন্থমেলাৰ সামৰণি পৰিব৷ এটা বা দুটা দিনৰ বাবে গ্রন্থমেলাৰ সময়সীমা বৃদ্ধি কৰিলে দীর্ঘদিন লোকচানৰ সন্মুখীন হৈ অহা প্রকাশক আৰু বিক্রেতাসকলে যথেষ্ট সকাহ পাব বুলিও আজি প্রকাশ কৰে৷
সাম্প্রতিক অসমীয়া উপন্যাসঃ ভাষা আৰু বৈচিত্র্য শীর্ষক আলোচনা সত্র
সুদক্ষিণা শর্মাক ‘মঘাই–মোহন কৃষ্টি বিকাশ বঁটা’–হেম বৰুৱাক নাট্য সম্রাট চন্দ্র চৌধুৰী প্রদান
আজি গ্রন্থমেলাৰ বেণু মিশ্র সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত হয় ‘সাম্প্রতিক অসমীয়া উপন্যাস ঃ ভাষা আৰু বৈচিত্র্য’ শীর্ষক আলোচনা সত্র৷ বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাই আলোচনা সত্র উদ্বোধন কৰি কয়– ‘ভাষাৰ স্বতঃস্ফূর্ত প্রকাশৰ ৰূপটোৱেই হৈছে ভাষাৰ আটাইতকৈ শক্তিশালী ৰূপ৷ সম্প্রতি অসমীয়া গল্প–উপন্যাসত স্থানীয় ভাষাৰ বহুল ব্যৱহাৰ হৈছে৷ এয়া চৰিত্র অনুপাতে হোৱা উচিত৷ শেহতীয়া উপন্যাসত প্রতিফলিত তিনিটা দিশ হৈছে মানুহৰ মনস্তত্ত্বৰ অৱলোকন আৰু উপস্থাপন, ইতিহাস বিচাৰ, গ্রামীণ সমাজৰ কাহিনী কথন৷ পৃথিৱীৰ সকলো শ্রেষ্ঠ সাহিত্যই এই দিশটো সামৰি লৈছে৷’ আলোচনা সত্রখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰীয়ে অসমৰ সমাজ জীৱন বিভিন্ন কৃষ্টি–সংসৃকতিৰে বিচিত্র হোৱা বাবে ভাষাও অত্যন্ত শক্তিশালী বুলি উল্লেখ কৰে৷ ‘বিচিত্রতাই অসমীয়া ভাষাক ঐশ্বর্যশালী কৰিছে৷ সেয়েহে অসমীয়া উপন্যাসৰ চৰিত্র–পটভূমি সদায়ে উন্নত আৰু হূদয়স্পর্শী ৰূপত প্রতিফলিত হয়৷’ –এইদৰে কয় অনুৰাধা শর্মা পূজাৰীয়ে৷ অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক ড০ ৰত্নোত্তমা দাস বিক্রম, ড০ মৃদুল শর্মা, ড০ প্রাণজিৎ বৰা, লীনা শর্মা, মনালিছা শইকীয়া, মণিকুন্তলা ভট্টাচার্য, পূৰৱী বৰুৱা, ধনদা দেৱীয়ে আলোচক অতিথি ৰূপে অংশগ্রহণ কৰি সাৰগর্ভ বক্তব্য দাঙি ধৰে৷ ইপিনে একেটা প্রেক্ষাগৃহত প্রয়াত কবি অনুপম কুমাৰৰ সোঁৱৰণত এখন কবি সন্মিলন অনুষ্ঠিত হয়৷ আনহাতে, গ্রন্থমেলাৰ মূল মঞ্চত আজি অসমীয়া প্রতিদিনৰ ডিজিটেল ডেস্কৰ উদ্যোগত উন্মোচিত হয় ‘সময়ৰ গদ্য আৰু অন্যান্য’ শীর্ষক গ্রন্থখন৷ গ্রন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিকদ্বয় প্রণয় বৰদলৈ আৰু পৰাগমণি আদিত্যই৷ অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিক প্রকাশ মহন্ত, অনুৰাধা শর্মা পূজাৰী, উৎপল বৰুৱা, গৌতম শর্মা, মাইনী মহন্ত, স্মিতাক্ষি বি গোস্বামী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, বিশিষ্ট সমালোচক ড০ পৰমানন্দ মজুমদাৰ আদিয়ে৷ আনহাতে, গগন চন্দ্র অধিকাৰী সভাগৃহত অনুষ্ঠিত এখন গ্রন্থ উন্মোচনী সভাত মুনীন্দ্র মহন্তৰ ‘জলফুল’ কাব্যগ্রন্থখনৰ মিতালী ভট্টাচার্যই বাংলা ভাষালৈ কৰা অনুবাদ, মিতালী ভট্টাচার্যৰ জাতীয়তাবাদ গণ মাধ্যম আৰু অন্যান্য নামৰ গ্রন্থ দুখন উন্মোচন কৰা হয়৷ গ্রন্থমেলাৰ মূল মঞ্চত বিয়লি ‘মঘাই–মোহন কৃষ্টি বিকাশ বঁটা ২০২০’ প্রদান কৰা হয় বিশিষ্ট শিল্পী সুদক্ষিণা শর্মাক৷ ইয়াতেই নাট্য সম্রাট চন্দ্র চৌধুৰী বঁটা প্রদান কৰা হয় ভ্রাম্যমাণ থিয়েটাৰৰ নৃত্যশিল্পী হেম বৰুৱাক৷ লেখক বিপুল শর্মাই সঞ্চালনা কৰা এই অনুষ্ঠানত বঁটাসমূহ প্রদান কৰে লোক–কৃষ্টিৰ সাধক প্রভাত শর্মাই৷ অনুষ্ঠানত অংশগ্রহণ কৰি ভাষণ প্রদান কৰে জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰীয়ে৷ ইপিনে সন্ধিয়া অনুষ্ঠিত সাংসৃকতিক অনুষ্ঠানত আজিও শ্রোতা–দর্শকৰ ভিৰ পৰিলক্ষিত হয়৷ সন্ধিয়াৰ সাংসৃকতিক অনুষ্ঠান উদ্বোধন কৰে প্রবীণ শিল্পী ধনদা পাঠকে৷
গ্রন্থমেলাৰ বাকৰিত পঢ়ুৱৈৰ ভিৰ অসমৰ বৌদ্ধিক ক্ষেত্রৰ বাবে এক আশাপ্রদ দিশঃ মুখ্যমন্ত্রী
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি অসম প্রকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ বাকৰিত উপস্থিত হৈ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিপণীকে ধৰি বিভিন্ন গ্রন্থ বিপণী পৰিদর্শন কৰাৰ লগতে গ্রন্থপ্রেমীসকলৰ সৈতেও বার্তালাপ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে গ্রন্থমেলাত কিছুসংখ্যক গ্রন্থও ক্রয় কৰে৷ ইয়াৰ পাছতে গ্রন্থমেলাৰ বাকৰিত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা–বতৰাত তেওঁ কয় যে গুৱাহাটীৰ লগতে অসমৰ ভিন্ন প্রান্তৰ পৰা পঢ়ুৱৈ সমাজ আহি গ্রন্থমেলাথলীত যি বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰিছে, সেয়া অতিশয় আশাপ্রদ দিশ৷ এই মানৱীয়, উৎসৱমুখৰ বৌদ্ধিক পৰিৱেশ যাতে ৰাজ্যখনৰ বুকুত সদায় বর্তি থাকে, তাৰ বাবে সহযোগিতা আগবঢ়াবলৈ তেওঁ সকলো শ্রেণীৰ জনসাধাৰণক আহ্বান জনায়৷ আগন্তুক দিনত এনেকুৱা আৰু অধিক গ্রন্থমেলা আয়োজনৰ জৰিয়তে অসমৰ বুকুত এক বৌদ্ধিক জাগৰণৰ সৃষ্টি হ’ব বুলি আশা প্রকাশ কৰে৷ আজিৰ এই পৰিদর্শনৰ সময়তে মুখ্যমন্ত্রী সোণোৱালে গুৱাহাটী গ্রন্থমেলাৰ আয়োজক অসম প্রকাশন পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি গ্রন্থমেলাথলীত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে স্থাপন কৰা বিপণীত জনসংযোগ বিষয়া–কর্মচাৰীসক সৈতেও মত বিনিময় কৰে৷ এই মত বিনিয়মৰ সময়তে অসম প্রকাশন পৰিষদৰ বিষয়ববীয়াসকলে আজিৰ দিনটোলৈকে এই গ্রন্থমেলাত ৮ কোটিৰো অধিক টকাৰ পুথি বিক্রী হৈছে বুলি মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে অসমৰ বৌদ্ধিক দিশৰ বাবে এয়া এক আশাপ্রদ দিশ বুলিও মন্তব্য কৰে৷ আজিৰ এই গ্রন্থমেলা পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রী সোণোৱালৰ সৈতে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, শিক্ষা আৰু সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী, প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাকে ধৰি অন্যান্যসকল উপস্থিত থাকে৷

You might also like