নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত ভাৰত–অষ্ট্রেলিয়াৰ চতুর্থ টেষ্টঃ ব্রিছবেনত নতুনকৈ তিনি দিনৰ লকডাউন ঘোষণা

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অহা ১৫ জানুৱাৰীৰ পৰা ব্রিছবেনত অনুষ্ঠিত হ’বলগীয়া চতুর্থ টেষ্টক লৈ সৃষ্টি হোৱা জটিলতা অধিক বৃদ্ধি পাইছে৷ শুকুৰবাৰে কুইন্সলেণ্ড চৰকাৰে ব্রিছবেন চহৰত নতুনকৈ তিনি দিনৰ লকডাউন জাৰি কৰাৰ ফলত চতুর্থ টেষ্টৰ আয়োজনক লৈ সমস্যাৰ সন্মুখীন হৈছে ক্রিকেট অষ্ট্রেলিয়া৷ ব্রিছবেনত টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ বাবে লকডাউন শিথিল কৰিবলৈ বি চি চি আয়ে যোৱানিশা ক্রিকেট অষ্ট্রেলিয়াক লিখিতভাৱে আহ্বান জনোৱাৰ কেইঘণ্টামানৰ পিছতে কুইন্সলেণ্ড চৰকাৰে চহৰখনত তিনি দিনৰ লকডাউন ঘোষণা কৰাত চৰম অস্বস্তিত পৰিছে ক্রিকেট অষ্ট্রেলিয়া৷

উল্লেখ্য যে ব্রিছবেনত সম্প্রতি অব্যাহত থকা কঠোৰ কোৱাৰেণ্টাইন শিথিল নকৰিলে টীম ইণ্ডিয়াই চতুর্থ টেষ্টত অংশ নলয় বুলি ক্রিকেট অষ্ট্রেলিয়াক আগতীয়াকৈ জনাই দিছে৷ এই সন্দর্ভত আলোচনা কৰিবলৈ আয়োজক দেশখনৰ ক্রিকেট ব’র্ডে যোৱানিশা বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে৷

You might also like