নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত অৰ্ধগলিত অৱস্থাত অসমৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ৮ মাৰ্চ :  নাগালেণ্ডত অসমৰ এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৰ্ধগলিত অৱস্থাত ঊষা জিলাৰ এখন নদীৰ কাষত উদ্ধাৰ হয় শিক্ষক অভিজিত শইকীয়াৰ মৃতদেহ। ঘটনাটোৱে সমগ্ৰ তিতাবৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

উল্লেখ্য যে নাগালেণ্ডৰ ঊষা জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অংকৰ শিক্ষক হিচাপে কৰ্মৰত আছিল অভিজিত শইকীয়া । শিক্ষক অভিজিত শইকীয়াৰ ঘৰ তিতাবৰৰ বিবিজানত বুলি জানিব পৰা গৈছে । বিগত কিছুদিনৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষক অভিজিত শইকীয়া ।

ঊষা জিলাৰ এখন নদীৰ কাষত উদ্ধাৰ হোৱা শিক্ষকগৰাকীৰ মৃতদেহটো ঊষা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালক গতাই দিয়ে। ঘটনা সন্দৰ্ভত নাগালেণ্ডৰ ঊষা জিলাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

You might also like