নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ শ্রমিকক অপহৰণ উগ্রপন্থী সংগঠনৰ

🔹 তিনিচুকীয়াৰ অৰুণাচল সীমান্তৰ অবৈধ কয়লাখনিত ভয়ংকৰ কাণ্ড

নিয়মীয়া বার্তা, লিডু, ১৮ ফেব্রুৱাৰী : উগ্রপন্থী–সন্ত্রাসবাদী সংগঠনলৈ ধনৰ স্রোত বন্ধ কৰিবলৈ চৰকাৰে বহু কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে যদিও এচাম ধনলোলুপ ক’লা বেপাৰীৰ খঁকৰ বাবে অদ্যাপি সম্পূর্ণৰূপে সফল হোৱা নাই চৰকাৰৰ এই প্রয়াস৷ ক’লা বেপাৰীৰ এনে ধনৰ লালসাৰ বাবেই তিনিচুকীয়া জিলাৰ অসম–অৰুণাচল সীমান্তত আজি ১০জন শ্রমিক অপহৃত হয়৷ অপহৃত শ্রমিককেইজনৰ ভিতৰত কেইবাজনো অসমৰো বাসিন্দা আছে৷ তাৰে তিনিজনৰ পৰিচয় ইতিমধ্যে লাভ কৰা হৈছে৷ তেওঁলোক হ’ল– জিলাখনৰ লেখাপানী অঞ্চলৰ জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নার্জাৰী৷ এটা অবৈধ কয়লাখনিত কর্মৰত শ্রমিককেইজনক আলফা (স্বাধীন) আৰু এনএছচিএনৰ এটা সশস্ত্র দলে অপহৰণ কৰি লৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ ঘটনাটো উগ্রপন্থী সংগঠন দুটাক নিয়মীয়াকৈ ধনৰ যোগানত বিসংগতিৰ বাবেই কয়লা মাফিয়াৰ ওপৰত পোটক তুলিবলৈ এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ অবৈধ কয়লাখনিটো তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৰ সিপাৰে প্রদেশখনৰ চাংলাং জিলাত অৱস্থিত৷ জিলাখনৰ ২নং ফিন বড়ো থানাৰ অন্তর্গত ১৪নং অঞ্চল অর্থাৎ ফায়াৰিং ৰেঞ্জৰ মংচাবস্তিত অৱস্থিত৷ অবৈধ কয়লাখনিটো ৰঞ্জিত থাপা আৰু শিবু প্রধান নামৰ দুজন কয়লা মাফিয়াই পৰিচালনা কৰে৷ অবৈধ কয়লাখনিটোত ১৪জন শ্রমিকে কয়লা খননত নিয়োজিত হৈ আছিল৷ কালি কাহিলি পুৱা প্রায় ৪ বজাত উগ্রপন্থী সংগঠন দুটাৰ এটা ৭জনীয়া দলে অবৈধ কয়লাখনিটোত উপস্থিত হয়৷ দলটোৱে মাৰণাস্ত্র টোঁৱাই শ্রমিককেইজনক অপহৰণ কৰিব বিচাৰে৷ তাৰে মাজতে সুযোগ বুলি চাৰিজন শ্রমিকে পলায়ন কৰিবলৈ সক্ষম হয়৷ বাকী ১০জনক এখন ডাম্পাৰত তুলি উগ্রপন্থী সদস্যকেইজনে প্রদেশখনৰ এটা দুর্গম অঞ্চললৈ লৈ যায়৷ জানিব পৰা মতে, অৰুণাচলৰ পুৰণি লংটয়লৈ লৈ যায়৷ ঘটনা সন্দর্ভত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে সংবাদ মাধ্যমৰ আগত কয় যে উগ্রপন্থীয়ে কিমানজন শ্রমিকক অপহৰণ কৰি লৈ গৈছে, সংখ্যাটো এতিয়াও খাটাংকৈ ক’ব পৰা হোৱা নাই৷ ইফালে, অপহৰণ কাণ্ডটোৰ তদন্ত কৰি আছে অৰুণাচল প্রদেশৰ আৰক্ষী–প্রশাসনে৷ প্রদেশখনৰ আৰক্ষী–প্রশাসনে অপহূত শ্রমিককেইজনক উদ্ধাৰৰ বাবে অভিযানো আৰম্ভ কৰিছে৷ ইয়াৰ বাবে অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে৷ প্রদেশখনৰ চৰকাৰৰ এটা সূত্রই জনোৱা মতে, এনেধৰণৰ ঘটনা অঞ্চলটোত পূর্বতেও সংঘটিত হৈছিল৷ ইপিনে কালি কাহিলি পুৱা সংঘটিত হোৱা অপহৰণ কাণ্ডটোৰ আঁৰত কয়লা মাফিয়াৰ সৈতে উগ্রপন্থী সংগঠনৰ ধনক লৈ সংঘাত আছে বুলি জানিব পৰা গৈছে৷ অবৈধভাৱে কয়লা খনন কৰি থকা কয়লা মাফিয়াই উগ্রপন্থী সংগঠন দুটাক নিয়মীয়াকৈ আদায় দিয়া ধনত খেলিমেলি কৰাৰ বাবেই শ্রমিককেইজনক অপহৰণ কৰি লৈ যোৱা বুলি অঞ্চলটোত চর্চা চলিছে৷ প্রণিধানযোগ্য যে তিনিচুকীয়া জিলাৰ মার্ঘেৰিটা মহকুমাৰ অৰুণাচল সীমান্তৰ দুয়োপাৰে এনেধৰণৰ কেইবাটাও অবৈধ কয়লাখনি চলি আছে৷ কয়লা মাফিয়াসকলে বিভিন্ন পক্ষৰ লগতে উগ্রপন্থী সংগঠনক নিয়মীয়াকৈ কৰ অর্থাৎ ধন আদায় দি অবৈধ কয়লা খননৰ ক’লা বেহা চলাই আছে৷ অঞ্চলটোৰ নামটক, আৰাধাৰা, ডিৰক, মালৌপাহাৰ, ফিন বড়ো, বমগৰা, ফায়াৰিং ৰেঞ্জ, লালপাহাৰ, পাহাৰপুৰ, সঞ্জু আদি অঞ্চলত দীর্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি আহিছে৷ তদুপৰি অবৈধ কয়লাখনিসমূহৰ পৰা কয়লা সৰবৰাহৰ বাবেও মাফিয়াসকলে বিভিন্ন পক্ষক ধন আদায় দিয়ে৷ স্থানীয় লোকৰ তথ্য মতে, লিডু থানাৰ অন্তর্গত থাপাবস্তিৰ পৰশুৰাম থাপা নামৰ এজন প্রাক্তন সেনা জোৱানে উগ্রপন্থী সংগঠনৰ সৈতে মিলিত হৈ এইদৰে অবৈধ কয়লা সৰবৰাহৰ বেহা চলাই আছে৷ ইয়াৰ বিনিময়ত উগ্রপন্থী সংগঠনে নিয়মীয়াকৈ লাভ কৰে বুজন পৰিমাণৰ ধন৷ লক্ষণীয় কথাটো হৈছে সীমান্তৰ দুয়োপাৰে চলি থকা অবৈধ কয়লাখনি তথা মার্ঘেৰিটা অঞ্চলেৰে সৰবৰাহ হৈ থকা অবৈধ কয়লাৰ ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিছে চৰকাৰ তথা স্থানীয় প্রশাসনে৷ অথচ এই ক’লা বেহাৰ পৰাই দেশৰ সার্বভৌমত্বৰ প্রতি ভাবুকি সৃষ্টি কৰা উগ্রপন্থী সংগঠনে নিয়মীয়াকৈ ধন লাভ কৰি আহিছে৷

You might also like