নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত শিহৰণকাৰী ঘটনা, যুৱতীক অপহৰণৰ চেষ্টা

🔹 কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত অপহৰণ চেষ্টা ৪ উদণ্ড যুৱকৰ

বিশেষ বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত যুৱতীক অপহৰণ চেষ্টা ৪ উদণ্ড যুৱকৰ। অপহৰণত ব্যর্থ হৈ যুৱতীগৰাকীৰ সতীৰ্থকো বাহনেৰে খুন্দা মাৰে দুৰ্বৃত্তৰ দলটোৱে। বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে। মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা। মহানগৰীত মহিলা-যুৱতী কিমান সুৰক্ষিত, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। চি চি টিভিত সমগ্ৰ ঘটনা বন্দী হৈছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ঘটনাক লৈ ভঙাগড় থানাত গোচৰ ৰুজু কৰা হৈছে।

You might also like