নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ছেপ্টেম্বৰত পুনৰ ১০ হাজাৰ নিবনুৱাৰ নিযুক্তিঃ ৫ কমাণ্ডো বেটেলিয়নকে ধৰি হ’ব এই নিযুক্তি

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে ভাল খবৰ৷ অহা ছেপ্ঢেম্বৰ মাহত পুনৰ ১০ হাজাৰ নিবনুৱাৰ নিযুক্তিৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে৷ পাঁচটা কমাণ্ডো বেটেলিয়নকে ধৰি ১০ হাজাৰ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ব৷ ওদালগুৰিত এই ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে যেতিয়া এক লাখ যুৱক–যুৱতীক চাকৰি দিব বুলি ঘোষণা কৰিছিল, তেতিয়া বিধানসভাত কংগ্রেছৰ সদস্যসকলে উপলুঙা কৰিছিল৷ কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰে ইতিমধ্যে ৩০ হাজাৰক নিযুক্তি দিলে৷ যোৱা ২১ আৰু ২৮ আগষ্টত তৃতীয় আৰু চতুর্থবর্গৰ প্রায় ৩০ হাজাৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে৷ চৰকাৰী চাকৰি প্রদানৰ ক্ষেত্রত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে অনা স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আগতে চৰকাৰী চাকৰি পাবলৈ ১০ লাখ, ২০ লাখ টকা দিবলগীয়া হৈছিল৷ কিন্তু এতিয়া অসমত পৰিৱর্তন আহিছে৷ চৰকাৰী চাকৰিৰ ক্ষেত্রত এটকাও কাকো ঘোচ নিদিয়াকৈ কৃষক, ঠেলাচালক, ৰিক্সাচালক, গাঁৱৰ ভিতৰুৱা ঘৰৰ ল’ৰায়ো চাকৰি পাবলৈ সক্ষম হৈছে৷

কিছুদিন পূর্বে হোৱা কনিষ্টবল নিযুক্তিৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বজাৰত পকৰি বিক্রী কৰা লোকৰ তিনি সন্তানে কনিষ্টবলৰ চাকৰি লাভ কৰাৰ খবৰ তেওঁ টিভিতে দেখিছে৷ অসমত এতিয়া পৰিৱর্তন হৈছে৷ টকা দি চাকৰি লোৱাৰ পৰিৱেশ নাই৷ ইয়াৰ পৰিৱর্তে ভালদৰে অধ্যয়ন কৰি কাকো এটকাও নিদিয়াকৈ চাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে৷ সেয়ে সকলোকে অধ্যয়নমুখী হ’বলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷

ইপিনে, ৰাজ্যত এতিয়াও দুর্নীতি সম্পূর্ণৰূপে বন্ধ হোৱা নাই, কমিছেহে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা দুর্নীতিবিৰোধী অভিযান দুর্নীতি শূন্য নোহোৱালৈকে চলি থাকিব৷ এইক্ষেত্রত ৰাইজৰ সহযোগিতাৰ প্রয়োজন৷ বিগত দুমাহত ৰাজ্যখনত ৫০জনৰো অধিক দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া–কর্মচাৰীক হাতেলোটে ধৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– কোনো চৰকাৰী কার্যালয়ত যদি কোনো বিষয়া–কর্মচাৰীয়ে কাম কৰি দিয়াৰ বিনিময়ত ঘোচ বিচাৰে, তেতিয়াহ’লে তেওঁলোকে বিচৰাতকৈ বেছি টকা দিম বুলি ক’ব আৰু লগে লগে আমাক খবৰ দিব৷ কোনোবাই ৫০০ টকা বিচাৰিলে এহেজাৰ টকা দিম বুলি ক’ব আৰু আমাক জনাব৷ সেইসকল দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক চৰকাৰে জে’ললৈ নিক্ষেপ কৰিব৷ অসমৰ পৰা সকলোৱে মিলি দুর্নীতি নোহোৱা কৰিব লাগিব৷ দুখীয়া মানুহৰ ওপৰত শোষণ আৰু অত্যাচাৰ বন্ধ কৰিব লাগিব৷

ওদালগুৰি জিলাত জাতিৰ প্রমাণ–পত্রৰ নামত জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া জাতিৰ প্রমাণ–পত্র দিয়াৰ নামতো কোনেও কাকো যাতে হাৰাশাস্তি কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি মিছন ভূমিপুত্রৰ জৰিয়তে অনলাইনযোগে জাতিৰ প্রমাণ–পত্র প্রদানৰ কাম আৰম্ভ কৰিছে৷ ৰাজ্যখনত সকলো চৰকাৰী কামত স্বচ্ছতা আনিবৰ বাবে বিষয়া–কর্মচাৰীৰ লগতে জনসাধাৰণৰো সহযোগিতা লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like