ডিজিটেল ডেস্ক, ১৯ মে’ : নগাঁও জিলাত পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ASTCৰ সমীপৰ দলঙৰ পৰা কলং নদীত পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
জানিব পৰা মতে, ঘটনাৰ পিছতে স্থানীয় লোকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে।
মৃত ছাত্ৰীগৰাকী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। এই অকাল বিয়োগে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।