গুৱাহাটীত আজি বিচিচিআইৰ গুৰুত্বপূর্ণ বৈঠক
ডিজিটেল ডেস্ক, ১৯ মে’ : আফগানিস্তানৰ বিপক্ষে খেলিবলগীয়া একমাত্র টেষ্টখনৰ বাবে ভাৰতীয় দলটো নির্বাচন কৰাৰ লগতে আন কেইবাটাও বিষয়ৰ ওপৰত আজি গুৱাহাটীত অনুষ্ঠিত হ’ব বিচিচিআইৰ গুৰুত্বপূর্ণ বৈঠক৷
ৰাষ্ট্রীয় বাছনি সমিতিৰ বৈঠকত ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়া, মুখ্য নির্বাচক অজিত আগৰকাৰ, বাছনি সমিতি আৰু প্রশিক্ষক গৌতম গম্ভীৰ উপস্থিত থাকিব৷ ৰাষ্ট্রীয় বাছনি সমিতিৰ বৈঠকত কেৱল ভাৰতীয় টেষ্ট দলটো বাছনি কৰাই নহয়, আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্রমণৰ বাবে টি–২০ দলত কোন কোন থাকিব, সেই সন্দর্ভতো বৈঠকত আলোচনা কৰা হ’ব৷
এই বৈঠকখনতে টি–২০ দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ ভৱিষ্যৎ সন্দর্ভতো আলোচনা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ আনহাতে, টেষ্ট দলটোৰ সহঃ অধিনায়ক তথা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টৰ ভৱিষ্যৎ সন্দর্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ সামগ্রিকভাৱে গুৱাহাটীত আজি হ’বলগীয়া বৈঠকখনত ভাৰতৰ টি–২০ আৰু টেষ্ট দলৰ নেতৃত্ব সন্দর্ভত গুৰুত্বপূর্ণ সিদ্ধান্ত আৰু দীর্ঘম্যাদী ৰোডমেপ প্রস্তুত কৰাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে৷