নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পৰা ফাটবিহু : ন-ৰূপত উজলিছে ম’হঘুলি চাপৰি

🎯মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২ মে’ : ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই অহা ১০ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰত উদযাপন কৰা হব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত কৰি অহা ঢকুৱাখনাবাসীৰ আৱেগ, লোক উৎসৱ ফাটবিহু ২০২৪ সফল উদযাপনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে। ঢকুৱাখনাৰ আয়োখৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম’হঘুলি চাপৰিৰ ৩৭ বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক সজাই পৰাই তুলিছে ন-ৰূপত। প্ৰায় ৩০ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি একৈশ খনকৈ উপ-সমিতিৰ বিষয়-ববীয়াই প্ৰস্তুতি চলাইছে ফাটবিহুৰ উদযাপনৰ। ইতিমধ্যে ফাটবিহু ২০২৪ বৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে মুকুল গগৈক সভাপতি,গোবিন বৰুৱা, গুৰু গোবিন্দ দাস, লক্ষ্মীনন্দন শইকীয়াক উপ-সভাপতি ভবেন্দ্ৰজিৎ গগৈক সম্পাদক, নীলিমা চাংমাই, আশিস কুমাৰ দাস আৰু তৰুণ চেতিয়াক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি ১০ মে’ৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু ২০২৪ বৰ্ষৰ তিনিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি মুকুল গগৈয়ে। মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গিৰিন গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’ব মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা। বিয়লি চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। দ্বিতীয় দিনা অৰ্থাৎ ১১ মে’ৰ কাৰ্য্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব গামোচা প্ৰতিযোগিতা। দুপৰীয়া পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি ৰখা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব এন.চি.ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলেৱেই। বিয়লি ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ উন্মোচন। ‘বিহুৱান’ উন্মোচন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি ডা: প্ৰণয় ফুকনে। তৃতীয় দিনা তথা অন্তিম দিনা পুৱা সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। দুপৰীয়া মুকলি বিহু প্ৰতিযোগিতা।ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব লোক সংস্কৃতিৰ সাধক দিগন্ত শইকীয়াই। বিয়লি ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই উদ্বোধন কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুকলি সভাত মন্ত্ৰী ডা: ৰণোজ পেগু, বিমল বৰা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিছাপে অংশগ্ৰহন কৰিব লব। বিহু সম্ৰাট, ঢোলৰ ওজা সোমনাথ বৰাই নিদিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি বিহুপ্ৰেমীক ফাটবিহু উপভোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like