নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ পৃষ্ঠপোষকতাত ধ্বংসৰ গৰাহত দিল্লী সংৰক্ষিত বনাঞ্চল

🔴বহিৰাগত বন মাফিয়াৰ হাতোৰাত বন্দী বৰহাট বন বিষয়া-কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ২ মে’ : যিসময়ত ৰাজ্য চৰকাৰে গছ পুলি ৰোপণ কৰি সেউজীয়া অসম আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে, সেই একে সময়তে চৰাইদেউ জিলাৰ বৰহাট বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিল্লী সংৰক্ষিত বনাঞ্চলত  বনাঞ্চলৰ নিৰাপত্তাৰ বাবে নিয়োজিত এচাম বন বিভাগৰ বিষয়া- কৰ্মচাৰী স্বাৰ্থন্বেষী মনোভাৱৰ বাবেই বন মাফিয়াই দিনে নিশাই অব্যাহত ৰাখিছে বন ধ্বংস ষজ্ঞ। উল্লেখযোগ্য যে চৰাইদেউ জিলাখনত চাৰিখন ক্ৰমে অভয়পুৰ, দিৰৈ ৰাঙলী, সাপেখাতী, আৰু দিল্লী সংৰক্ষিত বনাঞ্চল আছে। ইয়াৰে দিল্লী সংৰক্ষিত বনাঞ্চল উজনি অসমৰ বৃহৎ সংৰক্ষিত বনাঞ্চল বুলি কৱ পাৰি। কিন্তু অতি পৰিতাপৰ বিষয় বৰ্তমান  বনাঞ্চল খন বন মাফিয়াৰ হাতুৰাত পৰি নিশেষৰ দিশে গতি কৰিছে। দিনে নিশাই বনাঞ্চলখনৰ মূল্যবান গছ গছনি একাংশ অবৈধ ব্যৱসায়ীয়ে কাটি তহিলুং কৰিছে। লগতে একাংশ অৰুণাচলীয়ে বনাঞ্চলখনৰ মাটি বেদখল কৰি চাহবাগান খুলি বনাঞ্চলখন সংকোচন কৰি আহিছে যদিও কাৰো কাণসাৰ নাই। অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ গাতে লাগি থকা দিল্লী সংৰক্ষিত বনাঞ্চলখনৰ মাটি কালি প্ৰায় ৮৩০০ হেক্টৰ। এই বনাঞ্চলখনৰ সম্পদ সমূহ ৰক্ষণাবেক্ষণ দিয়াৰ অৰ্থে দিল্লীঘাট, হালোৱা আৰু লেফেৰাত তিনিটাকৈ খণ্ড বন কাৰ্য্যালয় আছে। সেইমৰ্মে অসম চৰকাৰে তিনিওটা বন খণ্ডত বনকৰ্মী নিয়োজিত কৰি আহিছে। তথাপি বন মাফিয়াই দিনে নিশাই কেনেদৰে বনাঞ্চল খনি ধ্বংস ষজ্ঞ চলাইছে সেইয়া এক ডাঙৰ ৰহস্য বিষয়। এটা সময়ত বনাঞ্চল খনত বৃহৎ  বৃহৎ হলং, তিতা চপা, বনচোম, মেকাই, চেগুন, শাল, গন্ধৰ্ব আদি মূল্যবান গছ গছনিয়ে ভৰপূৰ হৈ আছিল। কিন্তু এতিয়া বনাঞ্চলখনত এইসমূহ গছ গছনি দুষ্প্ৰাপ্য। খণ্ড বন কাৰ্য্যালয়ত নামতহে আছে বনকৰ্মীসকল। বৰহাট বন বিষয়াৰ নিদেৰ্শত শুই বহি কটাইছে বন শিবিৰত। উল্লেখ্য যে বনাঞ্চলখনৰ গাতে অৰুণাচলৰ মাটিত আছে চাৰিটাকৈ আছে বৃহৎ বৃহৎ প্লাইউড মিল। জানিব পৰা মতে এই চাৰিটা মিলৰ ভিতৰত তিনিজনৰ পৰিচয় বিজু গুপ্তা, ধনঞ্জয় সিং, দীপক পাটোৱাৰী (তিনিচুকীয়া) আৰু এজন অৰুণাচলৰ ৱাংচু লোকৰ। এই সকল বহিৰাগত বনিয়াৰ হাতৰ মুঠিত বৰহাট বন বিষয়াৰ লগতে হালোৱা, লেফেৰা, দিল্লীঘাট বিট অফিচৰ বিষয়া কৰ্মচাৰী। অসমৰ সীমামূৰীয়া আৰু অৰুণাচল প্ৰদেশৰ বন মাফিয়াৰ লগ হৈ বহিৰাগত ব্যৱসায়ীয়ে চলাই আহিছে বন ধ্বংস ষজ্ঞ। সহজ লভ্য মেচিন কৰতেৰে যধেমধেগছ সমূহ কাটি হাতীৰ সহায়ত দিনে নিশাই অৰুণাচলৰ মিলসমূহলৈ সৰবৰাহ কৰি আহিছে। এটি সূত্ৰৰ মতে বৰহাট বন বিভাগৰ কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে প্ৰতি মাহে এই প্লাইউড মিল কেইটাৰ পৰা লাভ কৰে প্ৰায় এক লাখ টকাকৈ। যাৰফল বনদস্যূসকলে নিৰ্বিঘে গছৰ কুণ্ডা সমূহ অৰুণাচল প্ৰদেশৰ প্লাইউড মিল সমূহলৈ সৰবৰাহ কৰি আহিছে।একেদৰে জিলাখনৰ অভয়পুৰ ,দিৰৈ ৰাঙলী , সাপেখাতী বনাঞ্চলকেইখনতো দিনে নিশাই চলিছে অঘোষিত গছ কটা প্ৰতিযোগিতা। ইয়াৰ সমান্তৰালভাৱে একাংশ অসাধু ব্যৱসায়ীয়ে বনাঞ্চল খনত মেচিন কৰতেৰে গছ সমূহ কাটি সৰু সৰু কৰি জিলাখনত গঢ়ি উঠা অবৈধ কাঠ ফলা মিল সমূহলৈ সৰবৰাহ কৰি আহিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ১০-১৫ টাকৈ অধিক অবৈধ কাঠ ফলা মিল । বন বিষয়া গৰকীয়ে মাহেকীয়া কমিচনৰ বিনিময়ত সকলো দেখিও নেদেখা কুলিৰ ভাওঁ জুৰি আহিছে। দল গঠনে ইয়াৰ প্ৰতিবাদ কৰিলে বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত দুই এজোপা গছৰ কুণ্ডা জব্দ কৰি দায়িত্ব সামৰণি মৰা বুলি অভিযোগ উত্থাপিত হৈছে। নিজকে ধোৱা তুলসী পাত সজোৱলৈ এনেদৰে নামমাত্ৰ অভিযান চলাই বুলি কোৱা লগতে ৰৌ,বৰালি বাচি যায়,পুঠি খলিহনা  জালত পৰে বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।আনহাতে যদিহে উদ্ধৰ্তম কতৃপক্ষই এইসকল বন বিষয়া-কৰ্মচাৰীক নাকি লগাব নোৱাৰিলে, এই সকল লোকৰ হাততেই এদিন বনাঞ্চল সমূহ লুপ্ত হৱ বুলি প্ৰকৃতি প্ৰেমী ৰাইজে মত প্ৰকাশ কৰিছে।
প্ৰেৰক ৰাজীৱ কলিতা
You might also like