নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ পুখুৰীত বন্যহস্তীৰ আর্তনাদ

চৈবাৰীৰ বান্দৰ মাথাৰ পুখুৰীত পুনৰ পৰিল খাদ্য বিচাৰি অহা ছয় বনৰীয়া হাতী

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ চৈবাৰীৰ বান্দৰ মাথাৰ এটা পৰিত্যক্ত পুখুৰীত বিগত ২৪ ঘণ্টাত ১১টাকৈ বন্যহস্তী পৰি ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ কালিকা লগা এই পুখুৰীটোতে বুধবাৰে নিশা বনাঞ্চলৰ পৰা পানী খাবলৈ আহি ৫টাকৈ বন্যহস্তী আবদ্ধ হোৱাৰ পাছত পিছদিনা ৬টাকৈ বন্যহস্তী আবদ্ধ হ’বলগীয়া হয়৷ অৱশ্যে প্রায় ১০ ঘণ্টাৰ অন্তত লক্ষীপুৰ বন বিভাগে এক্সকেভেটৰেৰে উদ্ধাৰ কৰে হাতীকেইটা৷ যোৱানিশা ৯মান বজাত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ ৩০–৩৫টা হাতীৰ জাকটোৰ এটা পোৱালিসহ ৫টা হাতী পানী খাবলৈ আহি চৈবাৰীৰ এটা পুখুৰীত পৰি আবদ্ধ হৈ পৰে৷ পুখুৰীত আবদ্ধ হৈ পৰা বন্যহস্তীকেইটাৰ মৰণকাতৰ চিঞৰ শুনি স্থানীয় ৰাইজে আগবাঢ়ি আহিবলৈ চেষ্টা চলাইছিল যদিও বন্যহস্তীৰ বৃহৎ জাকটো পুখুৰীৰ পাৰতে বিচৰণ কৰি থকাত ৰাইজ আহিব নোৱাৰিলে৷ পাছত নিশাই ৰাইজে বন বিভাগক খবৰ দিয়াত লক্ষীপুৰৰ বন বিভাগে বিভিন্ন অজুহাত দেখাই ৰাইজক আশ্বস্ত কৰে৷

ইফালে,শুকুৰবাৰে পুৱা কিছু পলমকৈ বন বিভাগৰ দল ঘটনাস্থলীলৈ ৰাওনা হয় যদিও পৰিত্যক্ত পুখুৰীটোৰ চৌদিশে ৩০–৩৫টা হাতী বিচৰণ কৰি থকাৰ বাবে আগবাঢ়ি যাব নোৱাৰে৷ পুৱা ১০মান বজাত এখন এক্সকেভেটৰত সাংবাদিকৰ লগতে বন বিভাগৰ ৩জন কর্মীয়ে কিছু সাহস গোটাই পুখুৰীটোৰ পিনে গতি কৰে৷ বন্যহস্তীৰ জাকটো এক্সকেভেটৰখনক লক্ষ্য কৰি দূৰৈৰ পৰাই খেদি আহে যদিও প্রায় ৫জজাই শূন্যলৈ গুলীচালনা কৰে বন বিভাগে৷ পাছত বন্যহস্তীকেইটা সেই স্থানৰ পৰা আঁতৰি যোৱাত দুখনকৈ এক্সকেভেটৰৰ সহায়ত উদ্ধাৰকার্য আৰম্ভ হয়৷ প্রথমে পুখুৰীটোৰ পাৰ খান্দি দিয়ে যদিও বন্যহস্তীকেইটাই বহু চেষ্টা কৰিও ওপৰলৈ উঠিব নোৱাৰে৷ অৱশেষত প্রায় ১ ঘণ্টা চেষ্টাৰ অন্তত প্রথম অৱস্থাত ৫টা হাতী পাৰলৈ উঠি যায় যদিও শেষত থকা পোৱালি হাতীটো বহু সময় চেষ্টা কৰিও পাৰলৈ উঠিব পৰা নাছিল৷ প্রাণৰ মমতাত জীৱনৰক্ষাৰ যি যুঁজ সেই দৃশ্যই মর্মাহত কৰে সকলোকে৷ অৱশেষত বহু চেষ্টাৰ অন্তত পাৰলৈ উঠি নাতি–দূৰৈত থকা মাকৰ কাষলৈ দৌৰ মাৰি গুচি যায়৷

You might also like