নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণাংগনত মুখ্যমন্ত্রী : মাজুলীত ৮ সহস্রাধিক লোকৰ সৈতে ১৫ কিঃমিঃ চাইকেল ৰেলী

🔹 পুষ্পবৃষ্টি–গামোচা পিন্ধাই যাত্রাপথত মুখ্যমন্ত্রীক বিপুল আদৰণি মাজুলীবাসীৰ

বিশেষ বাৰ্তা, ১ এপ্রিল : লোকসভা নির্বাচনৰ বাবে ‘ৰণলৈ ওলোৱা’ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মাজুলীত ৰণাংগনত নামি পৰিল৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰি চুকলৈকে প্রায় ১৫ কিলোমিটাৰ পথ আঠ সহস্রাধিক লোকৰ সৈতে চাইকেল ৰেলী কৰি নির্বাচনী ৰণডংকা বজায়৷ এই সমগ্র পথছোৱাত ১০০ মিটাৰ, ২০০ মিটাৰ আঁতৰে আঁতৰে জনসাধাৰণে হিলদল ভাঙি মুখ্যমন্ত্রী ড০ শর্মাক পুষ্পবৃষ্টি, গামোচা পিন্ধাই বিপুলভাৱে আদৰণি জনায়৷ বিশেষকৈ গড়মূৰ সত্র, বৰবাৰী তিনিআলি, খাৰজানপাৰা, মহকিনা, বৰগঞা, কাকৰিকটা, পহুমৰা, বালিচাপৰি তিনিআলি, গুৱাল গাঁও আদি স্থানত স্থানীয় ৰাইজে মুখ্যমন্ত্রীক চেলেং, গামোচা, পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে অঞ্চলসমূহৰ অভাৱ–অভিযোগ সম্পর্কেও অৱগত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মায়ো ঠায়ে ঠায়ে ৰৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷ উল্লেখ্য যে আজি মাজুলীত নির্বাচনী ৰণডংকা বজোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লিয়েই মাজুলীত উপস্থিত হয়৷ কালিয়েই মুখ্যমন্ত্রী ড০ শর্মাই নির্মীয়মাণ যোৰহাট মাজুলী সংযোগী দলং আৰু লখিমপুৰ মাজুলী সংযোগী দলং পৰিদর্শন কৰি নিশাটো মাজুলীৰ আলিমূৰস্থিত পর্যটন বিভাগৰ অতিথিশালাত কটায়৷ আজি পুৱা ১১ বজাত প্রতিকূল বতৰৰ মাজতে চাইকেল ৰেলীত অংশগ্রহণৰ বাবে মাজুলীৰ গড়মূৰস্থিত মিনি ষ্টেডিয়ামত উপস্থিত হয়৷ ৰেলী আৰম্ভ কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে মাজুলী–যোৰহাট সংযোগী দলং আৰু মাজুলী–লখিমপুৰ সংযোগী চেলেক ধূনাগুড়ি দলঙৰ নির্মাণকার্য পৰিদর্শন কৰি তেওঁ যথেষ্ট আনন্দিত হৈ পৰিছে৷ ২০২৪ বর্ষৰ ডিচেম্বৰ মাহত চেলেক ধূনাগুড়ি দলঙৰ চেলেক অংশটো মুকলি কৰি দিয়া হ’ব৷ ২০২৫ বর্ষৰ শেষৰ ফালে চেলেক ধূনাগুড়ি দলঙৰ ধূনাগুড়ি অংশটোও সম্পূর্ণ হৈ উঠিলে লখিমপুৰ–মাজুলীক সংযোগ কৰা চেলেক ধূনাগুড়ি দলংখন সেই বর্ষতে মুকলিৰ চেষ্টা কৰা হ’ব৷ যোৰহাট–মাজুলী সংযোগী দলংখনো বানপানীয়ে সমস্যাৰ সৃষ্টি নকৰিলে ২০২৬ বর্ষৰ বিধানসভা নির্বাচনৰ আগেয়ে সম্পূর্ণ কৰাৰ চেষ্টা থাকিব৷ দলং দুখন হৈ যোৱাৰ পিছতেই মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথাও চিন্তা কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসভা নির্বাচনৰ পিছতেই আমাৰ আৰু বহুত কাম কৰিবলগীয়া আছে৷ নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাৰ কাৰণে মাজুলীৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ বিপ্লৱ হৈছে৷ নৰেন্দ্র মোদীক যদি দেশৰ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী কৰিব পাৰোঁ আমাৰ অসমখনক ভাৰতৰ এখন সর্বশ্রেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰিম৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সদনত আমাক নৰেন্দ্র মোদীৰ সপক্ষে কথা ক’ব পৰা মানুহহে লাগে৷ নৰেন্দ্র মোদীৰ বিপক্ষে কথা কোৱা মানুহ আমাক নালাগে৷ আমাক এনেকুৱা এজন প্রতিনিধি লাগিব, যিগৰাকীয়ে নৰেন্দ্র মোদীৰ ওচৰত মাজুলীৰ সমস্যা সমাধান কৰাৰ বাবে ক’ব পাৰিব৷ যিজন সাংসদ নির্বাচিত হৈ সদনত দিনে–ৰাতিয়ে নৰেন্দ্র মোদীক গালি–গালাজ কৰি থাকে, তেতিয়া মাজুলীৰ উন্নয়ন হ’ব নেকি বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাক এনেকুৱা এজন সাংসদ লাগে, যিগৰাকীয়ে নৰেন্দ্র মোদীকো প্রেৰণা যোগাব আৰু অসম চৰকাৰকো সহায়–সহযোগিতা কৰিব৷ যেতিয়া কেন্দ্রীয় চৰকাৰ এটা ইঞ্জিন, ৰাজ্য চৰকাৰ এটা ইঞ্জিন, সাংসদ এটা ইঞ্জিন, বিধায়ক এটা ইঞ্জিন- মুঠ চাৰিটা ইঞ্জিনে একেলগে টানি লৈ যাব তেতিয়া ট্রেইনখন ধুনীয়াকৈ চলিব৷ কিন্তু যদি মই ট্রেইনখন পূবৰ ফালে টানিছোঁ, কংগ্রেছে পশ্চিমৰ ফালে টানি আছে, তেতিয়া কিবা উন্নয়ন হ’ব নেকি? এজন মানুহক আগফালৰ পৰাও যদি টানে, পিছফালৰ পৰাও যদি টানে, তেন্তে য’তেই থাকে, তাতেই থাকি যাব৷ যোৱা ৭৫ বছৰে মাজুলীৰ এনেকুৱাই অৱস্থা আছিল৷ এতিয়া অন্ততঃ ২০১৪ চনৰ পিছত মাজুলীক পিছত টনা মানুহ নাই৷ সকলোৱে আগফালে টানি আছে৷

সেই কাৰণে কোনেও যাতে মাজুলীক পিছফালে টনা মানুহক ভোট নিদিয়ে৷ পিছফালে টানি দিলে আমি যিমান আগবাঢ়িছিলোঁ সিমান পিছুৱাই যাম৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই লুডুৰ সাপ খেলৰ ৯৯ত গুটিটো পৰাৰ পিছতেই তললৈ নামি অহাৰ উদাহৰণ দি কয় যে মাজুলী এতিয়া ১০০ পাৰ কৰি আগুৱাই যাব লাগে৷ সাপে খোৱা কাৰবাৰটো কৰিব নালাগে৷ দলং পাৰ কৰি মেডিকেল কলেজলৈকে যাব লাগে৷ গতিকে সাপে খোৱা পার্টী বাদ, বিকাশ আৰু উন্নয়নৰ পার্টী আগ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাত শক্তিশালী হ’লে অসমৰো বিকাশ হ’ব আৰু মাজুলীৰো বিকাশ হ’ব৷ সত্র–সংস্কৃতিৰ পৱিত্র স্থান মাজুলীৰ আজি চাইকেল ৰেলীৰ কথা সমগ্র বিশ্বই জানিব৷ এই ৰেলী যোৰহাটৰ বাবে নহয়, এই ৰেলী দেশৰ বাবে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই চাইকেল ৰেলীৰ প্রাকক্ষণত বৃষ্টি বর্ষণ সন্দর্ভত কয় যে মাজুলীৰ বৰষুণতো ভগৱানৰ আশীর্বাদ আছে৷ মিলনৰ ভূমি মাজুলীৰ আশীর্বাদে নৰেন্দ্র মোদীকো দেশৰ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পাতিব৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই মন্ত্রী ডাঃ ৰণোজ পেগু, বিজেপিৰ ৰাজ্যিক যুৱ মর্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাসহিতে এখন ২২ ইঞ্চিৰ হিৰো চাইকেলেৰে আঠ সহস্রাধিক লোকৰ সৈতে নামনি মাজুলীৰ মহৰি চুক অভিমুখে ৰেলী আৰম্ভ কৰে৷ সুদীর্ঘ ১৫ কিলোমিটাৰজোৰা চাইকেল ৰেলীৰে মুখ্যমন্ত্রী ড০ শর্মা নামনি মাজুলীৰ মহৰি চুকত উপস্থিত হয়৷ তাত মাজুলীৰ বিধায়ক ভুবন গাম, বিজেপিৰ কার্যকর্তা, মিত্রদল অগপ–গণশক্তিৰ নেতা–কর্মীৰ উপস্থিতিত মহৰি চুকস্থিত নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ খেলপথাৰত ৰাইজক উদ্দেশ্যি দিয়া চমু ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি পুষ্পবৃষ্টিৰে চাইকেল ৰেলী আৰম্ভ কৰিছিলোঁ আৰু এক শুভ বাতাৱৰণৰ মাজত পৰিসমাপ্তি ঘটাইছোঁ৷ এক সুদীর্ঘ পথ অতিক্রম কৰা সময়ছোৱাত বিভিন্ন স্থানত ৰৈ থকা আই–মাতৃ, সুহূদসকলে মোক বহুতো মৰম দিলে৷ তাৰ পৰা অনুভৱ হয় মাজুলীৰ ৰাইজ নৰেন্দ্র মোদীৰ লগত আছে আৰু আমি মাজুলীৰ পৰা বিৰোধীক বহু ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হ’ম৷ সমগ্র অসমত আমি এক অভূতপূর্ব সফলতা দেখুৱাম৷ আজিৰে পৰা আমাৰ আনুষ্ঠানিক প্রচাৰ কার্য সত্র নগৰী মাজুলীৰ পৰা আৰম্ভ হৈছে৷ কাইলৈ ডিফু আৰু গোলাঘাটলৈ যাম৷ আজি মাজুলীত চাইকেল চলোৱাৰ দৰে অহা ১৭ তাৰিখলৈকে কমেও ১০টা স্থানত চাইকেল ৰেলীৰে নির্বাচনী প্রচাৰ চলাম বুলি মই স্থিৰ কৰিছোঁ৷ চাইকেল চলাই গ’লে সর্বসাধাৰণ ৰাইজক নিচেই কাষৰ পৰা লগ পোৱা যায় আৰু তেওঁলোকৰ অভাৱ–অভিযোগৰো বুজ ল’ব পাৰি৷ মাজুলীৰ মেডিকেল কলেজ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ প্রতিখন জিলাতেই একোখনকৈ মেডিকেল কলেজ স্থাপনৰ চিন্তাৰে চৰকাৰ আগবাঢ়িছে৷ যোৰহাট–মাজুলী আৰু চেলেক– ধূনাগুড়িত নির্মীয়মাণ দলং দুখন সম্পূর্ণ হোৱাৰ পাছতে বহু চাপৰি থাকি যাব৷ সেইসমূহ চাপৰিৰ ৰোগীৰ সুবিধা হোৱাকৈ চাই মাজুলীত এখন সম্পূর্ণ মেডিকেল কলেজ স্থাপনৰ চিন্তা কৰি থকা হৈছে, য’ত প্রাকৃতিক চিকিৎসা, আয়ুর্বেদিক আৰু এল’পেথিক চিকিৎসা সেৱাৰ ব্যৱস্থাৰ সুবিধা উপলব্ধ হ’ব৷ ইতিমধ্যে এনেধৰণৰ মেডিকেল কলেজ মাজুলীত স্থাপনৰ বাবে এখন কনচেপ্ট পেপাৰ তৈয়াৰ কৰিবলৈ বিভাগক দায়িত্ব দিয়া হৈছে৷ প্রায় ছমাহৰ ভিতৰত এইখন সম্পূর্ণ হৈ উঠিব৷ তাৰ পিছতেই মই মাজুলীবাসী ৰাইজৰ লগত এই সম্পর্কত আলোচনা কৰিম৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এইবাৰ চৰকাৰে ৰেচন কার্ড থকা প্রতিটো পৰিয়ালকে অৰুণোদয় আঁচনি, পৰিয়ালৰ মুৰব্বীজনক জীৱন বীমা কৰোৱাৰ সিদ্ধান্ত, মেট্রিক–উচ্চতৰ মাধ্যমিক–স্নাতক উত্তীর্ণ ছাত্রীক বিনামূলীয়া নামভর্তিৰ উপৰি ক্রমে ১০ হাজাৰ, ১২,৫০০ টকা আৰু ২৫ হাজাৰ টকাকৈ ছাত্রীসকলৰ বেংক একাউণ্টত দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে, এইবাৰ লোকসভা নির্বাচনত যোৰহাটত দলীয় প্রার্থী তপন কুমাৰ গগৈয়ে তিনি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজুলীত ৬০ হাজাৰ ভোটত লীড দিয়া হ’ব৷ তিতাবৰতো বিজেপিয়ে ৩০ হাজাৰ ভোটত লীড পাব৷ সমষ্টি পুনৰ নির্ধাৰণৰ পিছত তিতাবৰ সমষ্টিতো বহুখিনি সলনি হৈছে৷ প্রায় ৬০ হাজাৰ চাহ বাগানৰ ভোটাৰ তাত সন্নিৱিষ্ট হৈছে৷ পূর্বৰ যোৰহাটৰ সাধাৰণ ভোটাৰৰ এটা অংশ তিতাবৰৰ লগত সংযোগ হৈছে আৰু তিতাবৰৰ এটা অংশ গোলাঘাট সমষ্টিত অন্তর্ভুক্ত হৈছে৷ সেয়ে এইবাৰ তিতাবৰত বিজেপিয়ে সৰহসংখ্যক ভোট লাভ কৰাটো নিশ্চিত৷ ৰেলীৰ শেষত মহৰি চুকতেই মুখ্যমন্ত্রী ড০ শর্মাই দুপৰীয়াৰ আহাৰ গ্রহণ কৰি মাজুলীৰ পৰা গুৱাহাটীলৈ ৰাওনা হয়৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like