নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ ক্রিকেটত ৩০০টা চিকাৰ মাহীৰ

🔹 বিশ্বৰ প্রথম উইকেটকীপাৰৰ কৃতিত্ব ধোনীৰ

বিশেষ বাৰ্তা, ১ এপ্রিল : টি–২০ ক্রিকেটত ৩০০টা চিকাৰ কৰি বিশ্বৰ প্রথমগৰাকী উইকেটকীপাৰ হিচাপে নজিৰ গঢ়িলে টীম ইণ্ডিয়া আৰু চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ দেওবাৰে বিশাখাপট্টনমত খেলা আইপিএলৰ মেচখনত এই নজিৰ গঢ়ে ধোনীয়ে৷ মেচখনত দিল্লী কেপিটেলছৰ পৃথ্বি শ্বৰ কেচ ধৰি টি–২০ ক্রিকেটত ৩০০টা চিকাৰ কৰে৷ ৪২ বছৰীয়া ধোনীৰ এই ৩০০টা চিকাৰৰ ভিতৰত আছে ২১৩টা কেচ আৰু ৮৭টা ষ্টাম্পিং৷ ধোনীৰ পিছতে স্থান লাভ কৰি আছে পাকিস্তানৰ প্রাক্তন উইকেটকীপাৰ কামৰান আকমলে৷ আকমলে ১৭২টা কেচ আৰু ১০২টা ষ্টাম্পিংসহ মুঠ ২৭৪টা চিকাৰ কৰে৷ আনহাতে, তৃতীয় স্থানত আছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু তথা টীম ইণ্ডিয়াৰ প্রাক্তন উইকেটকীপাৰ দিনেশ কার্তিক৷ কার্তিকে এতিয়ালৈকে ২৭৪জন বেটাৰক পেভিলিয়নৰ পথ দেখুৱায়৷ কার্তিকৰ এই ২৭৪টা চিকাৰৰ ভিতৰত আছে ২০৭টা কেচ আৰু ৬৭টা ষ্টাম্পিং৷ ২৭০টা চিকাৰ কৰি দক্ষিণ আফ্রিকাৰ কুইণ্টন ডি ক’কে চতুর্থ আৰু ইংলেণ্ডৰ জছ বাটলাৰে ২০৯টা চিকাৰ কৰি পঞ্চম স্থানটো অধিকাৰ কৰি আছে৷ ইপিনে, চেন্নাই ছুপাৰ কিংছৰ ধোনীয়ে টি–২০ ক্রিকেটত আন এক নজিৰ গঢ়ে৷ ক্রিকেটত হ্রস্ব সংস্কৰণত উইকেটকীপাৰ হিচাপে ৭ হাজাৰ ৰান সম্পূর্ণ কৰি ভাৰতৰ প্রথমগৰাকী উইকেটকীপাৰ হিচাপে নজিৰ গঢ়ে৷ দেওবাৰে দিল্লী কেপিটেলছৰে খেলা মেচখনত ১৬টা বলত ৩৭ ৰান কৰি এই গৌৰৱ অর্জন কৰে ধোনীয়ে৷

You might also like