নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰাম আঞ্চলিক ৫৬সংখ্যক ৰঙালী বিহুৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা,  ২৭ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ অধীনৰ ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক খেলপথাৰত যোৱা ২৪ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ফকিৰাগ্ৰাম আঞ্চলিক ৫৬সংখ্যক ৰঙালী বিহু অনুষ্ঠান । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ফকিৰাগ্ৰাম আঞ্চলিক ৫৬সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ডা: মাণিক বৰুৱাই । ইয়াৰ পিছত শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদি অনুষ্ঠানৰ লগতে খেল-ধেমালি, কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি আদি অনুষ্ঠানো অনুষ্ঠিত হয় । দ্বিতীয় দিনা অনুষ্ঠিত কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰা বিহু দলৰ দ্বাৰা মুকলি বিহু অনুষ্ঠান । তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি, পুৱাৰ ভাগত অনুষ্ঠিত কৰে এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা । উক্ত সাংস্কৃতিক শোভাযাত্ৰাত বড়ো, কোচ ৰাজবংশী , নাথ যোগী আদিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পিছত সন্ধিয়া বিহু উদযাপন সমিতিয়ে প্ৰকাশ কৰা পেপা নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শক্তি আশ্ৰম স্বামী যোগা নন্দগিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ পৰেশ চন্দ্ৰ ৰায়ে । সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । ইয়াৰ পিছত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী ৰূপালী কাশ্যপ, সুবাংগী কাশ্যপৰ লগতে শিশুশিল্পী নিতুমণি বৰ্মনৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানতেই বিহু উদযাপন সমিতিৰ সভাপতি ড০ মাণিক বৰুৱাই বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে কৃতজ্ঞতা জনায় ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like